--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  কি দিয়া নাছিল চন্দ্ৰশেখৰে? বিদেশী বিলাসী গাড়ীৰ পৰা বিলাসী প্ৰসাধনলৈ। প্ৰাইভেট জেটত ভ্ৰমণৰ পৰা লাখটকীয়া ঘোঁৰা-বিদেশী মেকুৰীলৈ। তাৰকা অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ লাহ-বিলাসত যাতো কোনো ক্ৰুটি নাথাকে তাৰ বাবে সকলো কৰিছিল সুকেশ চন্দ্ৰেশেখৰে। জেকলিনৰ প্ৰেমিক বুলি পৰিচিত চন্দ্ৰশেখৰৰ এই তৎপৰতাত অস্বাভাৱিকতা বিশেষ নাথাকিলহেঁতেন যদিহে তেওঁ সৎ পথেৰে কৰা উপাৰ্জনেৰে এই উপহাৰ দিলেহেঁতেন প্ৰেয়সীক। কিন্তু সেয়া নহ’ল। তেওঁ এই বিলাসী উপহাৰ দিবলৈ গৈ ২০০ কোটি টকীয়া প্ৰবঞ্চনাত লিপ্ত হ’ল। আৰু সেই উপহাৰ গ্ৰহণ কৰি এতিয়া নাজল-নাথল অৱস্থা হৈছে জেকলিন ফাৰ্নাণ্ডেজৰ। 


বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে যোৱা কেইদিনমান ধৰি তেওঁৰ চলচ্চিত্ৰৰ বাবে নহয় কিন্তু প্ৰবঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ বাবে শিৰোনাম দখল কৰি আছে। সুকেশ চন্দ্ৰশেখৰ ২০০ কোটি টকাৰ প্ৰৱঞ্চনা আৰু ধনৰ অবৈধ লেনদেনৰ গোচৰত কাৰাগাৰত আছে। গোচৰটো এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)এ তদন্ত কৰি হৈছে। জেকলিনৰ উপৰি, বলীউডৰ আন একাধিক অভিনেত্ৰীও এই গোচৰত জড়িত থকাৰ সন্দেহ কৰা হৈছে। উল্লেখ্য যে, ইডিয়ে জেকলিনৰ ৭ কোটি টকাৰ অধিক সম্পত্তি জব্দ কৰিছে যোৱা শনিবাৰে। এই ধন তেওঁ সুকেশ চন্দ্ৰশেখৰৰ পৰা গ্ৰহণ কৰা বুলি অভিযোগ উঠিছিল।
 
ইডিৰ তদন্তত পোহৰলৈ আহিছে যে, জেকলিনৰ ভ্ৰমণৰ বাবে সুকেশে ব্যক্তিগত জেট আৰু হেলিকপ্টাৰ ভাৰালৈ লৈছিল। জেকলিনে প্ৰকাশ কৰা মতে তেওঁ যোৱা বছৰ জুনত সুকেশকো লগ পাইছিল। ‘ইণ্ডিয়া টুডে’ৰ এক প্ৰতিবেদন অনুসৰি, সুকেশে জেকলিনক তেওঁৰ খুৰাকৰ অন্ত্যেষ্টিক্ৰিয়াত চেন্নাইলৈ আহিবলৈও কৈছিল। ইয়াৰ বাবে, সুকেশে জেকলিনৰ বাবে চেন্নাইৰ পৰা মুম্বাইলৈ এখন ব্যক্তিগত জেটো প্ৰেৰণ কৰিছিল। সুকেশে জেকলিনক বিমানবন্দৰৰ পৰা আনিবলৈ তেওঁৰ এজন সহায়কক তালৈ পঠিয়াইছিল। সেইদিনাই সুকেশ আৰু জেকলিন দুপৰীয়াৰ আহাৰৰ সময়ত লগ পাইছিল।

পিছদিনা, সুকেশ আৰু জেকলিনে একেলগে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছিল আৰু তাৰ পিছত জেকলিন মুম্বাইলৈ ঘূৰি আহিছিল। জেকলিনৰ ব্যক্তিগত জেটৰ সম্পূৰ্ণ খৰচ সুকেশে বহন কৰিছিল। এসপ্তাহ পাছত, জেকলিন আৰু সুকেশ দ্বিতীয়বাৰৰ বাবে লগ হৈছিল। এইবাৰ জেকলিন, এজন বন্ধুৰ সৈতে, আকৌ এবাৰ ব্যক্তিগত জেটত চেন্নাইলৈ গৈছিল আৰু মুম্বাইলৈ ঘূৰি আহিছিল। ইয়াৰ উপৰি, জেকলিনে ব্যক্তিগত জেটেৰে দুবাৰ কেৰালা ভ্ৰমণ কৰিছিল, য'ত হোটেল আৰু হেলিকপ্টাৰৰ খৰচো সুকেশে বহন কৰিছিল। জেকলিনে ইডিৰ অনুসন্ধানকাৰী বিষয়াসকলক এইটোও কৈছিল যে সুকেশে নিজকে এই হেলিকপ্টাৰ আৰু ব্যক্তিগত জেটৰ গৰাকী বুলি দাবী কৰিছিল।

কেৱল এয়াই নহয়, সুকেশ চন্দ্ৰশেখৰে জেকলিনক কোটি কোটি টকাৰ ব্যয়বহুল উপহাৰ দিছিল। ইয়াৰ ভিতৰত আছে এখন আমদানিকৃত বিদেশী গাড়ী মিনি কুপাৰো আছে। অৱশ্যে, জেকলিনে গাড়ীখন ল'বলৈ অস্বীকাৰ কৰিছিল আৰু ইয়াক ঘূৰাই দিছিল। ইডিয়ে এতিয়া জেকলিনৰ পৰা ৭.১২ কোটি টকা আৰু নগদ ১৫ লাখ টকাৰ ফিক্সড ডিপ’জিট জব্দ কৰিছে। ইডিয়ে সদৰি কৰা মতে, জেকলিনক সুকেশে ৫.৭১ কোটি টকাৰ উপহাৰ দিছিল যিটো তেওঁ প্ৰৱঞ্চনাৰ জৰিয়তে সংগ্ৰহ কৰিছিল। সুকেশে জেকলিনক তেওঁৰ সহকৰ্মী পিংকী ইৰাণীৰ জৰিয়তে এই উপহাৰবোৰ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা