--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০২০ চনৰ ফেব্ৰুৱাৰীত দিল্লীত সংঘটিত সংঘর্ষত ৫৩জন লোকে প্রাণ হেৰুৱাইছিল আৰু প্রায় ৭০০জন লোক আহত হৈছিল।

ডিজিটেল ডেস্ক : ২০২০ চনত সংঘটিত সংঘৰ্ষৰ ষড়যন্ত্ৰৰ গোচৰত অভিযুক্ত ওমৰ খালিদ, শ্বার্জিল ইমাম আৰু অন্য ৭জনক দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে জামিন দিবলৈ অস্বীকাৰ কৰে।


খালিদ, ইমাম, মঃ ছালিম খান, শ্বিফা উৰ ৰেহমান, আথাৰ খান, মীৰান হাইদাৰ, আব্দুল খালিদ ছাইফী, গুলফিছা ফাতিমা আৰু শ্বাদাব আহমেদৰ জামিন আৱেদনৰ শুনানি লৈ ন্যায়াধীশ নবীন চাওলা আৰু শ্বালিন্দাৰ কৌৰৰ এখন পীঠে এই ৰায় দিয়ে।


আদালতে গোচৰটোৰ ৰায় ৯ জুলাইত সংৰক্ষিত ৰাখিছিল। চৰকাৰী পক্ষৰ অধিবক্তাই আটাইকেইজন অভিযুক্তৰ জামিন আৱেদনৰ বিৰোধিতা কৰি কয় যে সেয়া স্বতঃস্ফূর্ত সংঘৰ্ষৰ ঘটনা নাছিল, বৰঞ্চ ই আছিল এটা পৰিকল্পিত ষড়যন্ত্র।


উল্লেখযোগ্য যে ২০২০ চনৰ ফেব্ৰুৱাৰীত দিল্লীত সংঘটিত সংঘর্ষত ৫৩জন লোকে প্রাণ হেৰুৱাইছিল আৰু প্রায় ৭০০জন লোক আহত হৈছিল।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ