--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিন্ধু জলচুক্তি স্থগিতকৰণৰ সিদ্ধান্তই পাকিস্তানৰ জনসাধাৰণক আতংকিত কৰি তুলিছে। পেহেলগামৰ সন্ত্রাসবাদীৰ নাৰকীয় আক্রমণটো চুবুৰীয়া দেশ পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত হোৱা বুলি ভাৰতে অভিযোগ কৰি পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক যুদ্ধ আৰম্ভ কৰে। 

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে লোৱা কূটনৈতিক ব্যৱস্থাসমূহৰ ভিতৰত অন্যতম হৈছে ১৯৬০ চনত দুয়ো দেশৰ মাজত স্বাক্ষৰিত হোৱা সিন্ধু জল চুক্তি (আই ডব্লিউ টি) স্থগিত কৰাটো। সীমাৰ সিপাৰৰ পৰা ভাৰতত পাকিস্তানে সন্ত্রাসবাদী কার্যকলাপ চলোৱাৰ অভিযোগ তুলি ভাৰতে ইতিমধ্যে জল চুক্তিখন স্থগিত কৰাৰ বিষয়ে পাকিস্তানলৈ আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিছে। 

উল্লেখযোগ্য যে সিন্ধু জল চুক্তিৰ অধীনত ভাৰতে পূৱৰ নদীসমূহ ইৰাৱতী, শতদ্রু আৰু বিপাশা নদীৰ ওপৰত নিয়ন্ত্রণ লাভ কৰিছিল। আনহাতে, ভাৰতীয় অঞ্চল জম্মু আৰু কাশ্মীৰত উৎপত্তি হোৱা পশ্চিমৰ নদীসমূহ- সিন্ধু, ঝীলম আৰু চেনাবত পাকিস্তানৰ নিয়ন্ত্রণ থাকিব বুলি জল চুক্তিখনত উল্লেখ আছিল। গতিকে, এতিয়া সিন্ধু জল চুক্তি বাতিলৰ পাছত সিন্ধু নদীৰ ওপৰত পাকিস্তানে নিয়ন্ত্ৰণ হেৰুৱালে দেশখন বেয়াকৈ প্রভাবিত হ'ব। ইয়াকে লৈ পাকিস্তানৰ ৰাজনৈতিক নেতাসকলৰ লগতে সাধাৰণ জনতাৰ মাজতো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ