--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদৰোগসমূহৰ ভিতৰত অতি ভয়াৱহ হৈছে হাৰ্ট এটেক। হাৰ্ট এটেক হোৱা লোকে আক্ৰান্ত হোৱাৰ পিছতে চিকিৎসাৰ সুবিধা লাভ নকৰিলে জীৱনৰ বাবে সেয়া ভয়াৱহ হৈ উঠিব পাৰে। কম বয়সীয়া লোকৰ মাজতো বৰ্তমান হাৰ্ট এটেকৰ চিকাৰ হৈ অহা দেখিবলৈ পোৱা গৈছে।

চিকিৎসকলে হাৰ্ট এটেকৰ কাৰণ হিচাপে অনিয়মিত জীৱন প্ৰণালীকে দায়ী কৰে। জীৱন প্ৰণালীৰ অলপ পৰিৱৰ্তন কৰিলেই হাৰ্ট এটেকৰ আশংকাৰ পৰা বহুখিনি আঁতৰি থাকিব পাৰি।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত হাৰ্ট এটেক হৈছে মৃত্যুৰ দ্বিতীয় বৃহৎ কাৰণ।কিন্তু শেহতীয়া পৰ্যবেক্ষণ আৰু অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে স্নানাগাৰতে সৰ্বাধিক সংখ্যক হাৰ্ট এটেকৰ ঘটনা ঘটে। বিজ্ঞানীসকলে অৱশ্যে স্নানাগাৰত কিয় হাৰ্ট এটেকৰ ঘটনা বেছিকৈ ঘটে সেই বিষয়ত নিৰ্দিষ্ট কোনো কাৰণ নিৰ্ধাৰণ কৰিবলৈ সক্ষম হোৱা নাই।  বাথৰুমত হোৱা হাৰ্ট এটেকে  কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। যিহেতু বাথৰুম ব্যক্তিগত স্থান হয়,  তাত হঠাতে  সহায়ৰ প্ৰয়োজন হ'লেও আনে সহজে গম নাপাব পাৰে। সেয়ে  কেতিয়াবা চিকিৎসা বিলম্বিত হ'ব পাৰে।

হাৰ্ট এটেক হৈছে হৃদযন্ত্ৰৰ এক স্থিতি য'ত আপোনাৰ হৃদযন্ত্ৰৰ স্পন্দন প্ৰায় বন্ধ হৈ পৰে। তেতিয়া অঙ্গবোৰে পৰ্যাপ্ত  অক্সিজেন  লাভ কৰিব নোৱাৰে। ফলত জীৱন আসন্ন বিপদৰ মুখত পৰে।
 
বিজ্ঞানীসকলে ধাৰণা কৰিছে যে  বাথৰুম ব্যৱহাৰ কৰাৰ সময়ত মানুহৰ  ভেগাছ স্নায়ুৰ ওপৰত চাপ পৰে, ই  কেতিয়াবা  হৃদস্পন্দনৰ হাৰ হ্ৰাস কৰিব পাৰে।
অত্যাধিক ঠাণ্ডা পানীয়েও হৃদস্পন্দনৰ হাৰ দ্ৰুতভাৱে প্ৰভাৱিত হ'ব পাৰে। শৰীৰৰ তাপমাত্ৰাই গা ধোৱা পানী বা শ্বাৱাৰৰ পানীৰ সৈতে  দ্ৰুতগতিত তাল মিলাই ল’বলগীয়া হয়। , ইয়াৰ ফলত তাৎক্ষণিকভাবে  ধমনী আৰু ৰক্তবাহী নলিকাবোৰৰ ওপৰত চাপ পৰিব  পাৰে।
এনে বিপদৰ আশংকাৰ বাবেই উচ্চ ৰক্তচাপ বা হৃদৰোগ থকা লোকসকলে শ্বাৱাৰ ব্যৱহাৰ নকৰাই ভাল বুলি বিশেষজ্ঞসকলে কয়। 





যদি যিকোনো কাৰণত বাথৰুমত চিকিৎসা সহায়ৰ প্ৰয়োজন হয়, তেন্তে লাজ অনুভৱ কৰিলেও সহায় প্ৰাপ্ত লাভ কৰাটো  গুৰুত্বপূৰ্ণ।
 আমাৰ দৈনন্দিন জীৱনত কেত বোৰ কথাৰ পৰিৱৰ্তন সাধিলে আমি এনে গুৰুতৰ সমস্যাৰ পৰা ভালে খিনি হাতসাৰি থাকিব পাৰো।

শৰীৰত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পোৱাটো মুঠেও স্বাস্থ্যসন্মত কথা নহয়। ডায়েবেটিছৰ সমস্যা হ্ৰাস পালে হাৰ্ট এটেকৰ সম্ভাৱনাও ভালে খিনি কমি যায়।

শৰীৰৰ ওজন নিয়ন্ত্ৰণ ৰাখক। নিয়মিত যোগাসন-ব্যায়াম কৰিলে হাৰ্ট সুস্থ থাকে। সদায় আধাঘন্টা খোজকঢ়াটো প্ৰয়োজন। সপ্তাহটোত কমেও পাঁচদিন যোগ-ব্যায়াম কৰা উচিত।

মদ্যপান আৰু ধূমপান পৰিত্যাগ সম্পূৰ্ণ পৰিত্যাগ কৰিব লাগিব।
 
স্বাস্থ্যসন্মত খাদ্য খোৱাটো আন এক গুৰুত্বপূৰ্ণ বিষয়। প্ৰতিদিনিৰ খাদ্য তালিকাত প্ৰ’টিন, কাৰ্ব’হাইড্ৰেইট আৰু চৰ্বিৰ পৰিমাণৰ সমতা ৰক্ষা কৰিব লাগে।

সতেজ ফল-মূল, শাক-পাচলি খাওক। প্ৰতিদিনে খোৱাৰ সাজত অমেগা -৩ফেটি এচিড থকা মাছ খাবলৈ চেষ্টা কৰক। ছাগলীৰ মাংস (ৰেড মিট), নিমখ, মিঠাই আদি খোৱাটো কমাই দিয়ক।

হাৰ্ট সুস্থ ৰাখিবলৈ পৰ্যাপ্ত টোপনি অত্যন্ত প্ৰয়োজনীয় বিষয়। সুস্থ থাকিবলৈ প্ৰতিদিনে ছয়-সাত ঘন্টা টোপনি মৰাটো দৰকাৰী কথা।

সেইদৰে মানসিক চাপৰ পৰা নিজকে মুক্ত ৰখাৰ চেষ্টা কৰা উচিত। ইয়াৰ বাবে নিয়মিত যোগাভ্যাস কৰা উচিত। প্ৰাণায়ামেও হৃদয় সুস্থ ৰখাত সহায় কৰে। নিয়মিত  প্ৰাণায়াম কৰিলে আনকি হৃদযন্ত্ৰ ব্ল'কো খোল খাই যায় বুলি বিশেষজ্ঞসকলে কৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ