--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাশ্মীৰী পণ্ডিতক হত্যাৰ ঘটনাক লৈ তোলপাৰ লাগিছে জম্মু-কাশ্মীৰত। বিগত দীঘলীয়া সময় ধৰি জম্মু-কাশ্মীৰত পণ্ডিত লোকসকলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰসংগক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটি আহিছিল। এখন বিশেষ চলচ্চিত্ৰৰ জৰিয়তে জম্মু-কাশ্মীৰৰ পণ্ডিতসকলৰ ওপৰত হোৱা অমানৱীয় আক্ৰমণ আৰু তেওঁলোকৰ নিষ্ঠুৰ উচ্ছেদৰ প্ৰসংগই চৰ্চা লাভ কৰি আহিছিল। 

শেহতীয়াকৈ পুনৰ কাশ্মীৰী পণ্ডিত আৰু অন্য ৰাজ্যৰ অকাশ্মীৰী লোক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱাটো এক উদ্বেগৰ বিষয় হৈ পৰিছে। বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল এগৰাকী কাশ্মীৰী পণ্ডিত। চৰকাৰী কৰ্মচাৰী ৰাহুল ভট্টক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰা ঘটনাৰ পাছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল উপত্যকাটোত। এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কাশ্মীৰী পণ্ডিতসকলে।

এই দুষ্কাৰ্যৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধো কৰা হয়। পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ পাছত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। কিন্তু প্ৰতিবাদ ইমানতে ক্ষান্ত থকা নাই। শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত, কাশ্মীৰত ৩৫০ গৰাকী চৰকাৰী কৰ্মচাৰী তথা কাশ্মীৰী পণ্ডিতে চাকৰিৰ পৰা একেলগে পদত্যাগ কৰিছে। সামূহিক পদত্যাগৰ প্ৰতিলিপি উপ ৰাজ্যপাল, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু গৃহ মন্ত্ৰালয়লৈও প্ৰেৰণ কৰিছে প্ৰতিবাদী কাশ্মীৰী পণ্ডিত কৰ্মচাৰীসকলে

ৰাহুল ভট্টৰ হত্যাক লৈ কাশ্মীৰী পণ্ডিতসকলৰ মাজত তীব্ৰ ক্ষোভৰ উদগীৰণ ঘটিছে। ফলস্বৰূপে, হত্যাৰ প্ৰতিবাদত শুকুৰবাৰে ৩৫০জন চৰকাৰী কৰ্মচাৰীয়ে পদত্যাগ কৰে। সকলোৱে উপ ৰাজ্যপাল মনোজ সিনহালৈ তেওঁলোকৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এই সকলো কাশ্মীৰী পণ্ডিত প্ৰধানমন্ত্ৰীৰ পেকেজৰ কৰ্মচাৰী। তেওঁলোকে কয় যে সন্ত্ৰাসবাদীৰ দ্বাৰা চৰকাৰী কৰ্মচাৰী ৰাহুল ভট্টৰ হত্যাৰ পিছত তেওঁলোকে উপত্যকাত অসুৰক্ষিত অনুভৱ কৰিছে।

একে সময়তে, তেওঁলোকে কাশ্মীৰী পণ্ডিত লাল চকতো আন্দোলন কৰাৰ সিদ্ধান্ত লৈছে। অল পিএম পেকেজ এমপ্লয়িজ ফ'ৰামে সদৰি কৰে যে, পেকেজটোৰ অধীনত নিযুক্ত সকলো কাশ্মীৰী পণ্ডিত কৰ্মচাৰীয়ে পদত্যাগ কৰিছে। এই সন্দৰ্ভত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ৰাহুল ভট্টৰ পত্নী মীনাক্ষীয়ে কয় যে ৰাহুলে চাদুৰাত অসুৰক্ষিত অনুভৱ কৰি আছিল। তেওঁ স্থানীয় প্ৰশাসনক দুবছৰ ধৰি মুখ্য কাৰ্যালয়লৈ পঠিয়াবলৈ আবেদন কৰি আহিছিল। মীনাক্ষীয়ে কৈছিল যে কাশ্মীৰত দুজন শিক্ষক নিহত হোৱাৰ পাছতো ৰাহুলে নিৰাপত্তাৰ কথা উল্লেখ কৰি বদলি বিচাৰিছিল, কিন্তু তেওঁলোকক বদলি কৰা হোৱা নাছিল। ইফালে এই ঘটনাৰ পাছতে ক্ষুব্ধ হৈ পৰা কাশ্মীৰী পণ্ডিতসকলে প্ৰশ্ন কৰিছে যে, তেওঁলোকক মৰাৰ বাবে তালৈ ঘূৰাই পঠিওৱা হৈছে নেকি? জম্মু-কাশ্মীৰত পণ্ডিতসকলক সুৰক্ষা দিয়াটো চৰকাৰৰ বাবে প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক