--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাশ্মীৰী পণ্ডিতক হত্যাৰ ঘটনাক লৈ তোলপাৰ লাগিছে জম্মু-কাশ্মীৰত। বিগত দীঘলীয়া সময় ধৰি জম্মু-কাশ্মীৰত পণ্ডিত লোকসকলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰসংগক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটি আহিছিল। এখন বিশেষ চলচ্চিত্ৰৰ জৰিয়তে জম্মু-কাশ্মীৰৰ পণ্ডিতসকলৰ ওপৰত হোৱা অমানৱীয় আক্ৰমণ আৰু তেওঁলোকৰ নিষ্ঠুৰ উচ্ছেদৰ প্ৰসংগই চৰ্চা লাভ কৰি আহিছিল। 

শেহতীয়াকৈ পুনৰ কাশ্মীৰী পণ্ডিত আৰু অন্য ৰাজ্যৰ অকাশ্মীৰী লোক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱাটো এক উদ্বেগৰ বিষয় হৈ পৰিছে। বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল এগৰাকী কাশ্মীৰী পণ্ডিত। চৰকাৰী কৰ্মচাৰী ৰাহুল ভট্টক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰা ঘটনাৰ পাছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল উপত্যকাটোত। এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কাশ্মীৰী পণ্ডিতসকলে।

এই দুষ্কাৰ্যৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধো কৰা হয়। পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ পাছত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। কিন্তু প্ৰতিবাদ ইমানতে ক্ষান্ত থকা নাই। শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত, কাশ্মীৰত ৩৫০ গৰাকী চৰকাৰী কৰ্মচাৰী তথা কাশ্মীৰী পণ্ডিতে চাকৰিৰ পৰা একেলগে পদত্যাগ কৰিছে। সামূহিক পদত্যাগৰ প্ৰতিলিপি উপ ৰাজ্যপাল, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু গৃহ মন্ত্ৰালয়লৈও প্ৰেৰণ কৰিছে প্ৰতিবাদী কাশ্মীৰী পণ্ডিত কৰ্মচাৰীসকলে

ৰাহুল ভট্টৰ হত্যাক লৈ কাশ্মীৰী পণ্ডিতসকলৰ মাজত তীব্ৰ ক্ষোভৰ উদগীৰণ ঘটিছে। ফলস্বৰূপে, হত্যাৰ প্ৰতিবাদত শুকুৰবাৰে ৩৫০জন চৰকাৰী কৰ্মচাৰীয়ে পদত্যাগ কৰে। সকলোৱে উপ ৰাজ্যপাল মনোজ সিনহালৈ তেওঁলোকৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এই সকলো কাশ্মীৰী পণ্ডিত প্ৰধানমন্ত্ৰীৰ পেকেজৰ কৰ্মচাৰী। তেওঁলোকে কয় যে সন্ত্ৰাসবাদীৰ দ্বাৰা চৰকাৰী কৰ্মচাৰী ৰাহুল ভট্টৰ হত্যাৰ পিছত তেওঁলোকে উপত্যকাত অসুৰক্ষিত অনুভৱ কৰিছে।

একে সময়তে, তেওঁলোকে কাশ্মীৰী পণ্ডিত লাল চকতো আন্দোলন কৰাৰ সিদ্ধান্ত লৈছে। অল পিএম পেকেজ এমপ্লয়িজ ফ'ৰামে সদৰি কৰে যে, পেকেজটোৰ অধীনত নিযুক্ত সকলো কাশ্মীৰী পণ্ডিত কৰ্মচাৰীয়ে পদত্যাগ কৰিছে। এই সন্দৰ্ভত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ৰাহুল ভট্টৰ পত্নী মীনাক্ষীয়ে কয় যে ৰাহুলে চাদুৰাত অসুৰক্ষিত অনুভৱ কৰি আছিল। তেওঁ স্থানীয় প্ৰশাসনক দুবছৰ ধৰি মুখ্য কাৰ্যালয়লৈ পঠিয়াবলৈ আবেদন কৰি আহিছিল। মীনাক্ষীয়ে কৈছিল যে কাশ্মীৰত দুজন শিক্ষক নিহত হোৱাৰ পাছতো ৰাহুলে নিৰাপত্তাৰ কথা উল্লেখ কৰি বদলি বিচাৰিছিল, কিন্তু তেওঁলোকক বদলি কৰা হোৱা নাছিল। ইফালে এই ঘটনাৰ পাছতে ক্ষুব্ধ হৈ পৰা কাশ্মীৰী পণ্ডিতসকলে প্ৰশ্ন কৰিছে যে, তেওঁলোকক মৰাৰ বাবে তালৈ ঘূৰাই পঠিওৱা হৈছে নেকি? জম্মু-কাশ্মীৰত পণ্ডিতসকলক সুৰক্ষা দিয়াটো চৰকাৰৰ বাবে প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ