--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ৩ মে'ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত ৭ মে'ত এখন গে'ছ পেপাৰৰ ভালেমান প্রশ্ন পৰীক্ষাৰ মূল প্রশ্নকাকতত হুবহু আহিছে। ইয়াৰ পাছত প্রশ্নকাকত ফাদিলৰ অভিযোগৰ প্ৰাৰম্ভিক তদন্তৰ পাছত ১২ মে'ত পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰা হয়।

ডিজিটেল ডেস্ক : প্রশ্ন কাকত ফাদিলৰ বাবে বাতিল হোৱা নীট-ইউ জি পৰীক্ষা পুনৰ ২১ জুনত অনুষ্ঠিত হ'ব। কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে এখন সংবাদমেলত এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আয়োজন কৰা নীট-ইউ জি যোৱা ৩ মে'ত অনুষ্ঠিত হৈছিল, কিন্তু প্রশ্নকাকত ফাদিলৰ ঘটনা পোহৰলৈ অহাৰ পাছত পৰীক্ষা বাতিল কৰা হয়। শিক্ষা মন্ত্রী প্রধানে সংবাদমেলত স্বীকাৰ কৰে যে 'আমাৰ ভুল হৈছিল।'


তেওঁ কয় যে ৰাষ্ট্ৰীয় টেষ্টিং এজেন্সীয়ে পুনৰ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ নতুন তাৰিখ প্রকাশ কৰিছে। তেওঁ লগতে প্রকাশ কৰে যে পুনৰ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ বাবে ১৪ জুনত এডমিট কার্ড জাৰি কৰা হ'ব আৰু এইবাৰ পৰীক্ষাৰ্থীক ১৫ মিনিট অতিৰিক্ত সময় দিয়া হ'ব। পৰীক্ষাৰ্থীসকলে নিজৰ পচন্দৰ পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব পাৰিব বুলিও শিক্ষা মন্ত্রীজনে প্রকাশ কৰে। 


উল্লেখযোগ্য যে যোৱা ৩ মে'ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত ৭ মে'ত এখন গে'ছ পেপাৰৰ ভালেমান প্রশ্ন পৰীক্ষাৰ মূল প্রশ্নকাকতত হুবহু আহিছে। ইয়াৰ পাছত প্রশ্নকাকত ফাদিলৰ অভিযোগৰ প্ৰাৰম্ভিক তদন্তৰ পাছত ১২ মে'ত পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰা হয়। প্রধানে সংবাদমেলত কয় যে প্রশ্নকাকত ফাদিল কাণ্ডৰ পাছত অহা বছৰৰ পৰা নীটৰ পৰীক্ষা অনলাইন হ'ব। অ' এম আৰ শ্বীটৰ পৰিৱৰ্তে পৰীক্ষাৰ্থীক কম্পিউটাৰৰ সন্মুখত বহুওৱা হ'ব। প্রধানে কয়, 'কোনো অযোগ্য প্রার্থী বাছনি হোৱাটো আমি বিচৰা নাই, সেয়েহে আমি ডাঙৰ দায়িত্ব লৈ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছোঁ। নতুনকৈ পৰীক্ষা ২১ মে' দেওবাৰে অনুষ্ঠিত হ'ব। 


সাত মে'ত অনিয়মৰ বিষয়ে জানিব পৰা গৈছিল। এন টি এ এই বিষয়ে চৰকাৰক জনায়। তাৰ পাছত ১২ মে'ত আমি পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লওঁ।' ইয়াৰ লগতে শিক্ষার্থীসকলৰ অহা-যোৱা দায়িত্ব গ্রহণ কৰাৰ কাৰণে ৰাজ্য চৰকাৰসমূহৰ লগত কথা পাতিব বুলি তেওঁ কয়। এইবাৰ চৰকাৰী যন্ত্ৰই পৰীক্ষাত যাতে কোনোধৰণৰ অনিয়ম নহয় সেইটো নিশ্চিত কৰিব। তেওঁ পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক এই বুলি আৱেদন জনাইছে যে তেওঁলোকে নির্ভয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। ধন আৰু মাফিয়াৰ শক্তিৰে কোনো মেধাৱী ছাত্ৰৰ আসন কাঢ়ি ল'বলৈ দিয়া নহ'ব। 


পৰীক্ষা বাতিলৰ ঘটনাত দুখ প্রকাশ কৰি তেওঁ কয় যে ৰাষ্ট্ৰীয় স্বার্থ আৰু ছাত্র-ছাত্ৰীৰ ভৱিষ্যৎ সুৰক্ষিত ৰখাৰ বাবে এই সিদ্ধান্ত ল'বলগীয়া হয়। ইফালে চি বি আয়ে পুনেৰ পৰা প্ৰশ্ন কাকত ফাদিলৰ মূল চক্রান্তকাৰী ৰসায়নবিজ্ঞান অধ্যাপক পি ভি কুলকানীক গ্ৰেপ্তাৰ কৰে। তেওঁ পৰীক্ষাৰ আগে আগে পৰীক্ষাৰ্থীক প্রশ্ন আৰু উত্তৰ যোগান ধৰিছিল। চি বি আইৰ মতে, লাতুৰত বাস কৰা কুলকানী কেইবাবছৰো নীটৰ প্ৰশ্নকাকত প্রস্তুত কৰা পেনেলৰ সদস্য আছিল। তেওঁ প্রশ্নকাকত প্রত্যক্ষভাৱে লাভ কৰিছিল। কুলকানীৰ নিজৰ ঘৰত থকা ক'চিং চেণ্টাৰত নীটত আহিবলগীয়া প্ৰশ্নৰ উত্তৰ জনাই দিছিল। ইয়াৰ পাছত মনীষা ৱাঘমাৰেৰ জৰিয়তে কেইবাজনো প্রার্থীলৈ প্রশ্নকাককত প্ৰেৰণ কৰা হৈছিল। ইফালে প্রশ্নকাকত ফাদিলৰ ঘটনাত মানসিকভাবে আঘাত পাই দিল্লীৰ ২০ বছৰীয়া এগৰাকী ছাত্ৰী, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ ২১ বছৰীয়া এজন যুৱক আৰু গোৱাৰ ১৭ বছৰীয়া এজন ছাত্রই আত্মহত্যা কৰে। 


ইফালে প্রশ্নকাকত ফাদিল কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা শুভম খৈৰনাৰে পৰীক্ষাৰ্থীক ৫০০-৬০০ নম্বৰ দিয়াৰ গেৰাণ্টি দিছিল। খৈৰনাৰে এপ্ৰিলতে যশ যাদৱ নামৰ আন এজন অভিযুক্তক প্রশ্নকাকত বিচাৰিছিল। ইয়াৰ পাছত ২৯ এপ্ৰিলত বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত প্রশ্নকাকত লাভ কৰাতো খৈৰনাৰে নিশ্চিত কৰিছিল। ইয়াৰ পাছত খৈৰনাৰ আৰু তেওঁৰ সহযোগীসকলে নীট-ইউ জিত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক ভাল নম্বৰ লাভ আৰু প্ৰতিষ্ঠিত কলেজত নামভৰ্তিৰ প্রলোভন দি নিজৰ জালত পেলাবলৈ লৈছিল।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন