--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  কি দিয়া নাছিল চন্দ্ৰশেখৰে? বিদেশী বিলাসী গাড়ীৰ পৰা বিলাসী প্ৰসাধনলৈ। প্ৰাইভেট জেটত ভ্ৰমণৰ পৰা লাখটকীয়া ঘোঁৰা-বিদেশী মেকুৰীলৈ। তাৰকা অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ লাহ-বিলাসত যাতো কোনো ক্ৰুটি নাথাকে তাৰ বাবে সকলো কৰিছিল সুকেশ চন্দ্ৰেশেখৰে। জেকলিনৰ প্ৰেমিক বুলি পৰিচিত চন্দ্ৰশেখৰৰ এই তৎপৰতাত অস্বাভাৱিকতা বিশেষ নাথাকিলহেঁতেন যদিহে তেওঁ সৎ পথেৰে কৰা উপাৰ্জনেৰে এই উপহাৰ দিলেহেঁতেন প্ৰেয়সীক। কিন্তু সেয়া নহ’ল। তেওঁ এই বিলাসী উপহাৰ দিবলৈ গৈ ২০০ কোটি টকীয়া প্ৰবঞ্চনাত লিপ্ত হ’ল। আৰু সেই উপহাৰ গ্ৰহণ কৰি এতিয়া নাজল-নাথল অৱস্থা হৈছে জেকলিন ফাৰ্নাণ্ডেজৰ। 


বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে যোৱা কেইদিনমান ধৰি তেওঁৰ চলচ্চিত্ৰৰ বাবে নহয় কিন্তু প্ৰবঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ বাবে শিৰোনাম দখল কৰি আছে। সুকেশ চন্দ্ৰশেখৰ ২০০ কোটি টকাৰ প্ৰৱঞ্চনা আৰু ধনৰ অবৈধ লেনদেনৰ গোচৰত কাৰাগাৰত আছে। গোচৰটো এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)এ তদন্ত কৰি হৈছে। জেকলিনৰ উপৰি, বলীউডৰ আন একাধিক অভিনেত্ৰীও এই গোচৰত জড়িত থকাৰ সন্দেহ কৰা হৈছে। উল্লেখ্য যে, ইডিয়ে জেকলিনৰ ৭ কোটি টকাৰ অধিক সম্পত্তি জব্দ কৰিছে যোৱা শনিবাৰে। এই ধন তেওঁ সুকেশ চন্দ্ৰশেখৰৰ পৰা গ্ৰহণ কৰা বুলি অভিযোগ উঠিছিল।
 
ইডিৰ তদন্তত পোহৰলৈ আহিছে যে, জেকলিনৰ ভ্ৰমণৰ বাবে সুকেশে ব্যক্তিগত জেট আৰু হেলিকপ্টাৰ ভাৰালৈ লৈছিল। জেকলিনে প্ৰকাশ কৰা মতে তেওঁ যোৱা বছৰ জুনত সুকেশকো লগ পাইছিল। ‘ইণ্ডিয়া টুডে’ৰ এক প্ৰতিবেদন অনুসৰি, সুকেশে জেকলিনক তেওঁৰ খুৰাকৰ অন্ত্যেষ্টিক্ৰিয়াত চেন্নাইলৈ আহিবলৈও কৈছিল। ইয়াৰ বাবে, সুকেশে জেকলিনৰ বাবে চেন্নাইৰ পৰা মুম্বাইলৈ এখন ব্যক্তিগত জেটো প্ৰেৰণ কৰিছিল। সুকেশে জেকলিনক বিমানবন্দৰৰ পৰা আনিবলৈ তেওঁৰ এজন সহায়কক তালৈ পঠিয়াইছিল। সেইদিনাই সুকেশ আৰু জেকলিন দুপৰীয়াৰ আহাৰৰ সময়ত লগ পাইছিল।

পিছদিনা, সুকেশ আৰু জেকলিনে একেলগে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছিল আৰু তাৰ পিছত জেকলিন মুম্বাইলৈ ঘূৰি আহিছিল। জেকলিনৰ ব্যক্তিগত জেটৰ সম্পূৰ্ণ খৰচ সুকেশে বহন কৰিছিল। এসপ্তাহ পাছত, জেকলিন আৰু সুকেশ দ্বিতীয়বাৰৰ বাবে লগ হৈছিল। এইবাৰ জেকলিন, এজন বন্ধুৰ সৈতে, আকৌ এবাৰ ব্যক্তিগত জেটত চেন্নাইলৈ গৈছিল আৰু মুম্বাইলৈ ঘূৰি আহিছিল। ইয়াৰ উপৰি, জেকলিনে ব্যক্তিগত জেটেৰে দুবাৰ কেৰালা ভ্ৰমণ কৰিছিল, য'ত হোটেল আৰু হেলিকপ্টাৰৰ খৰচো সুকেশে বহন কৰিছিল। জেকলিনে ইডিৰ অনুসন্ধানকাৰী বিষয়াসকলক এইটোও কৈছিল যে সুকেশে নিজকে এই হেলিকপ্টাৰ আৰু ব্যক্তিগত জেটৰ গৰাকী বুলি দাবী কৰিছিল।

কেৱল এয়াই নহয়, সুকেশ চন্দ্ৰশেখৰে জেকলিনক কোটি কোটি টকাৰ ব্যয়বহুল উপহাৰ দিছিল। ইয়াৰ ভিতৰত আছে এখন আমদানিকৃত বিদেশী গাড়ী মিনি কুপাৰো আছে। অৱশ্যে, জেকলিনে গাড়ীখন ল'বলৈ অস্বীকাৰ কৰিছিল আৰু ইয়াক ঘূৰাই দিছিল। ইডিয়ে এতিয়া জেকলিনৰ পৰা ৭.১২ কোটি টকা আৰু নগদ ১৫ লাখ টকাৰ ফিক্সড ডিপ’জিট জব্দ কৰিছে। ইডিয়ে সদৰি কৰা মতে, জেকলিনক সুকেশে ৫.৭১ কোটি টকাৰ উপহাৰ দিছিল যিটো তেওঁ প্ৰৱঞ্চনাৰ জৰিয়তে সংগ্ৰহ কৰিছিল। সুকেশে জেকলিনক তেওঁৰ সহকৰ্মী পিংকী ইৰাণীৰ জৰিয়তে এই উপহাৰবোৰ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান