--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ 'অপাৰেশ্যন সিন্দুৰ'ৰ সময়ছোৱাত পাকিস্তানৰ কিৰানা হিলছত থকা পাৰমাণৱিক ভাণ্ডাৰৰ পৰা কোনো তেজস্ক্রিয় ৰশ্মি নির্গত হোৱা নাছিল। এই তথ্য নিশ্চিত কৰিছে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই (আই এই এ)। 

'অপাৰেশ্যন সিন্দুৰ'ৰ সময়ছোৱাত পাকিস্তানৰ সৰগোধা কিৰানা হিলছত ভাৰতে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত তেজস্ক্রিয় ৰশ্মি নির্গত হৈছিল বুলি পাকিস্তানৰ লগতে বহুতো মহলে অপপ্ৰচাৰ চলাই আছিল।

আই এ ই এৰ প্ৰেছ বিভাগৰ ফ্ৰেডৰিক ডাহলে ভাৰতীয় সাংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত এই তথ্য নিশ্চিত কৰে। তেওঁ কয় যে আই এ ই এত উপলব্ধ তথ্যৰ ভিত্তিত এইটো স্পষ্ট হৈছে যে পাকিস্তানত থকা পাৰমাণৱিক ভাণ্ডাৰৰ পৰা কোনো ধৰণৰ তেজস্ক্রিয় ৰশ্মি নির্গত হোৱা নাই। ভাৰতীয় ক্ষেপণাস্ত্ৰৰ আঘাতত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰত প্ৰভাৱ পৰিছিল বুলি পাকিস্তান । আৰু বিভিন্ন সামাজিক মাধ্যমে দাবী কৰি অহাৰ মাজতেই আই এ ই এৰ এই তথ্য পোহৰলৈ আহিছে।

আনহাতে, ভাৰতৰ বায়ু সেনাৰ ডি জি এ অ' এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে দুদিন পূর্বে সদৰী কৰিছিল যে ভাৰতে কিৰানা হিল্ক লক্ষ্য কৰি আক্ৰমণ কৰা নাই অথবা পাকিস্তানৰ কোনো পাৰমাণৱিক ভাণ্ডাৰতে ভাৰতে ক্ষেপণাস্ত্র নিক্ষেপ কৰা নাই। তদুপৰি, ভাৰতৰ বৈদেশিক পৰিক্ৰমা ম্যালয়েও পাকিস্তানৰ পাৰমাণৱিক ভাণ্ডাৰৰ পৰা তেজস্ক্রিয় ৰশ্মি নির্গত হোৱাৰ বাতৰি অস্বীকাৰ কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত