--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনী! ভাৰতীয় ক্ৰিকেটৰ এক উজ্জ্বল নক্ষত্ৰ৷পুনৰ প্ৰেক্ষাপটত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কজন৷ দীপাৱলীৰ পূৰ্বে ষ্টেট বেংক অৱ ইণ্ডিয়াই ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰাক্তন জাতীয় ক্ৰিকেট দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছে। দেওবাৰে ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটোৱে মহেন্দ্ৰ সিং ধোনীক এম্বেছাদৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। এছ বি আইৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে এম এছ ধোনীয়ে বিপণন আৰু বিজ্ঞাপনৰ ভূমিকা পালন কৰিব।

এছ বি আইৰ অধ্যক্ষ দীনেশ খৰাই কয় যে এম এছ ধোনীক এছ বি আইৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে অন্তৰ্ভুক্ত কৰি আমি অতি সুখী। তেওঁ কয় যে এছ বি আইৰ সৈতে ধোনীৰ সংযোগে আমাৰ ব্ৰেণ্ডক এক নতুন ৰূপ দিব।আমাৰ লক্ষ্য হৈছে বিশ্বাস, সততা আৰু অটল নিষ্ঠাৰে জাতি আৰু আমাৰ গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ আমাৰ দায়বদ্ধতা শক্তিশালী কৰা।

উল্লেখ্য যে সম্পত্তি, জমা ধন, শাখা, গ্ৰাহক আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংক হৈছে সৰ্ববৃহৎ বাণিজ্যিক বেংক। ইয়াৰ উপৰিও ই দেশৰ সৰ্ববৃহৎ ঋণদাতা, যিয়ে এই পৰ্যন্ত ৩০ লাখৰো অধিক ভাৰতীয় পৰিয়ালৰ ঘৰ ক্ৰয়ৰ সপোন পূৰণ কৰিছে। বেংকটোৰ হোম লোন পৰ্টফলিঅ’ ৬.৫৩ লাখ কোটিতকৈও অধিক।

২০২৩ চনৰ জুন মাহলৈকে বেংকৰ জমা ধন ৪৫.৩১ লাখ কোটি টকা আৰু CASA ৰেচিঅ’ ৪২.৮৮ শতাংশ। হোম লোন আৰু অটোমোবাইল লোনত এছবিআইৰ বজাৰ অংশীদাৰিত্ব ক্ৰমে ৩৩.৪ শতাংশ আৰু ১৯.৫ শতাংশ। ভাৰতৰ ভিতৰতে এছবিআইৰ সৰ্ববৃহৎ নেটৱৰ্ক আছে৷এছবিআইৰ ২২,৪০৫ টা শাখা আৰু ৬৫,৬২৭ টা এ টি এম বা এ ডি ডব্লিউ এমৰ সৈতে ৭৮,৩৭০ টা বি চি আউটলেট আছে। ইণ্টাৰনেট বেংকিং আৰু মোবাইল বেংকিং ব্যৱহাৰ কৰা গ্ৰাহকৰ সংখ্যা ক্ৰমে ১১.৭ কোটি আৰু ৬৪ নিযুত।

ডিজিটেল ঋণ দিয়াৰ ক্ষেত্ৰত দেশৰ ৰাজহুৱা খণ্ডৰ বেংকটোৱে YONOৰ জৰিয়তে ৫,৪২৮ কোটি টকাৰ অনুমোদন জনাইছে। ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ সময়ছোৱাত সকলো বেংকৰ ভিতৰত ফেচবুক আৰু এক্সত অনুগামীৰ সংখ্যা সৰ্বাধিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ