--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ চুৰাট চহৰত এটি ৫ দিনীয়া নৱজাতক কন্যাই অংগদানৰ জৰিয়তে ছয়টা শিশুক জীৱন প্ৰদান কৰা ভাৰতৰ প্ৰথম সন্তান আৰু বিশ্বৰ ভিতৰতে দ্বিতীয় সন্তান হিচাপে পৰিগণিত হৈছে। আচলতে জন্মৰ পিছত যেতিয়া শিশুটিৰ কোনো গতিবিধিৰ লক্ষণ দেখা নগ’ল, তেতিয়া নৱজাতক শিশুটিক ভেণ্টিলেটৰত ভৰাই দিয়াৰ সিদ্ধান্ত লোৱা হ’ল। 

ইয়াৰ পাছতো যেতিয়া স্বাস্থ্যৰ উন্নতি নহ’ল, তেতিয়া মাত্ৰ ১২০ ঘণ্টাৰ পিছত শিশুটিক ব্ৰেইন ডেড বুলি ঘোষণা কৰা হ’ল। শিশুটিৰ পিতৃ-মাতৃক অংগদানৰ গুৰুত্বৰ বিষয়ে বুজাই দিয়া হয়। এই পৃথিৱী এৰি যোৱাৰ আগতে এই নৱজাতকে ৬ টা সন্তানক এক নতুন জীৱন দিলে। শিশুটিৰ ২ টা বৃক্ক, ২ টা চকু, প্লীহা আৰু যকৃত দান কৰা হয়।

১৩ অক্টোবৰত ব্যক্তিগত চিকিৎসালয়ত জন্মগ্ৰহণ কৰিছিল নৱজাতকটোৱে। কিন্তু মাক-দেউতাকৰ সুখ দুখলৈ পৰিণত হ’ল যেতিয়া ডাক্তৰে শিশুটিক ব্ৰেইন ডেড ঘোষণা কৰে।

চিকিৎসকে পিতৃ-মাতৃক নৱজাতকটিৰ অংগদান কৰিবলৈ আহ্বান জনায়। এই আহ্বানত শিশুটিৰ পৰিয়ালৰ সদস্যই অংগদানৰ বাবে সন্মতি দিয়ে। পৰিয়ালৰ সন্মতি লাভ কৰাৰ পাছত পি পি ছাভানি হাস্পতালৰ চিকিৎসকে শিশুটিৰ শৰীৰৰ পৰা বৃক্ক, কৰ্ণিয়া, যকৃত আৰু প্লীহা দুয়োটা আঁতৰাই পেলায় আৰু ছটিকৈ শিশুক নতুন জীৱন দিয়ে।

কিডনী ডিজিজ ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক ডাঃ বিনীত মিশ্ৰই কয় যে নৱজাতকটিৰ দুয়োটা বৃক্কৰ পৰা ১৩ আৰু ১৫ বছৰ বয়সৰ দুজন কিশোৰক লাইফ চাপৰ্ট দিয়া হৈছে। ব্ৰেইন ডেড হ’ল এনে এক অৱস্থা, য’ত মগজুৱে কাম কৰা বন্ধ কৰি দিয়ে আৰু কেইঘণ্টামানৰ ভিতৰতে ভুক্তভোগীৰ মৃত্যু অনিবাৰ্য হৈ পৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত