--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালায়ালম অভিনেতা-প্ৰযোজক বিজয় বাবুৰ (Vijay Babu) সমস্যা বাঢ়ি বাঢ়ি গৈ আছে। বিজয় বাবুৰ বিৰুদ্ধে এগৰাকী অভিনেত্ৰীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি ধৰ্ষণৰ অভিযোগ তৰিছিল। অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰিছিল যে অভিনেতাগৰাকীয়ে কাম কৰাৰ অজুহাতত তেওঁৰ সৈতে কেইবাবাৰো শাৰীৰিক সম্পৰ্ক ৰাখিছিল। আৰক্ষীয়ে বিজয় বাবুৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। বিজয় বাবুয়ে গোচৰটোত আগতীয়া জামিন বিচাৰি ইতিমধ্যে কেৰালা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। ৪৬ বছৰীয়া অভিনেতাজনে কৈছিল যে তেওঁক ব্লেকমেইল কৰাৰ চেষ্টা কৰা হৈছে।


বিজয় বাবুৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দাখিল কৰাৰ পাছতেই এতিয়া আন এগৰাকী যুৱতীয়ে তেওঁৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। যুৱতীগৰাকীয়ে প্ৰকাশ কৰিছে যে অভিনেতাজনে তেওঁক বলপূৰ্বক চুম্বন কৰিবলৈ চেষ্টা কৰিছিল। 

যুৱতীগৰাকীয়ে ফেচবুকত লিখিছিল, "এইটো এটা দিনৰ অনুষ্ঠান আছিল। মই অভিনেতা আৰু প্ৰযোজক বিজয় বাবুক ২০২১ চনৰ নৱেম্বৰত লগ পাইছিলো। আমি কামৰ সন্দৰ্ভত লগ পাইছিলো। আমি পেছাদাৰীভাৱে কেইটামান বস্তুৰ বিষয়ে কথা পাতিছিলো। সেই সময়ত আমাৰ লগত আৰু এজন মানুহ আছিল আৰু তেওঁ কোঠাৰ পৰা বাহিৰলৈ ওলাই গৈছিল। বিজয় বাবুৱে তেতিয়া সুৰাপান কৰি আছিল আৰু মোকো প্ৰস্তাৱ দিছিল। মই অস্বীকাৰ কৰিছিলো আৰু মই নিজৰ কাম কৰি আছিলো। আমাৰ চিনাকি হোৱা ২০ মিনিট হৈছিলহে, হঠাতে তেওঁ কোনো প্ৰশ্ন নকৰাকৈ, সন্মতি অবিহনে মোৰ ওঁঠত চুমা খাবলৈ আগবাঢ়ি আহিছিল। মই লগালগ দূৰলৈ আঁতৰি গ'লো। তাৰপাছত তেওঁ মোক সুধিলে, "কেৱল এটা চুম্বন?" মই না বুলি ক'লো। তেতিয়া তেওঁ মোক ক্ষমা বিচাৰিছিল আৰু মোক এই কথা কাকো নক'বলৈ কৈছিল। মই বহুত ভয় খাইছিলো আৰু লগে লগে কোঠাটোৰ পৰা ওলাই গ'লো।" যুৱতীগৰাকীয়ে লগতে কৈছিল যে "শেহতীয়া ধৰ্ষণৰ ঘটনাটো জনাৰ পাছত মোৰ সৈতে হোৱা ঘটনাটো মানুহৰ সন্মুখলৈ অনাৰ সিদ্ধান্ত ল'লো।" 


কোনে সঁচা কৈছে, কোনে মিছা কৈছে সেয়া অনাগত দিনতহে গম পোৱা যাব। আৰক্ষীয়ে সমগ্ৰ বিষয়টো অনুসন্ধান কৰি আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ