--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযুক্ত যুৱক শ্বাহিন আহমেদে কিশোৰীগৰাকীক ঘৰৰ পৰা পলুৱাই লৈ যাবলৈ চেষ্টা কৰিছিল। কিন্তু কিশোৰীগৰাকীয়ে তেওঁৰ সৈতে পলাই যাবলৈ সম্পূৰ্ণৰূপে অমান্তি হয়। কিশোৰীগৰাকীৰ বয়স আছিল ১৭ বছৰ।

ডিজিটেল ডেস্ক: হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত পুৱ জাৰুণীত এক অত্যন্ত বেদনাদায়ক তথা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এজন ভণ্ড প্ৰেমিকৰ ব্লেকমেইলিঙৰ বলি হৈ এগৰাকী নাবালিকাই বিষাক্ত কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


স্থানীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, অভিযুক্ত যুৱক শ্বাহিন আহমেদে কিশোৰীগৰাকীক ঘৰৰ পৰা পলুৱাই লৈ যাবলৈ চেষ্টা কৰিছিল। কিন্তু কিশোৰীগৰাকীয়ে তেওঁৰ সৈতে পলাই যাবলৈ সম্পূৰ্ণৰূপে অমান্তি হয়। কিশোৰীগৰাকীৰ বয়স আছিল ১৭ বছৰ।


পলাই যাবলৈ অস্বীকাৰ কৰাৰ পিছৰে পৰাই ভণ্ড প্ৰেমিক শ্বাহিনে কিশোৰীগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰা আৰম্ভ কৰে। আনকি তেওঁলোকৰ কিছুমান অন্তৰংগ মুহূৰ্তৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ তীব্ৰ ভাবুকিও প্ৰদান কৰে যুৱকজনে।


প্ৰেমিকৰ এনে ব্লেকমেইলিং আৰু সামাজিক মৰ্যাদা হানি হোৱাৰ ভয়তে দিশহাৰা হৈ কিশোৰীগৰাকীয়ে অৱশেষত কীটনাশক দ্ৰব্য সেৱন কৰি চৰম পথ বাচি লয়। কিন্তু মৃত্যুৰ ঠিক পূৰ্বমুহূৰ্তত, চিকিৎসাধীন অৱস্থাত কিশোৰীগৰাকীয়ে তেওঁৰ পৰিয়ালৰ লোকৰ সন্মুখত প্ৰেমিক শ্বাহিন আহমেদে কৰা সকলো অত্যাচাৰ আৰু ব্লেকমেইলিঙৰ কথা ভাঙি পাতি কয়।


কিশোৰীগৰাকীৰ মৃত্যুৰ পিছতেই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে ক্ষোভৰ জুই জ্বলি উঠিছে। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছত মোৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভুক্তভোগী পৰিয়ালে অভিযুক্ত যুৱকজনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী