--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশী অনুদান লাভ কৰাৰ ক্ষেত্ৰত দেশৰ বিভিন্ন সংস্থা-সংগঠনক চৰকাৰে নানান নিয়মেৰে বান্ধি পেলাইছে। নৰেন্দ্ৰ মোদী চৰকাৰে  মাদাৰ টেৰেছাৰ মিছনেৰীজ অৱ চেৰিটি, আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংগঠন অক্সফাম আৰু ছোনিয়া গান্ধী, ৰাজীৱ গান্ধী ফাউণ্ডেচন তথা  ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত দুটাকৈ বেচৰকাৰী সংগঠনক বিদেশী উৎসৰ পৰা বিত্তীয় অনুদান লাভ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

 কিন্তু ৰাম মন্দিৰৰ ক্ষেত্ৰত এই নিয়মৰ  ব্যতিক্ৰম ঘটা দেখা গৈছে। আন সংস্থাই বিদেশী অনুদান লাভ কৰাত বাধা আছে যদিও  অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে বিদেশী অনুদান লাভ  কৰাত বাধা দিয়া হোৱা নাই।

অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পাত ৰায়ে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেওঁলোকক ২০১০ চনৰ বৈদেশিক অনুদান নিয়ন্ত্ৰণ আইনৰ অধীনত অনুজ্ঞাপত্ৰ জাৰি কৰিছে। চম্পাটে  কয়, "দিল্লীত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাত ৰাম মন্দিৰ ট্ৰাষ্টৰ এটা নিৰ্ধাৰিত একাউণ্টলৈ বিদেশী অনুদান প্ৰেৰণ কৰিব পৰা যায় ।

" ৰাম মন্দিৰৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এনে স্থিতিয়ে স্বাভাৱিকতে লোকসভা নিৰ্বাচনৰ পূৰ্বে  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ৰ স্বচ্ছতাৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে।উল্লেখ্য  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰাৰ কথা আছে। 

সেই উদ্দেশ্যৰে  দিন-ৰাতি মন্দিৰ নিৰ্মাণৰ  কাম চলি আছে। ৰাম মন্দিৰ ন্যাসৰ অধ্যক্ষ নৰিপেন্দ্ৰ মিশ্ৰই কয় যে ২২ জানুৱাৰীত বিগ্ৰাহৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰ অনুসৰি, মোদীয়েই ৰাম লালাক গৰ্ভগৃহত স্থাপন কৰিব।  বিজেপিয়ে লোকসভা নিৰ্বাচনৰ  প্ৰচাৰত ৰাম মন্দিৰকলৈ  বৃহৎ প্ৰচাৰ চলাব বুলি বহুতে ধাৰণা কৰিছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ