--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শচীন তেণ্ডুলকাৰ, জাভেদ মিয়াদাদ আৰু সনথ জয়সূৰীয়াক অতিক্ৰম মিথালী ৰাজৰ। ভাৰতীয় মহিলা দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২২ বছৰ ২৬৪ অতিক্ৰম কৰিছে। ১৯৯৯ চনৰ ২৬ জুন মাহত ভাৰতীয় জাৰ্ছী পিন্ধি এদিনীয়া ক্ৰিকেটত অভিষক ঘটিছিল মিথালী ৰাজৰ। সেইদিনটোৰ পৰা ২০২২ চনৰ ২৭ মাৰ্চলৈকে মিথালীয়ে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলিছিল। মিথালীৰ তুলনাত শচীন তেণ্ডুলকাৰে ২২ বছৰ ৯১ দিন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছে।

১৯৮৯ চনৰ ১৮ ডিচেম্বৰত শচীন তেণ্ডুলকাৰৰ অভিষেক ঘটিছিল ভাৰতীয় ক্ৰিকেটত। ২০১২ চনৰ ১৮ মাৰ্চত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল মাষ্টাৰ ব্লাষ্টাৰে। এই তালিকাৰ তৃতীয় স্থানত আছে সনথ জয়সূৰীয়া। ১৯৮৯ চনৰ ২৬ ডিচেম্বৰত এদিনীয়া অভিষক ঘটা শ্ৰীলংকাৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ২০১১ চনৰ ২৮ জুনত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। জয়সূৰীয়াই মুঠ ২১ বছৰ ১৮৪ দিন ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছে। পাকিস্তানৰ জাভেদ মিয়াদাদে খেলিছে ২০ বছৰ ২৭২ দিন। 

বিশ্ব মহিলা ক্ৰিকেটৰ ইতিহাসত কিংবদন্তি ক্ৰিকেটাৰ মিথালী ৰাজ। দীৰ্ঘসময় খেলাৰ পিছত ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত লয় মিথালীয়ে। তেওঁৰ দীঘলীয়া বৰ্ণময় কেৰিয়াৰৰ সৈতে সাঙোৰ খাই আছে একাধিক কৃতিত্ব। শচীন তেণ্ডুলকাৰে পুৰুষৰ ক্ৰিকেটত যিদৰে অৰিহণা যোগাইছে, ঠিক সেইদৰে মহিলা ক্ৰিকেটতো মিথালী ৰাজৰ আছে অনবদ্য অৰিহণা। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ইনিংছ আৰু সৰ্বাধিক ৰানৰ অভিলেখৰো গৰাকী মিথালী ৰাজ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ