--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ 'অপাৰেশ্যন সিন্দুৰ'ৰ সময়ছোৱাত পাকিস্তানৰ কিৰানা হিলছত থকা পাৰমাণৱিক ভাণ্ডাৰৰ পৰা কোনো তেজস্ক্রিয় ৰশ্মি নির্গত হোৱা নাছিল। এই তথ্য নিশ্চিত কৰিছে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই (আই এই এ)। 

'অপাৰেশ্যন সিন্দুৰ'ৰ সময়ছোৱাত পাকিস্তানৰ সৰগোধা কিৰানা হিলছত ভাৰতে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত তেজস্ক্রিয় ৰশ্মি নির্গত হৈছিল বুলি পাকিস্তানৰ লগতে বহুতো মহলে অপপ্ৰচাৰ চলাই আছিল।

আই এ ই এৰ প্ৰেছ বিভাগৰ ফ্ৰেডৰিক ডাহলে ভাৰতীয় সাংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত এই তথ্য নিশ্চিত কৰে। তেওঁ কয় যে আই এ ই এত উপলব্ধ তথ্যৰ ভিত্তিত এইটো স্পষ্ট হৈছে যে পাকিস্তানত থকা পাৰমাণৱিক ভাণ্ডাৰৰ পৰা কোনো ধৰণৰ তেজস্ক্রিয় ৰশ্মি নির্গত হোৱা নাই। ভাৰতীয় ক্ষেপণাস্ত্ৰৰ আঘাতত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰত প্ৰভাৱ পৰিছিল বুলি পাকিস্তান । আৰু বিভিন্ন সামাজিক মাধ্যমে দাবী কৰি অহাৰ মাজতেই আই এ ই এৰ এই তথ্য পোহৰলৈ আহিছে।

আনহাতে, ভাৰতৰ বায়ু সেনাৰ ডি জি এ অ' এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে দুদিন পূর্বে সদৰী কৰিছিল যে ভাৰতে কিৰানা হিল্ক লক্ষ্য কৰি আক্ৰমণ কৰা নাই অথবা পাকিস্তানৰ কোনো পাৰমাণৱিক ভাণ্ডাৰতে ভাৰতে ক্ষেপণাস্ত্র নিক্ষেপ কৰা নাই। তদুপৰি, ভাৰতৰ বৈদেশিক পৰিক্ৰমা ম্যালয়েও পাকিস্তানৰ পাৰমাণৱিক ভাণ্ডাৰৰ পৰা তেজস্ক্রিয় ৰশ্মি নির্গত হোৱাৰ বাতৰি অস্বীকাৰ কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ