--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ গৃহৰাজ্যতে বিৰোধৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত মোদী-শ্বাহৰ গৃহৰাজ্য গুজৰাটত নিজৰ স্থিতি আৰু ইমেজ অক্ষুণ্ণ ৰখাৰ বাবে সৰ্বতোপ্ৰকাৰৰ চেষ্টা কৰিছে বিজেপিয়ে। হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প মুকলি কৰা হৈছে আৰু বহু নতুন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। কিন্তু তাৰ মাজতে বহু অবাঞ্চিত বিতৰ্কৰো সূত্ৰপাত ঘটা দেখিবলৈ পোৱা গৈছে। এইবাৰ গুজৰাটৰ আহমেদাবাদত থকা নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামক লৈ সূত্ৰপাত হৈছে বিতৰ্কৰ।

আহমেদাবাদত থকা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামৰ নাম সলনি কৰাৰ দাবী উত্থাপন হৈছে। এই ষ্টেডিয়ামখন পুৰনিৰ্মাণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে নামকৰণ কৰাক লৈ পূৰ্বৰে পৰা মৃদু বিতৰ্কৰ সূত্ৰপাত ঘটা দেখিবলৈ পোৱা গৈছিল। কিন্তু এইবাৰ ষ্টে়ডিয়ামখনৰ নাম সলনি কৰিবলৈ দাবী উত্থাপন কৰা হৈছে। এই দাবী কৰিছে গুজৰাটৰ পাটিদাৰ সম্প্ৰদায়ে। পাটিদাৰ সম্প্ৰদায়ক লগতে আন ভালেমান দল-সংগঠনে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নাম চৰ্দাৰ পেটেল ষ্টেডিয়াম ৰখাৰ দাবী জনাইছে।

দেওবাৰে পাটিদাৰ সম্প্ৰদায় আৰু আন ভালেমান সংস্থাই দেওবাৰে ষ্টেডিয়ামখমনৰ নাম সলনিৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে, আহমেদাবাদত থকা মটেৰা ক্ৰিকেট ষ্টেডিয়াম পূ্ৰ্বে চৰ্দাৰ বল্লভ ভাই পেটেলৰ নামেৰে আছিল। এতিয়া ৰাজ্যখনৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগতে তথা বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা ব্যাপক হৈ পৰাৰ সময়তে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম এটা ইছ্যু হৈ পৰি পৰিলক্ষিত হৈছে। গুজৰাটৰ ৰাজনীতিত শক্তিশালী ভূমিকা থকা পাটিদাৰ সম্প্ৰদায়ৰ লোকসকলে চৰ্দাৰ সন্মান সংকল্প আন্দোলন সমিতিনামৰ এখন মঞ্চৰ অধীনত একত্ৰিতভাৱে ষ্টেডিয়ামখনৰ নাম সলনি কৰাৰ দাবী উত্থাপন কৰাৰ পাছত ই ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে, এই গোটটোৱেই ২০১৫চনত পাটিদাৰ আন্দোলন কৰিছিল। এতিয়া বিজেপিত যোগদান কৰা হাৰ্ডিক পেটেলৰ নেতৃত্বত পাটিদাৰ আনামাত আন্দোলন সমিতি গঠনেৰে সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ। এইবাৰ ষ্টেডিয়ামৰ নাম সলনিৰ দাবীৰে দেওবাৰৰ পৰা সোমবাৰলৈকে এই গোটটোৱে প্ৰতিবাদ চলাই নিয়াৰ পৰিকল্পনা কৰিছে। গোটটোৰ সমন্বয়ক অতুল পেটেল হুংকাৰ দিয়ে যে, ‘যদিহে চৰকাৰে ষ্টেডিয়ামৰ নাম সলনি নকৰে তেন্তে আমি প্ৰতিবাদৰ তীব্ৰতা বৃদ্ধি কৰিম। নিৰ্বাচনৰ সময়ত তেওঁলোকে চৰ্দাৰ পেটেলৰ এটা বৃহৎ মূৰ্তি স্থাপন কৰিছিল আৰু তাৰ পাছত ষ্টেডিয়ামৰ নাম সলনি কৰিলে। আমি চৰকাৰক চৰ্দাৰ বল্লভ ভাই পেটেলৰ নামৰ অপব্যৱহাৰ কৰাৰ সুযোগ নিদিওঁ। এয়া পেটেলক সন্মান প্ৰদানৰ সময়। নেতাগৰাকীৰ এই হুংকাৰে পৰিস্থিতিৰ অধিক অৱনতি ঘটোৱাৰ আশংকাৰ ইংগিত দিছে আৰু নিৰ্বাচনৰ আগে আগে সেয়া বিজেপিৰ বাবে সুখকৰ কথা নহব পাৰে।

 আন্দোলনৰ আন এগৰাকী নেতা অল্পেশ কাথিৰিয়াই কয়, চৰ্দাৰ পেটেল ষ্টেডিয়াম শেহতীয়াকৈ পুনৰনিৰ্মাণ কৰা হৈছে আৰু ইয়াক নৰেন্দ্ৰ মোদীৰ নামেৰে নামকৰণ কৰা হৈছে। আপোনালোকে ইয়াতকৈও ডাঙৰ ষ্টেডিয়াম নিৰ্মাণ কৰক কিন্তু পূ্ৰ্বৰে পৰা থকা ষ্টেডিয়াম এখনৰ নাম সলনি নকৰিব। আমি প্ৰধানমন্ত্ৰীক সন্মান কৰোঁ। কিন্তু আৰম্ভণিৰে পৰাই এই ষ্টেডিয়াম চৰ্দাৰ বল্লভভাই পেটেল ষ্টেডিয়াম নামেৰে পৰিচিত হৈ আহিছে। চৰ্দাৰ পেটেলক অপমান কৰাৰ অধিকাৰ কাৰো নাই।

এতিয়া নিৰ্বাচনৰ সময়তে গা কৰি উঠিব খোজা এই আন্দোলনৰ সৈতে বিজেপিয়ে কিদৰে মোকাবিলা কৰে সেয়া লক্ষ্যণীয় বিষয় হব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ