--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পতি-পত্নী দুয়ো বিয়লি বিদ্যালয়ৰ পৰা আহিহে গম পাই চুৰিকাণ্ডৰ কথা। ঘৰৰ আটাইকেইটা কোঠা লণ্ড-ভণ্ড কৰে চোৰে।

ডিজিটেল ডেস্কঃ নাৰায়ণপুৰৰ জৰাবাৰী চাৰিআলিত দিনদুপৰতে সংঘটিত হ'ল চুৰিকাণ্ড। পিছলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক খগেন বৰুৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা বাসগৃহত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা।


পতি-পত্নী দুয়ো বিয়লি বিদ্যালয়ৰ পৰা আহিহে গম পাই চুৰিকাণ্ডৰ কথা। ঘৰৰ আটাইকেইটা কোঠা লণ্ড-ভণ্ড কৰে চোৰে।


চোৰে কিমান পৰিমাণৰ সা-সামগ্ৰী লুটি নিয়ে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। সম্প্ৰতি নাৰায়ণপুৰ আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।


উল্লেখ্য যে তিনিবছৰ মানৰ পূৰ্বেও উক্ত পৰিয়ালটোৰ বাসগৃহত দিনদুপৰতে সংঘটিত হৈছিল চুৰিকাণ্ডৰ ঘটনা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ