--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকাল আৰম্ভ হোৱাৰ লগে লগে হাত-ভৰি শুকান হোৱা আৰু মূৰত খজুৱতি হোৱাৰ সমস্যা বাঢ়ি যায়। ইয়াৰ কাৰণ হ’ব পাৰে মূৰত ধূলি জমা হোৱা, মানসিক চাপ, ওকনি, উফি বা ফাংগল ইনফেকচন। চেব’ৰেইক ডাৰ্মাটাইটিছও মূৰত খজুৱতি হোৱাৰ এটা প্ৰধান কাৰণ। যদি আপুনিও এই ধৰণৰ সমস্যাৰ সৈতে যুঁজিছে আৰু ঔষধ বা বড়ি খাব নিবিচাৰে, তেন্তে আজি আমি আপোনালোকক ইয়াৰ পৰা মুক্তি পাবলৈ ৩টা ঘৰুৱা উপায় ক'ম, যাৰ সহায়ত আপুনি মূৰত খজুৱতিক বাই-বাই দিব পাৰিব।

মূৰৰ খজুৱতিৰ পৰা মুক্তি পোৱাৰ টিপছ

১) পিঁয়াজৰ ৰসঃ পিঁয়াজৰ ৰসে মূৰৰ খজুৱতিৰ পৰা ৰক্ষা কৰিব পাৰে। আচলতে এই ৰসত প্ৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। এন্টি-বেক্টেৰিয়েল গুণো পোৱা যায়, যিয়ে মূৰৰ ছাল পৰিষ্কাৰ আৰু বেক্টেৰিয়ামুক্ত কৰি ৰখাত সহায় কৰে। পিঁয়াজৰ ৰসে উফি আৰু মূৰৰ ছালৰ সংক্ৰমণ আঁতৰাই ৰখাতো সহায় কৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ পিঁয়াজ পিহি এটা বাটিত তাৰ ৰস উলিয়াই লওক। ইয়াৰ পিছত চুলিত মালিচ কৰি এঘণ্টাৰ পিছত চুলিখিনি শ্বেম্পুৰে ধুব। চুলিবোৰ জিলিকি উঠিব।

২) কেস্তৰ অইলঃ কেস্তৰ অইলত বেক্টেৰিয়া আৰু ইনফেকচন প্ৰতিৰোধী গুণ পোৱা যায়। ইয়াৰ ব্যৱহাৰৰ লগে লগে চুলিৰ গুড়িবোৰ মজবুত হৈ পৰে, যাৰ ফলত সৰা কমি যায়। যদি আপোনাৰ মূৰত খজুৱতি আৰম্ভ হয় তেন্তে কেস্তৰ অইল, সৰিয়হ তেল আৰু নাৰিকল তেলৰ মিশ্ৰণ ব্যৱহাৰ কৰক। ইয়াৰ বাবে এচামুচ সৰিয়হৰ তেল, এচামুচ নাৰিকল তেল আৰু এচামুচ কেস্তৰ অইল লৈ একেলগে মিহলাই লওক। ইয়াৰ পিছত সেই মিশ্ৰিত তেল চুলিৰ গুৰিত লগাই মালিচ কৰিব। ৰাতিটো তেল লগাই ৰখাৰ পিছত ৰাতিপুৱা পৰিষ্কাৰ পানীৰে মূৰটো ধুব লাগে। খজুৱতি আৰু সংক্ৰমণৰ পৰা আপুনি সকাহ পাব।

৩) দৈৰ ব্যৱহাৰঃ মূৰৰ ছালৰ সংক্ৰমণ আৰু খজুৱতি দূৰ কৰিবলৈও দৈৰ ব্যৱহাৰ উপকাৰী বুলি বিবেচিত হয়। ইয়াত লেক্টিক এচিড পোৱা যায়। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায়, যিয়ে চুলিক শক্তিশালী কৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ আধা কাপ দৈ লৈ তাত ২ চামুচ সৰিয়হৰ তেল মিহলাই লওক। ইয়াৰ পিছত তাত চাহ গছৰ চুলিৰ তেল কেইটোপালমান দিব। তাৰ পিছত শ্বেম্পুৰে চুলি পৰিষ্কাৰ কৰি তাত দৈ চুলিৰ মাস্ক মিহলাই লওক। প্ৰায় ২০ মিনিটমান ৰখাৰ পিছত চুলিখিনি ভালদৰে কুহুমীয়া পানীৰে ধুব। আপোনাৰ চুলিৰ পৰা সকলো মলি আঁতৰি যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ