--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ৩ মে'ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত ৭ মে'ত এখন গে'ছ পেপাৰৰ ভালেমান প্রশ্ন পৰীক্ষাৰ মূল প্রশ্নকাকতত হুবহু আহিছে। ইয়াৰ পাছত প্রশ্নকাকত ফাদিলৰ অভিযোগৰ প্ৰাৰম্ভিক তদন্তৰ পাছত ১২ মে'ত পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰা হয়।

ডিজিটেল ডেস্ক : প্রশ্ন কাকত ফাদিলৰ বাবে বাতিল হোৱা নীট-ইউ জি পৰীক্ষা পুনৰ ২১ জুনত অনুষ্ঠিত হ'ব। কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে এখন সংবাদমেলত এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আয়োজন কৰা নীট-ইউ জি যোৱা ৩ মে'ত অনুষ্ঠিত হৈছিল, কিন্তু প্রশ্নকাকত ফাদিলৰ ঘটনা পোহৰলৈ অহাৰ পাছত পৰীক্ষা বাতিল কৰা হয়। শিক্ষা মন্ত্রী প্রধানে সংবাদমেলত স্বীকাৰ কৰে যে 'আমাৰ ভুল হৈছিল।'


তেওঁ কয় যে ৰাষ্ট্ৰীয় টেষ্টিং এজেন্সীয়ে পুনৰ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ নতুন তাৰিখ প্রকাশ কৰিছে। তেওঁ লগতে প্রকাশ কৰে যে পুনৰ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ বাবে ১৪ জুনত এডমিট কার্ড জাৰি কৰা হ'ব আৰু এইবাৰ পৰীক্ষাৰ্থীক ১৫ মিনিট অতিৰিক্ত সময় দিয়া হ'ব। পৰীক্ষাৰ্থীসকলে নিজৰ পচন্দৰ পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব পাৰিব বুলিও শিক্ষা মন্ত্রীজনে প্রকাশ কৰে। 


উল্লেখযোগ্য যে যোৱা ৩ মে'ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত ৭ মে'ত এখন গে'ছ পেপাৰৰ ভালেমান প্রশ্ন পৰীক্ষাৰ মূল প্রশ্নকাকতত হুবহু আহিছে। ইয়াৰ পাছত প্রশ্নকাকত ফাদিলৰ অভিযোগৰ প্ৰাৰম্ভিক তদন্তৰ পাছত ১২ মে'ত পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰা হয়। প্রধানে সংবাদমেলত কয় যে প্রশ্নকাকত ফাদিল কাণ্ডৰ পাছত অহা বছৰৰ পৰা নীটৰ পৰীক্ষা অনলাইন হ'ব। অ' এম আৰ শ্বীটৰ পৰিৱৰ্তে পৰীক্ষাৰ্থীক কম্পিউটাৰৰ সন্মুখত বহুওৱা হ'ব। প্রধানে কয়, 'কোনো অযোগ্য প্রার্থী বাছনি হোৱাটো আমি বিচৰা নাই, সেয়েহে আমি ডাঙৰ দায়িত্ব লৈ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছোঁ। নতুনকৈ পৰীক্ষা ২১ মে' দেওবাৰে অনুষ্ঠিত হ'ব। 


সাত মে'ত অনিয়মৰ বিষয়ে জানিব পৰা গৈছিল। এন টি এ এই বিষয়ে চৰকাৰক জনায়। তাৰ পাছত ১২ মে'ত আমি পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লওঁ।' ইয়াৰ লগতে শিক্ষার্থীসকলৰ অহা-যোৱা দায়িত্ব গ্রহণ কৰাৰ কাৰণে ৰাজ্য চৰকাৰসমূহৰ লগত কথা পাতিব বুলি তেওঁ কয়। এইবাৰ চৰকাৰী যন্ত্ৰই পৰীক্ষাত যাতে কোনোধৰণৰ অনিয়ম নহয় সেইটো নিশ্চিত কৰিব। তেওঁ পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক এই বুলি আৱেদন জনাইছে যে তেওঁলোকে নির্ভয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। ধন আৰু মাফিয়াৰ শক্তিৰে কোনো মেধাৱী ছাত্ৰৰ আসন কাঢ়ি ল'বলৈ দিয়া নহ'ব। 


পৰীক্ষা বাতিলৰ ঘটনাত দুখ প্রকাশ কৰি তেওঁ কয় যে ৰাষ্ট্ৰীয় স্বার্থ আৰু ছাত্র-ছাত্ৰীৰ ভৱিষ্যৎ সুৰক্ষিত ৰখাৰ বাবে এই সিদ্ধান্ত ল'বলগীয়া হয়। ইফালে চি বি আয়ে পুনেৰ পৰা প্ৰশ্ন কাকত ফাদিলৰ মূল চক্রান্তকাৰী ৰসায়নবিজ্ঞান অধ্যাপক পি ভি কুলকানীক গ্ৰেপ্তাৰ কৰে। তেওঁ পৰীক্ষাৰ আগে আগে পৰীক্ষাৰ্থীক প্রশ্ন আৰু উত্তৰ যোগান ধৰিছিল। চি বি আইৰ মতে, লাতুৰত বাস কৰা কুলকানী কেইবাবছৰো নীটৰ প্ৰশ্নকাকত প্রস্তুত কৰা পেনেলৰ সদস্য আছিল। তেওঁ প্রশ্নকাকত প্রত্যক্ষভাৱে লাভ কৰিছিল। কুলকানীৰ নিজৰ ঘৰত থকা ক'চিং চেণ্টাৰত নীটত আহিবলগীয়া প্ৰশ্নৰ উত্তৰ জনাই দিছিল। ইয়াৰ পাছত মনীষা ৱাঘমাৰেৰ জৰিয়তে কেইবাজনো প্রার্থীলৈ প্রশ্নকাককত প্ৰেৰণ কৰা হৈছিল। ইফালে প্রশ্নকাকত ফাদিলৰ ঘটনাত মানসিকভাবে আঘাত পাই দিল্লীৰ ২০ বছৰীয়া এগৰাকী ছাত্ৰী, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ ২১ বছৰীয়া এজন যুৱক আৰু গোৱাৰ ১৭ বছৰীয়া এজন ছাত্রই আত্মহত্যা কৰে। 


ইফালে প্রশ্নকাকত ফাদিল কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা শুভম খৈৰনাৰে পৰীক্ষাৰ্থীক ৫০০-৬০০ নম্বৰ দিয়াৰ গেৰাণ্টি দিছিল। খৈৰনাৰে এপ্ৰিলতে যশ যাদৱ নামৰ আন এজন অভিযুক্তক প্রশ্নকাকত বিচাৰিছিল। ইয়াৰ পাছত ২৯ এপ্ৰিলত বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত প্রশ্নকাকত লাভ কৰাতো খৈৰনাৰে নিশ্চিত কৰিছিল। ইয়াৰ পাছত খৈৰনাৰ আৰু তেওঁৰ সহযোগীসকলে নীট-ইউ জিত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক ভাল নম্বৰ লাভ আৰু প্ৰতিষ্ঠিত কলেজত নামভৰ্তিৰ প্রলোভন দি নিজৰ জালত পেলাবলৈ লৈছিল।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ