--°C
Loading...
Listen to Article
2 min read
80%
কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক কালি নিয়াৰ আদালতে কাৰাদণ্ড যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পিছতে স্বাভাৱিকতে পাকিস্তানে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

 পাক সন্ত্ৰাসবাদীক অৰ্থৰ যোগান ধৰাৰ অপৰাধতে কালি নিয়াৰ আদালতে মালিকক কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। য়াছিন মালিকৰ কাৰাদণ্ডকলৈ সমগ্ৰ কাশ্মীৰতে তীব্ৰ উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এক কথাত ক’বলৈ গ’লে পাক প্ৰধান্ত্ৰীগৰাকীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত আজিয়েই প্ৰথমবাৰৰ বাবে ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰিছে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু অন্যান্য পাকিস্তানী নেতাসকলে নিয়াৰ আদালতৰ ৰায়ক তীব্ৰ ভাষাৰে গৰিহণা দিছে। কেৱল গৰিহণা দিয়েই দায়িত্ব সামৰা নাই পাকিস্তানে। য়াছিন মালিকৰ কাৰাদণ্ডৰ বিৰুদ্ধে পাক চৰকাৰে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগলৈও পত্ৰ লিখিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দাবী কৰিছে  যে য়াছিনৰ গোচৰটো সম্পূৰ্ণ মনেসজা। পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে য়াছিন মালিকক  দোষী সাব্যস্ত কৰাৰ পিছত টুইটাৰত লিখিছিল যে এয়া ভাৰতীয় গণতন্ত্ৰৰ বাবে এক "ক'লা দিন"।

 তেওঁ মালিকক "স্বাধীনতা সংগ্ৰামী" বুলিও অভিহিত কৰিছিল। পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টোৱেও মালিকৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক পক্ষপাতদুষ্ট পদক্ষেপ আখ্যা দিছে।   

 পাকিস্ভাতানৰ এনে প্ৰতিক্ৰিয়াৰ মাজতে  ভাৰতে এইবুলি কৈছে যে এয়া ভাৰতৰ এটা আভ্যন্তৰীণ বিষয়, সেয়ে পাকিস্তানে এই বিষয়ত মাত নমতাই ভাল। নতুন দিল্লীয়ে পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদক সমৰ্থন কৰা আৰু কাশ্মীৰ অঞ্চলত অস্থিৰতা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। ইফালে, গুপকাৰ মিত্ৰজোঁটে ইয়াছিন মালিকৰ আজীৱন কাৰাদণ্ডক "দুৰ্ভাগ্যজনক" বুলি অভিহিত কৰিছে। মিত্ৰজোঁটৰ মুখপাত্ৰ এম ৱাই তাৰিগামীয়ে এক বিবৃতিত কৈছে যে আদালতৰ ৰায়টোৱে  কাশ্মীৰৰ জনতাৰ মনত বিচ্ছিন্নতাবাদী মানসিকতাক অধিক তীব্ৰ কৰি তুলিব। 

ইয়াছিন মালিকক বুধবাৰে দিল্লীৰ নিয়াৰ বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।  নিষিদ্ধ উগ্ৰপন্থী সংগঠন 'জম্মু আৰু কাশ্মীৰ' লিবাৰেচন ফ্ৰণ্টৰ (জেকেএলএফ) মুৰব্বীগৰাকীক উগ্ৰপন্থীসকলক পুঁজি যোগান ধৰাৰ বাবে ১০ লাখ টকাৰ জৰিমনাও বিহা হৈছে। মালিকক ১৯ মে'ত দোষী সাব্যস্ত কৰা হৈছিল।

 য়াছিন মালিকে নিজেই আদালতত উগ্ৰপন্থীসকলক সমৰ্থন কৰাৰ কথা স্বীকাৰ কৰিছিল। সেই মন্তব্যৰ আধাৰত বিচ্ছিন্নতাবাদী নেতাজনক দোষী সাব্যস্ত কৰা হৈছিল। জানিব পৰা মতে মালিকক কাৰাগাৰৰ এটা পৃথক কুঠৰীত ৰখা হ'ব। মালিকক ৰখা কাৰাগাৰৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কোৰ কৰি তোলা হ’ব।তেওঁক কোনো কাৰণতে পেৰ’লত মুক্তি দিয়াৰ সম্ভাৱনা তেনেই কম বুলি কাৰাগাৰ কৰ্তৃপক্ষৰ এক সূত্ৰই প্ৰকাশ কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ