--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে লস্কৰ-এ-তৈয়বাৰ অধীনৰ সংগঠন ৰেজিছটেন্স ফ্ৰণ্টৰ (টি আৰ এফ) মুৰব্বী তথা ৫০ বছৰীয়া কাশ্মীৰী সন্ত্রাসবাদী শ্বেখ ছাজাদ গুলৰ নাম পোহৰলৈ আহিছে।

যোৱা ২২ এপ্রিলত ২৬জন নিৰীহ লোকে প্রাণ হেৰুওৱা সন্ত্রাসবাদীৰ এই বৰ্ষৰ আক্ৰমণটোৰ পাছত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই (নিয়া) চলোৱা তদন্তত এই তথ্য পোহৰলৈ আহিছে। কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-তৈয়বাৰ (এল ই টি) পৃষ্ঠপোষকতাত পাকিস্তানৰ ৰাৱালপিণ্ডিত আত্মগোপন কৰি থকা শ্বেখ ছাজাদ গুলে ছাজাদ আহমেদ শ্বেইখ নাম লৈ কেইবাটাও সন্ত্রাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল।

মধ্য আৰু দক্ষিণ কাশ্মীৰত ২০২০ আৰু ২০২৪-ৰ মাজত হোৱা সন্ত্রাসবাদী আক্ৰমণৰো মাষ্টাৰমাইণ্ড আছিল শ্বেখ ছাজ্জাদ গুল। তদুপৰি, ২০২৩ চনত মধ্য কাশ্মীৰৰ অনন্তনাগ, গংগাগীৰ আক্রমণটোৰো এই সন্ত্রাসবাদীটো মূল ষড়যন্ত্রকাৰী আছিল। ২০২২ চনৰ এপ্ৰিলত নিয়াই এই ছাজাদক সন্ত্রাসবাদী হিচাপে ঘোষণা কৰিছিল আৰু তেওঁৰ মূৰৰ বিনিময়ত ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

২২ এপ্রিলৰ পহলগাম-কাণ্ডৰ পাছত নিয়াই চলোৱা তদন্তত এই শ্বেখ ছাজ্জাদ গুলৰ আক্ৰমণটোৰ সৈতে জড়িত থকাৰ সম্পূৰ্ণ তথ্য লাভ কৰা হৈছে। প্রণিধানযোগ্য যে আক্ৰমণটোৰ কেইঘণ্টামানৰ পাছতেই ৰেজিছটেন্স ফ্রন্টে আক্ৰমণটোৰ দায়িত্ব স্বীকাৰ কৰিছিল যদিও পৰৱৰ্তী দিনটোতে নিষিদ্ধ সংগঠনটোৱে ওলোটা খৰ মাৰিছিল।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ