--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কান চিনেমা মহোৎসৱক কেন্দ্ৰ কৰি অসমত হৈ থকা অবাঞ্চিত বাদানুবাদ, বিতৰ্কৰ মাজত হেৰাই গৈছে এটা খবৰ৷ অতি নীৰৱে কানৰ নিজৰ সোণালী আখৰ থৈ লিখি থৈ আহিল অসমৰ এগৰাকী যুৱকে৷ নাম: নীলাদ্ৰি শেখৰ ৰয়৷ কানৰ ৰেড কাৰ্পেটৰ প্ৰসংগক লৈ চলি থকা বিতৰ্কৰ মাজতে কানৰ মূল মহোৎসৱৰ Special Screening Categoryত প্ৰদৰ্শিত হল অসম সন্তান নীলাদ্ৰি ৰয়ৰ ‘All That Breathes’ শীৰ্ষক ডকুমেন্টৰী ফিল্মখন৷ কান চিনেমা মহোৎসৱৰ অফিচিয়েল এণ্ট্ৰি হিচাপে প্ৰদৰ্শিত হৈ বিদেশৰ অগণন দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৰয়ৰ ‘All That Breathes’এ৷

 

উল্লেখযোগ্য কথাটো এয়ে যে এইবাৰ কান চিনেমা মহোৎসৱৰ দ্বাৰা আনুষ্ঠানিকভাৱে নিৰ্বাচিত  এইখনেই হৈছে একমাত্ৰ ভাৰতীয় চিনেমা৷ দিল্লীৰ প্ৰদূষণক লৈ ১ ঘণ্টা ৩৭ মিনিট দৈৰ্ঘত নিৰ্মাণ কৰা হৈছে এইখন তথ্যচিত্ৰ৷ এইবাৰ কান চিনেমা মহোৎসৱত প্ৰথমবাৰৰ বাবে অফিচিয়েল এণ্ট্ৰি লাভ কৰা পাকিস্তানৰ এখন চিনেমাৰ লগতে ভাৰতৰ এই ‘All That Breathes’ চিনেমাখনো দেশ-বিদেশৰ পৰিচালক-প্ৰযোজকৰ দ্বাৰা সুপ্ৰশংসিত হৈছে বুলি জানিব পৰা গৈছে৷

 

পুনেৰ এফটিআইআইৰ পৰা উত্তীৰ্ণ শিলচৰৰ যুৱক নীলাদ্ৰি শেখৰ ৰয়ে বৰ্তমান মুম্বাইত ফ্ৰীলেন্স ছাউণ্ড ডিজাইনাৰ হিচাপে কৰ্মৰত৷ বিগত বৰ্ষত অটিটি প্লেটফৰ্মত মুক্তি পোৱা অমিতাভ বচ্চনৰ চেহৰেনামৰ চিনেখনত সহকাৰী ছাউণ্ড মিক্সিং ইঞ্জিনীয়াৰ হিচাপে জড়িত আছিল নীলাদ্ৰি৷ অস্কাৰ বিজয়ী ভাৰতীয় ছাউণ্ড ডিজাইনাৰ ৰেছঙল পুকুটি আৰু অসমৰ অমৃত প্ৰীতমৰ সৈতে ছবিখনৰ ছাউণ্ডৰ কামত সহকাৰী হিচাপে কাম কৰিছিল নীলাদ্ৰি শেখৰ ৰয়ে৷

 

শেহতীয়াকৈ ‘All That Breathes’ নামৰ তথ্যচিত্ৰখনত স্বাধীনভাৱে ছাউণ্ড ডিজাইন কৰিছে অসমৰ শব্দযন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে, প্ৰতিবছৰে কান চিনেমা মহোৎসৱ কৰ্তৃপক্ষই ইতিমধ্যে বিভিন্ন বিদেশী চিনেমা মহোৎসৱত বিশেষ খ্যাতি অৰ্জন কৰা একোখন চিনেমাত অফিচিয়েল এণ্ট্ৰি হিচাপে নিৰ্বাচিত কৰি বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰে৷ এইবাৰ ভাৰতৰ ‘All That Breathes’ৰ প্ৰতি সেই স্বীকৃতি প্ৰদান কান-এ৷



 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ