--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কান চিনেমা মহোৎসৱক কেন্দ্ৰ কৰি অসমত হৈ থকা অবাঞ্চিত বাদানুবাদ, বিতৰ্কৰ মাজত হেৰাই গৈছে এটা খবৰ৷ অতি নীৰৱে কানৰ নিজৰ সোণালী আখৰ থৈ লিখি থৈ আহিল অসমৰ এগৰাকী যুৱকে৷ নাম: নীলাদ্ৰি শেখৰ ৰয়৷ কানৰ ৰেড কাৰ্পেটৰ প্ৰসংগক লৈ চলি থকা বিতৰ্কৰ মাজতে কানৰ মূল মহোৎসৱৰ Special Screening Categoryত প্ৰদৰ্শিত হল অসম সন্তান নীলাদ্ৰি ৰয়ৰ ‘All That Breathes’ শীৰ্ষক ডকুমেন্টৰী ফিল্মখন৷ কান চিনেমা মহোৎসৱৰ অফিচিয়েল এণ্ট্ৰি হিচাপে প্ৰদৰ্শিত হৈ বিদেশৰ অগণন দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৰয়ৰ ‘All That Breathes’এ৷

 

উল্লেখযোগ্য কথাটো এয়ে যে এইবাৰ কান চিনেমা মহোৎসৱৰ দ্বাৰা আনুষ্ঠানিকভাৱে নিৰ্বাচিত  এইখনেই হৈছে একমাত্ৰ ভাৰতীয় চিনেমা৷ দিল্লীৰ প্ৰদূষণক লৈ ১ ঘণ্টা ৩৭ মিনিট দৈৰ্ঘত নিৰ্মাণ কৰা হৈছে এইখন তথ্যচিত্ৰ৷ এইবাৰ কান চিনেমা মহোৎসৱত প্ৰথমবাৰৰ বাবে অফিচিয়েল এণ্ট্ৰি লাভ কৰা পাকিস্তানৰ এখন চিনেমাৰ লগতে ভাৰতৰ এই ‘All That Breathes’ চিনেমাখনো দেশ-বিদেশৰ পৰিচালক-প্ৰযোজকৰ দ্বাৰা সুপ্ৰশংসিত হৈছে বুলি জানিব পৰা গৈছে৷

 

পুনেৰ এফটিআইআইৰ পৰা উত্তীৰ্ণ শিলচৰৰ যুৱক নীলাদ্ৰি শেখৰ ৰয়ে বৰ্তমান মুম্বাইত ফ্ৰীলেন্স ছাউণ্ড ডিজাইনাৰ হিচাপে কৰ্মৰত৷ বিগত বৰ্ষত অটিটি প্লেটফৰ্মত মুক্তি পোৱা অমিতাভ বচ্চনৰ চেহৰেনামৰ চিনেখনত সহকাৰী ছাউণ্ড মিক্সিং ইঞ্জিনীয়াৰ হিচাপে জড়িত আছিল নীলাদ্ৰি৷ অস্কাৰ বিজয়ী ভাৰতীয় ছাউণ্ড ডিজাইনাৰ ৰেছঙল পুকুটি আৰু অসমৰ অমৃত প্ৰীতমৰ সৈতে ছবিখনৰ ছাউণ্ডৰ কামত সহকাৰী হিচাপে কাম কৰিছিল নীলাদ্ৰি শেখৰ ৰয়ে৷

 

শেহতীয়াকৈ ‘All That Breathes’ নামৰ তথ্যচিত্ৰখনত স্বাধীনভাৱে ছাউণ্ড ডিজাইন কৰিছে অসমৰ শব্দযন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে, প্ৰতিবছৰে কান চিনেমা মহোৎসৱ কৰ্তৃপক্ষই ইতিমধ্যে বিভিন্ন বিদেশী চিনেমা মহোৎসৱত বিশেষ খ্যাতি অৰ্জন কৰা একোখন চিনেমাত অফিচিয়েল এণ্ট্ৰি হিচাপে নিৰ্বাচিত কৰি বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰে৷ এইবাৰ ভাৰতৰ ‘All That Breathes’ৰ প্ৰতি সেই স্বীকৃতি প্ৰদান কান-এ৷



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন