--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশী অনুদান লাভ কৰাৰ ক্ষেত্ৰত দেশৰ বিভিন্ন সংস্থা-সংগঠনক চৰকাৰে নানান নিয়মেৰে বান্ধি পেলাইছে। নৰেন্দ্ৰ মোদী চৰকাৰে  মাদাৰ টেৰেছাৰ মিছনেৰীজ অৱ চেৰিটি, আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংগঠন অক্সফাম আৰু ছোনিয়া গান্ধী, ৰাজীৱ গান্ধী ফাউণ্ডেচন তথা  ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত দুটাকৈ বেচৰকাৰী সংগঠনক বিদেশী উৎসৰ পৰা বিত্তীয় অনুদান লাভ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

 কিন্তু ৰাম মন্দিৰৰ ক্ষেত্ৰত এই নিয়মৰ  ব্যতিক্ৰম ঘটা দেখা গৈছে। আন সংস্থাই বিদেশী অনুদান লাভ কৰাত বাধা আছে যদিও  অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে বিদেশী অনুদান লাভ  কৰাত বাধা দিয়া হোৱা নাই।

অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পাত ৰায়ে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেওঁলোকক ২০১০ চনৰ বৈদেশিক অনুদান নিয়ন্ত্ৰণ আইনৰ অধীনত অনুজ্ঞাপত্ৰ জাৰি কৰিছে। চম্পাটে  কয়, "দিল্লীত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাত ৰাম মন্দিৰ ট্ৰাষ্টৰ এটা নিৰ্ধাৰিত একাউণ্টলৈ বিদেশী অনুদান প্ৰেৰণ কৰিব পৰা যায় ।

" ৰাম মন্দিৰৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এনে স্থিতিয়ে স্বাভাৱিকতে লোকসভা নিৰ্বাচনৰ পূৰ্বে  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ৰ স্বচ্ছতাৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে।উল্লেখ্য  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰাৰ কথা আছে। 

সেই উদ্দেশ্যৰে  দিন-ৰাতি মন্দিৰ নিৰ্মাণৰ  কাম চলি আছে। ৰাম মন্দিৰ ন্যাসৰ অধ্যক্ষ নৰিপেন্দ্ৰ মিশ্ৰই কয় যে ২২ জানুৱাৰীত বিগ্ৰাহৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰ অনুসৰি, মোদীয়েই ৰাম লালাক গৰ্ভগৃহত স্থাপন কৰিব।  বিজেপিয়ে লোকসভা নিৰ্বাচনৰ  প্ৰচাৰত ৰাম মন্দিৰকলৈ  বৃহৎ প্ৰচাৰ চলাব বুলি বহুতে ধাৰণা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ