--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ চুৰাট চহৰত এটি ৫ দিনীয়া নৱজাতক কন্যাই অংগদানৰ জৰিয়তে ছয়টা শিশুক জীৱন প্ৰদান কৰা ভাৰতৰ প্ৰথম সন্তান আৰু বিশ্বৰ ভিতৰতে দ্বিতীয় সন্তান হিচাপে পৰিগণিত হৈছে। আচলতে জন্মৰ পিছত যেতিয়া শিশুটিৰ কোনো গতিবিধিৰ লক্ষণ দেখা নগ’ল, তেতিয়া নৱজাতক শিশুটিক ভেণ্টিলেটৰত ভৰাই দিয়াৰ সিদ্ধান্ত লোৱা হ’ল। 

ইয়াৰ পাছতো যেতিয়া স্বাস্থ্যৰ উন্নতি নহ’ল, তেতিয়া মাত্ৰ ১২০ ঘণ্টাৰ পিছত শিশুটিক ব্ৰেইন ডেড বুলি ঘোষণা কৰা হ’ল। শিশুটিৰ পিতৃ-মাতৃক অংগদানৰ গুৰুত্বৰ বিষয়ে বুজাই দিয়া হয়। এই পৃথিৱী এৰি যোৱাৰ আগতে এই নৱজাতকে ৬ টা সন্তানক এক নতুন জীৱন দিলে। শিশুটিৰ ২ টা বৃক্ক, ২ টা চকু, প্লীহা আৰু যকৃত দান কৰা হয়।

১৩ অক্টোবৰত ব্যক্তিগত চিকিৎসালয়ত জন্মগ্ৰহণ কৰিছিল নৱজাতকটোৱে। কিন্তু মাক-দেউতাকৰ সুখ দুখলৈ পৰিণত হ’ল যেতিয়া ডাক্তৰে শিশুটিক ব্ৰেইন ডেড ঘোষণা কৰে।

চিকিৎসকে পিতৃ-মাতৃক নৱজাতকটিৰ অংগদান কৰিবলৈ আহ্বান জনায়। এই আহ্বানত শিশুটিৰ পৰিয়ালৰ সদস্যই অংগদানৰ বাবে সন্মতি দিয়ে। পৰিয়ালৰ সন্মতি লাভ কৰাৰ পাছত পি পি ছাভানি হাস্পতালৰ চিকিৎসকে শিশুটিৰ শৰীৰৰ পৰা বৃক্ক, কৰ্ণিয়া, যকৃত আৰু প্লীহা দুয়োটা আঁতৰাই পেলায় আৰু ছটিকৈ শিশুক নতুন জীৱন দিয়ে।

কিডনী ডিজিজ ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক ডাঃ বিনীত মিশ্ৰই কয় যে নৱজাতকটিৰ দুয়োটা বৃক্কৰ পৰা ১৩ আৰু ১৫ বছৰ বয়সৰ দুজন কিশোৰক লাইফ চাপৰ্ট দিয়া হৈছে। ব্ৰেইন ডেড হ’ল এনে এক অৱস্থা, য’ত মগজুৱে কাম কৰা বন্ধ কৰি দিয়ে আৰু কেইঘণ্টামানৰ ভিতৰতে ভুক্তভোগীৰ মৃত্যু অনিবাৰ্য হৈ পৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ