--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিদেশৰ আইনক চূড়ান্তভাৱে অপব্যৱহাৰ কৰি ইছলামিক সন্ত্রাসবাদী সংগঠনবোৰে এন জি অ'ৰ জৰিয়তে অনুদান হিচাপে পুঁজি সংগ্ৰহ কৰি আছে।

ডিজিটেল ডেস্ক : খালিস্তানী আৰু ইছলামিক সন্ত্রাসবাদীবোৰৰ পুঁজিৰ উৎসৰ ভয়ংকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। ভাৰতীয় চোৰাংচোৱা সংস্থাই শেহতীয়াকৈ এখন প্রতিবেদনত প্রকাশ কৰা মতে, কানাডা, ব্রিটেইন আৰু অষ্ট্ৰেলিয়াৰ ভূমিত বাহৰ পাতি খালিস্তানী আৰু ইছলামিক সন্ত্রাসবাদীবোৰে বেচৰকাৰী সংস্থাসমূহৰ (এন জি অ') জৰিয়তে সন্ত্ৰাসৰ বাবে পুঁজি সংগ্ৰহ কৰি আছে।


বিদেশৰ আইনক চূড়ান্তভাৱে অপব্যৱহাৰ কৰি ইছলামিক সন্ত্রাসবাদী সংগঠনবোৰে এন জি অ'ৰ জৰিয়তে অনুদান হিচাপে পুঁজি সংগ্ৰহ কৰি আছে। বিভিন্ন দাতব্য সংস্থাক অপব্যৱহাৰ কৰি সন্ত্ৰাসৰ কাৰ্যৰ বাবে পুঁজি লৈ আছে।


ইতিমধ্যে বিভিন্ন পশ্চিমীয়া আৰু ভাৰতীয় অনুসন্ধানকাৰী সংস্থাই চলোৱা অনুসন্ধানত ধৰা পৰিছে যে সন্ত্রাসবাদৰ বিষয়ত তথ্য প্ৰচাৰ আৰু যুৱক-যুৱতীক প্রলোভিত কৰি সন্ত্রাসৰ কাৰ্যত নিয়োজিত কৰিবলৈ সন্ত্রাসবাদী সংস্থাবোৰে বিদেশৰ ভূমি ব্যৱহাৰ কৰি আহিছে। শিখসকলৰ কল্যাণ আৰু মানৱাধিকাৰৰ ক্ষেত্ৰত পঞ্জীয়ন হোৱা বিভিন্ন দাতব্য এন জি অ', যেনে- খালছা এই ড, শিখ ৰিলিফ, বল্ড শিখ অর্গেনাইজেশ্যন আদিয়ে পুঁজি সংগ্ৰহ কৰি খালিস্তানী আৰু ইছলামিক সন্ত্রাসবাদীক যোগান ধৰে আৰু ভাৰত-বিৰোধী কাম-কাজত লিপ্ত কৰায়।


বহুতো দাতব্য সংস্থাই গুৰু দ্বাৰাসমূহত বাবৰ খালছা ইণ্টাৰনেশ্যনেলৰ (বি কে আই) আৰু খালিস্তান টাইগাৰ ফ'ৰ্চৰ (কে টি এফ) সন্ত্রাসবাদীৰ ছবি লগাই থোৱা প্রত্যক্ষ কৰা হৈছে। লক্ষণীয় বিষয়টো হ'ল এই সমগ্র পুঁজি সংগ্ৰহৰ অভিযানক নিয়ন্ত্রণ কৰি আছে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আয়ে। আই এছ আয়ে এই এন জি অ' সমূহ নিয়ন্ত্ৰণ কৰি ভাৰত-বিৰোধী ব্লুপ্রিন্ট ৰচনা কৰি আছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ