--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিয়াৰ পাছতো দুই পতি-পত্নীয়ে অতি সুখেৰে দিন নিয়াইছিল। নাছিল একো সংঘাত, কিন্তু বিয়াৰ মাত্ৰ ৭৭ দিনৰ পাছতেই একেখন দুপট্টাৰ সহায়ত নৱবিবাহিত স্বামী-স্ত্ৰীক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

ডিজিটেল ডেস্কঃ প্ৰেম বিবাহৰ মাথোঁ ৭৭ দিনৰ পাছতেই নৱবিবাহিত দম্পতীয়ে ল'লে চৰম সিদ্ধান্ত। কানপুৰ চহৰৰ নৌবাস্তা অঞ্চলৰ পৰা অহা এই খবৰে সকলোকে জোঁকাৰি গৈছে। প্ৰেমৰ সম্পৰ্কত থকা যুৱক-যুৱতীহালে পৰিয়ালৰ সন্মতি সাপেক্ষে বিয়া কৰাইছিল। খুব সুন্দৰকৈ দুয়োটা পৰিয়াল, আত্মীয়, বন্ধু-বান্ধৱৰ উপস্থিতিত এই বিবাহ সম্পন্ন হৈছিল। প্ৰেম সফল হোৱা দেখি দুয়ো অতিশয় সুখী হৈছিল।


বিয়াৰ পাছতো দুই পতি-পত্নীয়ে অতি সুখেৰে দিন নিয়াইছিল। নাছিল একো সংঘাত, কিন্তু বিয়াৰ মাত্ৰ ৭৭ দিনৰ পাছতেই একেখন দুপট্টাৰ সহায়ত নৱবিবাহিত স্বামী-স্ত্ৰীক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। ঘটনাটো ইমানেই হঠাৎ ঘটিল আৰু ৰহস্যজনক যে পৰিয়াল, ওচৰ-চুবুৰীয়া আৰু আৰক্ষী সকলো হতভম্ব হৈ পৰিছে। এয়া যেন কেতিয়াও ভাঙিব নোৱাৰা এটা বহুত ডাঙৰ সাঁথৰ।


মঙলবাৰে বিয়লি সংঘটিত হয় এই ঘটনা। মহম্মদ ছাইদৰ পুত্ৰ ছাজিদ পত্নী ছফিয়াৰ সৈতে ওচৰৰ বজাৰখনলৈ গৈছিল। দুয়ো স্বাভাৱিক অৱস্থাত আছিল, দুয়োৰে মাজত হাঁহি আৰু সুখ দেখিবলৈ পোৱা গৈছিল, কোনো ধৰণৰ কাজিয়াও নাছিল।বজাৰ কৰি আধা ঘণ্টাত দুয়ো ঘৰলৈ উভতি আহিল। বজাৰৰ পৰা ঘৰলৈ উভতি অহাৰ পিছতেই যে দুয়ো জীৱনক বিদায় দিব সেয়া কোনেনো জানিছিল। পৰিয়ালৰ এজন সদস্যই দুয়োকে বিচাৰি কোঠালৈ আহোতে ফেনত দুয়োকে ওলমি থকা দৃশ্যটো দেখি থতমত খালে। সাজিদ আৰু ছফিয়া একেখন দুপাট্টাৰ ফান্দেৰে ওলমি আছিল কোঠাটোত। পৰিয়ালত লাগিল চিঞৰ-বাখৰ। দুয়োকে নমাই অনা হ’ল যদিও তেতিয়ালৈকে বহু দেৰি হৈ গ’ল। পৰিয়ালৰ লোকে দুয়োকে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে সাজিদ আৰু ছফিয়াৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।


এই ঘটনাৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ’ল সাজিদ আৰু ছফিয়াৰ সম্পৰ্কত পৰিয়ালৰো সমৰ্থন আছিল, পৰিয়ালৰ সন্মতি সাপেক্ষে দুয়োৰে বিয়া ঠিক কৰা হৈছিল। মহম্মদ ছাইদৰ ছয় পুত্ৰৰ ভিতৰত ছাজিদ আছিল চতুৰ্থ। একেটা চুবুৰীতে থকা ছফিয়াৰ লগত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল। ছফিয়া আছিল মাক-দেউতাকৰ একমাত্ৰ ছোৱালী। দুয়োৰে মাজত থকা প্ৰেম দেখি পৰিয়ালে বিৰোধিতা কৰাৰ পৰিৱৰ্তে সমৰ্থন কৰিলে। ১৭ জুনত দুয়োজনে সম্পূৰ্ণ ৰীতি-নীতিৰে আৰু সাক্ষীৰ উপস্থিতিত বিবাহপাশত আবদ্ধ হয়। দুয়োটা পৰিয়ালে এই বিয়াত বহু আনন্দ কৰিছিল । এই ধুনীয়া সম্পৰ্ক ইমান সোনকালে ট্ৰেজেডীলৈ পৰিণত হ’ব বুলি কোনেও কেতিয়াও ভবা নাছিল।


ছফিয়াৰ পিতৃয়ে কান্দি কান্দি ক'লে, ''আমি আমাৰ ছোৱালীজনীৰ পছন্দক তাইৰ সুখৰ বাবে মানি লৈছিলো। আমি কেতিয়াও কোনো ধৰণৰ শত্ৰুতাৰ সন্মুখীন হোৱা নাছিলো।'' সাজিদৰ পিতৃ মহম্মদ ছাইদে কয়, ''সাজিদক সদায় সুখী যেন লাগিছিল।তাৰ পচন্দ মতেই আমি বিয়া পাতি দিলোঁ। পুত্ৰ-বোৱাৰীক লৈ আমিও সুখী আছিলোঁ। আমি কেতিয়াও ভবা নাছিলো যে তেওঁলোকে এনে পদক্ষেপ ল’ব। আমাৰ দুয়োটা পৰিয়ালৰ মাজতো বহুত মিল আছে।''


ঘটনাৰ তথ্য পোৱাৰ লগে লগে নৌবাষ্টা আৰক্ষী সেই স্থানত উপস্থিত হয়। দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।ঘটনাস্থলীৰ পৰা কোনো ছুইচাইড নোট উদ্ধাৰ কৰা হোৱা নাই।


এই ঘটনাৰ পিছত সমগ্ৰ স্থানীয় অঞ্চলটোত শোকৰ পৰিৱেশ বিৰাজ কৰিছে। ওচৰ-চুবুৰীয়াই কয় যে সাজিদ আৰু ছফিয়া অতি ভাল স্বভাৱ-চৰিত্ৰৰ আছিল। দুয়োকে প্ৰায়ে একেলগে দেখা গৈছিল। ইজনে সিজনক ইমান ভালপোৱা এই দম্পতীয়ে জীৱনত এনে সিদ্ধান্ত ল'ব বুলি কোনেও ভবা নাছিল।


 এই ৰহস্যজনক মৃত্যুৰ আঁৰৰ কাৰণ জানিবলৈ তদন্তত নামি পৰিছে আৰক্ষী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ