--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনী! ভাৰতীয় ক্ৰিকেটৰ এক উজ্জ্বল নক্ষত্ৰ৷পুনৰ প্ৰেক্ষাপটত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কজন৷ দীপাৱলীৰ পূৰ্বে ষ্টেট বেংক অৱ ইণ্ডিয়াই ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰাক্তন জাতীয় ক্ৰিকেট দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছে। দেওবাৰে ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটোৱে মহেন্দ্ৰ সিং ধোনীক এম্বেছাদৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। এছ বি আইৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে এম এছ ধোনীয়ে বিপণন আৰু বিজ্ঞাপনৰ ভূমিকা পালন কৰিব।


এছ বি আইৰ অধ্যক্ষ দীনেশ খৰাই কয় যে এম এছ ধোনীক এছ বি আইৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে অন্তৰ্ভুক্ত কৰি আমি অতি সুখী। তেওঁ কয় যে এছ বি আইৰ সৈতে ধোনীৰ সংযোগে আমাৰ ব্ৰেণ্ডক এক নতুন ৰূপ দিব।আমাৰ লক্ষ্য হৈছে বিশ্বাস, সততা আৰু অটল নিষ্ঠাৰে জাতি আৰু আমাৰ গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ আমাৰ দায়বদ্ধতা শক্তিশালী কৰা।


উল্লেখ্য যে সম্পত্তি, জমা ধন, শাখা, গ্ৰাহক আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংক হৈছে সৰ্ববৃহৎ বাণিজ্যিক বেংক। ইয়াৰ উপৰিও ই দেশৰ সৰ্ববৃহৎ ঋণদাতা, যিয়ে এই পৰ্যন্ত ৩০ লাখৰো অধিক ভাৰতীয় পৰিয়ালৰ ঘৰ ক্ৰয়ৰ সপোন পূৰণ কৰিছে। বেংকটোৰ হোম লোন পৰ্টফলিঅ’ ৬.৫৩ লাখ কোটিতকৈও অধিক।


২০২৩ চনৰ জুন মাহলৈকে বেংকৰ জমা ধন ৪৫.৩১ লাখ কোটি টকা আৰু CASA ৰেচিঅ’ ৪২.৮৮ শতাংশ। হোম লোন আৰু অটোমোবাইল লোনত এছবিআইৰ বজাৰ অংশীদাৰিত্ব ক্ৰমে ৩৩.৪ শতাংশ আৰু ১৯.৫ শতাংশ। ভাৰতৰ ভিতৰতে এছবিআইৰ সৰ্ববৃহৎ নেটৱৰ্ক আছে৷এছবিআইৰ ২২,৪০৫ টা শাখা আৰু ৬৫,৬২৭ টা এ টি এম বা এ ডি ডব্লিউ এমৰ সৈতে ৭৮,৩৭০ টা বি চি আউটলেট আছে। ইণ্টাৰনেট বেংকিং আৰু মোবাইল বেংকিং ব্যৱহাৰ কৰা গ্ৰাহকৰ সংখ্যা ক্ৰমে ১১.৭ কোটি আৰু ৬৪ নিযুত।


ডিজিটেল ঋণ দিয়াৰ ক্ষেত্ৰত দেশৰ ৰাজহুৱা খণ্ডৰ বেংকটোৱে YONOৰ জৰিয়তে ৫,৪২৮ কোটি টকাৰ অনুমোদন জনাইছে। ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ সময়ছোৱাত সকলো বেংকৰ ভিতৰত ফেচবুক আৰু এক্সত অনুগামীৰ সংখ্যা সৰ্বাধিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ