--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শুকুৰবাৰে আই পি এলত চি এছ কে আৰু হায়দৰাবাদৰ মাজত এখন খেল অনুষ্ঠিত হয়। এই খেলত হায়দৰাবাদে ৫ উইকেটত জয়লাভ কৰে। ইয়াৰ লগে লগে দলটোৰ অন্যতম শ্ৰেষ্ঠ বলাৰ মহম্মদ ছামীয়ে ইতিহাসত নিজৰ নাম সন্নিবিষ্ট কৰিছে।প্ৰথম বলত ৰছিদৰ উইকেট দখল কৰি খেলুৱৈগৰাকীয়ে নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হয়।

আই পি এলত প্ৰথম বলত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হৈ পৰিছে তেওঁ। এই পৰ্যন্ত আই পি এলৰ এখন খেলৰ প্ৰথম বলত চাৰিবাৰকৈ এটা উইকেট দখল কৰিছে ছামীয়ে। ২০১৪, ২০২২, ২০২৩ আৰু এতিয়া ২০২৫ চনত খেলখনৰ প্ৰথমটো বলত এটা উইকেট দখল কৰিছে খেলুৱৈগৰাকীয়ে।

এই তালিকাত আৰু দুজন ভাৰতীয় বলাৰৰ নাম সন্নিবিষ্ট কৰা হৈছে। য’ত ভুৱনেশ্বৰ কুমাৰে এই কৃতিত্ব দুবাৰকৈ অৰ্জন কৰিছে। ২০১৩ চনত কুছাল পেৰেৰা আৰু ২০২৩ চনত প্ৰভসীমৰণ সিঙৰ উইকেট লয় ভুৱনেশ্বৰ কুমাৰে ।আনহাতে উমেশ যাদৱেও এই কৃতিত্ব দুবাৰ অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে ২০১৭ চনত ক্ৰীছ গেইল আৰু ২০১৮ চনত সূৰ্য্যকুমাৰ যাদৱক আউট কৰিছিল।ইয়াৰ বাহিৰেও নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্টে দুবাৰকৈ উইকেট দখল কৰিছিল। ২০২৩ চনত বিৰাট কোহলী আৰু ২০২০ চনত মাৰ্কাছ ষ্ট’ইনিছক আউট কৰিছিল খেলুৱৈগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ