--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হঠা মহা-মহীৰূহ পতনৰ অতিকায় শব্দ আৰু তাৰ পাছত অন্তহীন নীৰৱতা...। আকাশ বিদীৰ্ণ কৰা স্তব্ধতাত যেন নিঠৰ চৌপাশ। মাত্ৰ কেইটামান মুহূৰ্ত আগলৈকৈ সংগীতৰ এখন মায়াময় মঞ্চক কল্লোলিত কৰি তোলাৰ পাছত আকস্মিকভাৱে তেওঁ পতিত হল অন্তহীন নীৰৱতাৰ বুকুলৈ। স্তব্ধতাই শালি ধৰিলে তেওঁৰ সোণালী কণ্ঠ। নিস্তব্ধতাই শিল হৈ নিগাজীকৈ বহিল প্ৰতিজন সংগীতপ্ৰেমীৰ অন্তৰত। স্মৃতি আৰু কাৰুণ্যৰ এটা গধুৰ বোজা অন্তৰে অন্তৰে থাপি আকস্মিকভাৱে তেওঁ আঁতৰি গল। যিটো বিদায়ৰ কথা কোনেও কল্পনাও কৰা নাছিল, কাৰো চেতনা বা অৱচেতনতো তেওঁৰ এই অকাল প্ৰস্থানৰ কথাই কেতিয়াও ঠাই পোৱা নাছিল। কিন্তু সেই অভাৱনীয় ঘটনাই সংঘটিত হল।

 

সমগ্ৰ দেশক বাকৰুদ্ধ কৰি তুলি আকস্মিকভাৱে আঁতৰি গ জনপ্ৰিয় কণ্ঠশিল্পী কে কে।  কৃষ্ণকুমাৰ কুন্নাথ। বয়স আছিল মাত্ৰ ৫৩ বছৰ। কোনো আয়োজন নোহোৱাকৈ, কোনো পূৰ্বইংগিত নিদিয়াকৈ তেওঁ আঁতৰি গল। চিৰকাললৈ স্তব্ধ সোণালী কণ্ঠ স্তব্ধ হৈ পৰিল। যেন আলাপৰ শীৰ্ষ বিন্দুত স্তব্ধ হৈ পৰিল সকলো সুৰৰ কল্লোল। সকলো সুষমাময় বাদ্য-বাজনাক মেৰিয়াই ধৰিলে অন্তহীন স্তব্ধতাই। অকস্মাৎ সকলো শান্ত হৈ পৰিল, নীৰৱ হৈ পৰিল। ঢৌৰ আস্ফালন নাই, জোৱাৰ নাই, বতাহৰ কম্পনো নাই। কেৱল গোট মাৰি শিল হোৱা স্তব্ধতাহে তেওঁ সকলোৰে অন্তৰে অন্তৰে দি থৈ গল।

 

এটা গীতত তেওঁ গাইছিল, হম ৰহে য়া না ৰহে কাল/ কাল য়াদ আয়েংগে য়ে পল/ পল, য়ে হ্যে প্যাৰ কা পল/ চল, আ মেৰে সংগ চল/ চল, ছোচে ক্যা/ চোতী চি হ্যে জিন্দেগী... কাইলৈ কিয়, চিৰকাল তেওঁ আমাৰ স্মৃতিত ৰাজত্ব কৰি থাকিব। আমি ভেটি দিম পাহৰণিৰ ঢৌবোৰক। আমাৰ সোঁৱৰণিয়ে তেওঁৰ নামেৰে লিখা শিলৰ আখৰ আমি মচ খাবলৈ জানো দিম! তেওঁৰ সোণালী কণ্ঠই চিৰকাল ঢৌ তুলি থাকিব আমাৰ অন্তৰত। কিন্তু এই আক্ষেপ থাকি যাব চুটি বুলি কোৱা জীৱনটোক ইমান চুটি কৰি তুলিব বুলি আমি কোনেও ভবা নাছিলোঁ। বলা, মোৰ সতে বলা বুলি গাই আমাক এনে সুৰহীনতাত এৰি থৈ যোৱাৰ অনুমতি তেওঁক তেওঁৰ লক্ষ লক্ষ অনুৰাগীয়ে দিয়া নাছিল। সকলো অনুৰাগীৰ, সকলো সংগীতপ্ৰেমীৰ অন্তৰ মোহাৰি তেওঁ এতিয়া গুচি গৈছে। কাৰো অনুমতি নোলোৱাকৈ কাক শেষ বিদায়ৰ বাৰ্তা নিদিয়াকৈ। এই সত্যটোকে এতিয়া মানি লবলৈ অপাৰগ হৈ পৰিছে সমগ্ৰ দেশে।

 

কে কেৰ আকস্মিক বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া ছচিয়েল মিডিয়া ভৰি পৰিছে শোকবাৰ্তাৰে। প্ৰিয় শিল্পীক অকাতৰে বিদায় দিব পৰা  নাই কোনোৱে। উল্লেখ্য যে, কলকাতাত এখন সংগীতানুষ্ঠানত গীত পৰিৱেশ কৰি আছিল শিল্পীগৰাকীয়ে। মঙলবাৰে কলকাতাৰ নজৰুল মঞ্চত গীতৰ অনুষ্ঠান সামৰাৰ পাছতে তেওঁ অসুস্থ হৈ পৰে। তৎক্ষণাত তেওঁক লৈ যোৱা হয় কলকাতাৰ এখন আগশাৰীৰ বেচৰকাৰী চিকিৎসালয়লৈ। কিন্তু তাতেই নিশা প্ৰায় ১০ বজাত তেওঁক মৃত ঘোষণা কৰা হয়। তেওঁৰ মৃত্যুৰ কাৰণ গুৰুতৰ হাৰ্ট এটেক বুলি ধাৰণা কৰা হৈছে। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক ব্যক্ত কৰিছে। এটা শোকবাৰ্তাত তেওঁ লিখিছে, আমি তেওঁ গীতৰ মাজেৰেই তেওঁৰ চিৰকাল মনত ৰাখিম।

 

উল্লেখ্য যে, ১৯৬৮ তনৰ ২৩ আগষ্টত কৃষ্ণকুমাৰ কুন্নাথ নামেৰে শিল্পীগৰাকীৰ জন্ম হৈছিল। হিন্দী, তামিল, তেলুগু, কন্নড়, মালায়ালম, মাৰাঠীস বাংলা, অসমীয়া, গুজৰাটী আদি অনেক ভাষাৰ গীতত কণ্ঠদান কৰি তেওঁ ভাৰতীয় সংগীত জগতৰৰ এক অক্ষয় সম্পদত পৰিণত হৈছিল। তড়প তড়প, দোলা ৰে দোলা, ক্যা মুঝে প্যাৰ হ্যে, আখোঁ মে তেৰী, খুদা জানে, পিয়া আয়ে না, মত আজমা ৰে, তু জো মিলা, প্যাৰ কা পল আদিৰ দৰে সৰ্বজনপ্ৰিয় গীতত তেওঁৰ সোণালী কণ্ঠ নিগৰাইছিল শিল্পীগৰাকীয়ে। তেওঁৰ কৃতিত্বৰ স্বীকৃতিস্বৰূপে  তেওঁ আঠবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ লগতে আন ভালেমান স্বীকৃতি অৰ্জন কৰিছিল।

 

কিন্তু তেওঁক ভাৰতীয় সংগীতপ্ৰেমীয়ে বুকুৰ আছুতীয়া কোণত স্থান দিয়াটোৱেই আছিল তেওঁৰ আটাইতকৈ ডাঙৰ স্বীকৃতি। অসংখ্য অনুৰাগীৰ বুকুৰ সেই আছুতীয়া স্থানৰ পৰা এই মৃত্যু নামৰ দুৰ্যোগে তেওঁক কাহানিও কাঢ়ি নিব নোৱাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement