--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযুক্ত যুৱক শ্বাহিন আহমেদে কিশোৰীগৰাকীক ঘৰৰ পৰা পলুৱাই লৈ যাবলৈ চেষ্টা কৰিছিল। কিন্তু কিশোৰীগৰাকীয়ে তেওঁৰ সৈতে পলাই যাবলৈ সম্পূৰ্ণৰূপে অমান্তি হয়। কিশোৰীগৰাকীৰ বয়স আছিল ১৭ বছৰ।

ডিজিটেল ডেস্ক: হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত পুৱ জাৰুণীত এক অত্যন্ত বেদনাদায়ক তথা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এজন ভণ্ড প্ৰেমিকৰ ব্লেকমেইলিঙৰ বলি হৈ এগৰাকী নাবালিকাই বিষাক্ত কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


স্থানীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, অভিযুক্ত যুৱক শ্বাহিন আহমেদে কিশোৰীগৰাকীক ঘৰৰ পৰা পলুৱাই লৈ যাবলৈ চেষ্টা কৰিছিল। কিন্তু কিশোৰীগৰাকীয়ে তেওঁৰ সৈতে পলাই যাবলৈ সম্পূৰ্ণৰূপে অমান্তি হয়। কিশোৰীগৰাকীৰ বয়স আছিল ১৭ বছৰ।


পলাই যাবলৈ অস্বীকাৰ কৰাৰ পিছৰে পৰাই ভণ্ড প্ৰেমিক শ্বাহিনে কিশোৰীগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰা আৰম্ভ কৰে। আনকি তেওঁলোকৰ কিছুমান অন্তৰংগ মুহূৰ্তৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ তীব্ৰ ভাবুকিও প্ৰদান কৰে যুৱকজনে।


প্ৰেমিকৰ এনে ব্লেকমেইলিং আৰু সামাজিক মৰ্যাদা হানি হোৱাৰ ভয়তে দিশহাৰা হৈ কিশোৰীগৰাকীয়ে অৱশেষত কীটনাশক দ্ৰব্য সেৱন কৰি চৰম পথ বাচি লয়। কিন্তু মৃত্যুৰ ঠিক পূৰ্বমুহূৰ্তত, চিকিৎসাধীন অৱস্থাত কিশোৰীগৰাকীয়ে তেওঁৰ পৰিয়ালৰ লোকৰ সন্মুখত প্ৰেমিক শ্বাহিন আহমেদে কৰা সকলো অত্যাচাৰ আৰু ব্লেকমেইলিঙৰ কথা ভাঙি পাতি কয়।


কিশোৰীগৰাকীৰ মৃত্যুৰ পিছতেই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে ক্ষোভৰ জুই জ্বলি উঠিছে। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছত মোৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভুক্তভোগী পৰিয়ালে অভিযুক্ত যুৱকজনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান