--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত তথা গৰৈমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন লাৰুৱাজান গাঁৱত ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

ডিজিটেল ডেস্কঃ চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ। আক্কাছ আলীৰ বিৰুদ্ধে অতিষ্ঠ হৈ শ শ পুৰুষ মহিলাই নামিল ৰাজপথত। আক্কাছ আলীৰ দুৰ্নীতি দালালৰাজ বন্ধ কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবীত ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।


দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত তথা গৰৈমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন লাৰুৱাজান গাঁৱত ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।


উল্লেখ্য যে যোৱা ১২ অক্টোবৰত লাৰুৱাজান গাঁৱত ৱাৰ্ড সদস্যাৰ স্বামী আব্দুল কাইউমৰ লগতে আন কেইবাজনোলোক বলি হৈছিল ভয়ংকৰ আক্ৰমণৰ। 


অন্য এজন লোকৰ ঘৰত গৈ আক্কাছ আলীয়ে আব্দুল কাইউমসহ এজনী কিশোৰী আৰু এজনী মহিলাক আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰিছিল।প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ জি অ টেগিঙক কেন্দ্ৰ কৰি সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা। ঘটনা সন্দৰ্ভত জোৰশিমুলী আৰক্ষী চকীত দাখিল হৈছিল এজাহাৰ।


জোৰশিমুলী আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ বুধবাৰে আবেলি লাৰুৱাজান গাঁৱত স্থানীয় ৰাইজে আক্কাছ আলীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।


আক্কাছ আলীয়ে পূৰ্বে অৰুণোনাদয় আঁচনি আৰু ঘৰৰ নামত বহু মহিলাৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে। ধন ঘুৰাই আনিবলৈ যোৱা লোকক বিভিন্ন ধৰণৰ ভয় ভাবুকি দিয়াৰো অভিযোগ।


সেয়ে ৰাইজে আক্কাছ আলীক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনোৱাৰ লগতে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি লাৰুৱাজানৰ ৰাজপথ কঁপাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ