--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃ ক্ৰিকেটাৰ। মাতৃ টেনিছ তাৰকা। তাৰকা দম্পতীৰ সন্তানো সেয়ে সংবাদ শিৰোনামত থকা দেখা যায়। ছোৱেইব মালিক আৰু ছানিয়া মিৰ্জাৰ পুত্ৰ ইজহান মিৰ্জা মালিকক লৈয়ো অনুৰাগীৰ কৌতুহলৰ শেষ নাই। অথচ  ইজহান মিৰ্জাৰ জন্মৰ পূৰ্বে যথেষ্ট চিন্তিত হৈ পৰিছিল ছানীয়া মিৰ্জা। সন্তানৰ বাবে অন্তঃসত্ত্বাৰ সময়ত আপেল খাইছিল ছানীয়াই। 

এই কথা প্ৰকাশ কৰিছে ছানীয়াৰ স্বামী ছোৱেইব মালিকে। পাকিস্তানৰ এটি দূৰদৰ্শন অনুষ্ঠানত তেওঁৰ পুত্ৰৰ বিষয়ে সোধাত এই কথা প্ৰকাশ কৰিছে। ছোৱেইবে কয়, ‘শাহুৱেকে ছানীয়াক আপেল খুৱাইছিল। আপেল খালে সন্তানৰ গাৰ ৰং দেখনিয়াৰ হ’ব বুলি জনাইছিল তেওঁলোকে। ল’ৰাৰ জন্মৰ পাছত অনুভৱ কৰিছো যে, আপেলে কামত দিছে।’

অৱশ্যে, এইকথা কোৱাৰ পিছত অনুষ্ঠানটোৰ সঞ্চালকজনে কয় যে, তেওঁলোকে কোনো বৰ্ণবাদী মন্তব্য কৰা নাই। ছোৱেইবে নিজ সন্তানক প্ৰসংগক লৈ ধেমালী কৰিছিল। গাৰ ৰং নহয় কৃতিত্বৰ দ্বাৰাহে মানুহৰ বিচাৰ কৰা হয় বুলি জনায় সঞ্চালকে।

স্মৰ্তব্য যে, ২০১৮ চনৰ অক্টোবৰত ছোৱেইব-ছানীয়াৰ জীৱনলৈ আহিছিল নতুন আলহী। দুমাহ পাছত, ছানীয়াই ছ’চিয়েল মিডিয়াত তেওঁলোকৰ প্ৰথম পুত্ৰৰ এখন আলোকচিত্ৰ পোষ্ট কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত