--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীয়ে AS06-AC -7653 নম্বৰৰ বিলাসী গাড়ীৰ পৰা তিনিজনী গাইগৰু উদ্ধাৰ কৰাৰ লগতে গাড়ীখনত অহা শিৱসাগৰ ষ্টেচন চাৰিআলিৰ মেৰাজ আলী (৩৯ ) আৰু চমিদুল আলীক ( ৪০ ) আটক কৰিবলৈ সক্ষম হয় ।

ডিজিটেল ডেস্কঃ  কাহিলী পুৱাতে নাজিৰাৰ আৰক্ষীয়ে এখন বিলাসী বাহনসহ তিনিজনী গাইগৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।


নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেতৃত্বত আৰক্ষীৰ দলে গেলেকী মেকীপুৰ ফালৰ পৰা অহা তিনিখন গৰুভৰ্তি বিলাসী বাহন অহাৰ সম্ভেদ পাই বৰতলাৰ পৰা আৰক্ষীয়ে খেদি খেদি নাজিৰা চাৰিআলিত এখন গাড়ী ৰখাবলৈ সক্ষম হয় আৰু আন দুখন গৰুভৰ্তি গাড়ী অতি কৌশলেৰে চাৰিআলিৰ সমীপত ঘূৰাই বিপৰীত দিশত পলায়ন কৰে।


আৰক্ষীয়ে AS06-AC -7653 নম্বৰৰ বিলাসী গাড়ীৰ পৰা তিনিজনী গাইগৰু উদ্ধাৰ কৰাৰ লগতে গাড়ীখনত অহা শিৱসাগৰ ষ্টেচন চাৰিআলিৰ মেৰাজ আলী (৩৯ ) আৰু চমিদুল আলীক ( ৪০ ) আটক কৰিবলৈ সক্ষম হয় ।


আনহাতে চুৰিগৰু ভৰ্তি গাড়ীখনৰ চালকজনো অতি কৌশলেৰে পলায়ন কৰে । আৰক্ষীয়ে গৰুচোৰৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ