--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মুকালমুৱা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ২১২/২৫ নম্বৰত গোচৰ ৰুজু কৰিছে। মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ গয়াৰীৰ নেতৃত্বত চলিছিল অভিযান।

ডিজিটেল ডেস্কঃ মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা।মুকালমুৱা আৰক্ষীৰ জালত পৰিল চাইবাৰ অপৰাধত জড়িত ৯ গৰাকী অভিযুক্ত। নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই চাইবাৰ অপৰাধত জড়িত ৯ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে।


মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ গয়াৰীৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হোৱা চাইবাৰ অপৰাধত অভিযুক্ত কেইগৰাকী ক্ৰমে কুৰিহামাৰীৰ ফৰিদ আলী, কচুৱা পথাৰৰ বাবৰ আলি, কেকানকুচীৰ আব্দুল কালাম, হাজো গাওঁবুঢ়া পামৰ মুষ্টফা আলী বাহাৰুল ইছলাম আৰু ৰফিক আলী, কুৰিহামাৰীৰ জলিল আলী আহমেদ আৰু হাজো আন্ধুপাৰাৰ চান্দ মহম্মদ আলী।


মুকালমুৱা আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ২১২/২৫ নম্বৰত গোচৰ ৰুজু কৰিছে। আনহাতে,বৰপেটা জিলাৰ জনিয়াৰ নুৰ ইছলামৰ পুত্ৰ জাহিদুল ইছলামক গ্ৰেপ্তাৰ কৰি ২১১/২৫ নম্বৰত আন এটা গোচৰ ৰুজু কৰি আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত