--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত তথা গৰৈমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন লাৰুৱাজান গাঁৱত ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

ডিজিটেল ডেস্কঃ চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ। আক্কাছ আলীৰ বিৰুদ্ধে অতিষ্ঠ হৈ শ শ পুৰুষ মহিলাই নামিল ৰাজপথত। আক্কাছ আলীৰ দুৰ্নীতি দালালৰাজ বন্ধ কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবীত ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত তথা গৰৈমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন লাৰুৱাজান গাঁৱত ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

উল্লেখ্য যে যোৱা ১২ অক্টোবৰত লাৰুৱাজান গাঁৱত ৱাৰ্ড সদস্যাৰ স্বামী আব্দুল কাইউমৰ লগতে আন কেইবাজনোলোক বলি হৈছিল ভয়ংকৰ আক্ৰমণৰ। 

অন্য এজন লোকৰ ঘৰত গৈ আক্কাছ আলীয়ে আব্দুল কাইউমসহ এজনী কিশোৰী আৰু এজনী মহিলাক আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰিছিল।প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ জি অ টেগিঙক কেন্দ্ৰ কৰি সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা। ঘটনা সন্দৰ্ভত জোৰশিমুলী আৰক্ষী চকীত দাখিল হৈছিল এজাহাৰ।

জোৰশিমুলী আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ বুধবাৰে আবেলি লাৰুৱাজান গাঁৱত স্থানীয় ৰাইজে আক্কাছ আলীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

আক্কাছ আলীয়ে পূৰ্বে অৰুণোনাদয় আঁচনি আৰু ঘৰৰ নামত বহু মহিলাৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে। ধন ঘুৰাই আনিবলৈ যোৱা লোকক বিভিন্ন ধৰণৰ ভয় ভাবুকি দিয়াৰো অভিযোগ।

সেয়ে ৰাইজে আক্কাছ আলীক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনোৱাৰ লগতে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি লাৰুৱাজানৰ ৰাজপথ কঁপাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ