--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃ ক্ৰিকেটাৰ। মাতৃ টেনিছ তাৰকা। তাৰকা দম্পতীৰ সন্তানো সেয়ে সংবাদ শিৰোনামত থকা দেখা যায়। ছোৱেইব মালিক আৰু ছানিয়া মিৰ্জাৰ পুত্ৰ ইজহান মিৰ্জা মালিকক লৈয়ো অনুৰাগীৰ কৌতুহলৰ শেষ নাই। অথচ  ইজহান মিৰ্জাৰ জন্মৰ পূৰ্বে যথেষ্ট চিন্তিত হৈ পৰিছিল ছানীয়া মিৰ্জা। সন্তানৰ বাবে অন্তঃসত্ত্বাৰ সময়ত আপেল খাইছিল ছানীয়াই। 

এই কথা প্ৰকাশ কৰিছে ছানীয়াৰ স্বামী ছোৱেইব মালিকে। পাকিস্তানৰ এটি দূৰদৰ্শন অনুষ্ঠানত তেওঁৰ পুত্ৰৰ বিষয়ে সোধাত এই কথা প্ৰকাশ কৰিছে। ছোৱেইবে কয়, ‘শাহুৱেকে ছানীয়াক আপেল খুৱাইছিল। আপেল খালে সন্তানৰ গাৰ ৰং দেখনিয়াৰ হ’ব বুলি জনাইছিল তেওঁলোকে। ল’ৰাৰ জন্মৰ পাছত অনুভৱ কৰিছো যে, আপেলে কামত দিছে।’

অৱশ্যে, এইকথা কোৱাৰ পিছত অনুষ্ঠানটোৰ সঞ্চালকজনে কয় যে, তেওঁলোকে কোনো বৰ্ণবাদী মন্তব্য কৰা নাই। ছোৱেইবে নিজ সন্তানক প্ৰসংগক লৈ ধেমালী কৰিছিল। গাৰ ৰং নহয় কৃতিত্বৰ দ্বাৰাহে মানুহৰ বিচাৰ কৰা হয় বুলি জনায় সঞ্চালকে।

স্মৰ্তব্য যে, ২০১৮ চনৰ অক্টোবৰত ছোৱেইব-ছানীয়াৰ জীৱনলৈ আহিছিল নতুন আলহী। দুমাহ পাছত, ছানীয়াই ছ’চিয়েল মিডিয়াত তেওঁলোকৰ প্ৰথম পুত্ৰৰ এখন আলোকচিত্ৰ পোষ্ট কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ