--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইংলেণ্ডৰ মাটিত আসন্ন ৫খনীয়া টেস্ট শৃংখলাৰ বাবে শুভমন গীলৰ নেতৃত্বত ভাৰতীয় দলটো শনিবাৰে ঘোষণা কৰে বিচি চি আয়ে।

 ইংলিছ বাহিনীৰ বিৰুদ্ধে আগন্তুক শৃংখলাত যশস্বী জয়ছোৱালৰ সৈতে অপৈনিঙত নামিব লোকেশ ৰাহুল। ক্রিকেট সংক্রান্তীয় এটা ৱেবছাইটৰ খবৰ অনুসৰি লোকেশ ৰাহুলক ইতিমধ্যেই গম্ভীৰে জনাই দিছে যে তেওঁ ইংলেণ্ডৰ মাটিত অ'পেনিঙত নামিব লাগিব। 

লোকেশে অ'পেনিঙত নমাৰ অৰ্থ হ'ব শুভমন গীলে ৪ নম্বৰত বেট ধৰিব। দলৰ সহঃ অধিনায়ক হ'ল ঋষভ পন্ট। ইফালে, ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ কেউখন খেলত খেলিব নোৱাৰিব বেগী বলাৰ যশপ্রীত বুমৰাহে। 

নির্বাচন কমিটীৰ অধ্যক্ষ অজিত আগৰকাৰে কয় যে বুমৰাহে তিনি-চাৰিখন টেষ্টত খেলিব পাৰে। বেগী বলাৰগৰাকীয়ে যিকেইখন টেষ্টত খেলিব, তেৱেঁই হ'ব দলৰ সম্পদ। উল্লেখযোগ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলা ২০ জুনত আৰম্ভ হ'ব।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত