--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজকে নিজে বিয়া পাতিম বুলি ঘোষণা কৰা গুজৰাটৰ বদোদৰাৰ ২৪ বছৰীয়া ক্ষমা বিন্দু পৰিছে বিপদত। ১১ জুনত নিজকে বিয়া পাতি বৈবাহিক বান্ধোনত বান্ধ খাম বুলি ঘোষণা কৰিছিল ক্ষমাই। ক্ষমা বিন্দুৰ এই ঘোষণাই দেশজুৰি তুমূল চৰ্চা লাভ কৰিবলৈ সক্ষম হ'ল। বিতৰ্কত সোমাই পৰিল ক্ষমা। ভিন্ন দল-সংগঠনে কৰিলে ইয়াৰ তীব্ৰ বিৰোধিতা। ক্ষমা বিন্দুৰ এই সিদ্ধান্তক লৈ বিৰোধিতা কৰিছিল স্থানীয় বিজেপি নেতাসকলেও।আনকি ক্ষমাৰ ওচৰ-চুবুৰীয়াই তেওঁ বাস কৰা ফ্লেটটো তৎকালীনভাৱে খালী কৰিবলৈ দাবী জনাইছে।
পুৰোহিত বিচাৰি বিচাৰি ক্ষমা বিন্দু হায়ৰাণ হৈ পৰে কাৰণ সকলো পুৰোহিতেই এই বিয়া পাতি দিবলৈ অস্বীকাৰ কৰে। মন্দিৰত বিয়া পাতিম বুলি ভবা ক্ষমাক কোনো মন্দিৰ কৰ্তৃপক্ষই নিদিলে বিবাহৰ স্থান।আনকি তেওঁ ক'তো বুকিং কৰিবলৈ নাপালে এটা বিবাহ ভৱন। সকলোতে বিমুখ হৈ ক্ষমা বিন্দুৱে ঘৰতে বিয়া পতাৰ সিদ্ধান্ত লয়। বিতৰ্ক আৰু বিৰোধিতা বাঢ়ি অহা দেখি ক্ষমা বিন্দুৱে ১১ জুনত বিয়া নাপাতি ৮ জুন, বুধবাৰে ঘৰতে দৰা আৰু পুৰোহিত অবিহনে বিয়াখন পাতি পেলায়। কোনো পুৰোহিত এই বিয়াত উপস্থিত নোহোৱাত উপায় নাপাই ক্ষমা বিন্দুৰ পৰিয়ালে টেপত মন্ত্ৰ লগাই বিয়াৰ মন্ত্ৰোচাৰণ কৰে। নিজৰ শিৰত নিজেই সেন্দুৰ লগায় ক্ষমাই।
ক্ষমাই জনোৱা মতে, ''১১ জুনত কোনোবাই আমাৰ ঘৰলৈ আহি আমাৰ ঘৰত বিবাদ সৃষ্টি কৰিব পাৰে, সেই ভয়তে এই বিয়াখন নিৰ্ধাৰিত তাৰিখতকৈ আগুৱাই ৮ জুনত পাতিলো। মই মোৰ এই নিজৰ বিশেষ দিনটো নষ্ট কৰিব নিবিচাৰো। গতিকে আগতীয়াকৈ বিয়াখন পাতি পেলোৱা ভাল বুলি ভাবিলো। মই এই বিয়া আইনগতভাৱেও পঞ্জীয়ন কৰিম। এইটো সঁচা যে এই সম্পৰ্কে ভাৰতত কোনো আইন নাই কিন্তু এনে বিবাহো অবৈধ নহয়। গতিকে মই পঞ্জীয়নৰ বাবে আবেদন কৰিম, চাওঁ কি হয়।'' 

ক্ষমা বিন্দুৰ এই বিয়াই হিন্দুত্ববাদক তীব্ৰ আঘাত সনা বুলি কৈ ভগৱানে ক্ষমা বিন্দুক কেতিয়াও ক্ষমা নকৰে বুলিও মন্তব্য কৰিছে অনেক লোকেই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ