--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালায়ালম অভিনেতা-প্ৰযোজক বিজয় বাবুৰ (Vijay Babu) সমস্যা বাঢ়ি বাঢ়ি গৈ আছে। বিজয় বাবুৰ বিৰুদ্ধে এগৰাকী অভিনেত্ৰীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি ধৰ্ষণৰ অভিযোগ তৰিছিল। অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰিছিল যে অভিনেতাগৰাকীয়ে কাম কৰাৰ অজুহাতত তেওঁৰ সৈতে কেইবাবাৰো শাৰীৰিক সম্পৰ্ক ৰাখিছিল। আৰক্ষীয়ে বিজয় বাবুৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। বিজয় বাবুয়ে গোচৰটোত আগতীয়া জামিন বিচাৰি ইতিমধ্যে কেৰালা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। ৪৬ বছৰীয়া অভিনেতাজনে কৈছিল যে তেওঁক ব্লেকমেইল কৰাৰ চেষ্টা কৰা হৈছে।


বিজয় বাবুৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দাখিল কৰাৰ পাছতেই এতিয়া আন এগৰাকী যুৱতীয়ে তেওঁৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। যুৱতীগৰাকীয়ে প্ৰকাশ কৰিছে যে অভিনেতাজনে তেওঁক বলপূৰ্বক চুম্বন কৰিবলৈ চেষ্টা কৰিছিল। 

যুৱতীগৰাকীয়ে ফেচবুকত লিখিছিল, "এইটো এটা দিনৰ অনুষ্ঠান আছিল। মই অভিনেতা আৰু প্ৰযোজক বিজয় বাবুক ২০২১ চনৰ নৱেম্বৰত লগ পাইছিলো। আমি কামৰ সন্দৰ্ভত লগ পাইছিলো। আমি পেছাদাৰীভাৱে কেইটামান বস্তুৰ বিষয়ে কথা পাতিছিলো। সেই সময়ত আমাৰ লগত আৰু এজন মানুহ আছিল আৰু তেওঁ কোঠাৰ পৰা বাহিৰলৈ ওলাই গৈছিল। বিজয় বাবুৱে তেতিয়া সুৰাপান কৰি আছিল আৰু মোকো প্ৰস্তাৱ দিছিল। মই অস্বীকাৰ কৰিছিলো আৰু মই নিজৰ কাম কৰি আছিলো। আমাৰ চিনাকি হোৱা ২০ মিনিট হৈছিলহে, হঠাতে তেওঁ কোনো প্ৰশ্ন নকৰাকৈ, সন্মতি অবিহনে মোৰ ওঁঠত চুমা খাবলৈ আগবাঢ়ি আহিছিল। মই লগালগ দূৰলৈ আঁতৰি গ'লো। তাৰপাছত তেওঁ মোক সুধিলে, "কেৱল এটা চুম্বন?" মই না বুলি ক'লো। তেতিয়া তেওঁ মোক ক্ষমা বিচাৰিছিল আৰু মোক এই কথা কাকো নক'বলৈ কৈছিল। মই বহুত ভয় খাইছিলো আৰু লগে লগে কোঠাটোৰ পৰা ওলাই গ'লো।" যুৱতীগৰাকীয়ে লগতে কৈছিল যে "শেহতীয়া ধৰ্ষণৰ ঘটনাটো জনাৰ পাছত মোৰ সৈতে হোৱা ঘটনাটো মানুহৰ সন্মুখলৈ অনাৰ সিদ্ধান্ত ল'লো।" 


কোনে সঁচা কৈছে, কোনে মিছা কৈছে সেয়া অনাগত দিনতহে গম পোৱা যাব। আৰক্ষীয়ে সমগ্ৰ বিষয়টো অনুসন্ধান কৰি আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত