--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে লস্কৰ-এ-তৈয়বাৰ অধীনৰ সংগঠন ৰেজিছটেন্স ফ্ৰণ্টৰ (টি আৰ এফ) মুৰব্বী তথা ৫০ বছৰীয়া কাশ্মীৰী সন্ত্রাসবাদী শ্বেখ ছাজাদ গুলৰ নাম পোহৰলৈ আহিছে।

যোৱা ২২ এপ্রিলত ২৬জন নিৰীহ লোকে প্রাণ হেৰুওৱা সন্ত্রাসবাদীৰ এই বৰ্ষৰ আক্ৰমণটোৰ পাছত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই (নিয়া) চলোৱা তদন্তত এই তথ্য পোহৰলৈ আহিছে। কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-তৈয়বাৰ (এল ই টি) পৃষ্ঠপোষকতাত পাকিস্তানৰ ৰাৱালপিণ্ডিত আত্মগোপন কৰি থকা শ্বেখ ছাজাদ গুলে ছাজাদ আহমেদ শ্বেইখ নাম লৈ কেইবাটাও সন্ত্রাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল।

মধ্য আৰু দক্ষিণ কাশ্মীৰত ২০২০ আৰু ২০২৪-ৰ মাজত হোৱা সন্ত্রাসবাদী আক্ৰমণৰো মাষ্টাৰমাইণ্ড আছিল শ্বেখ ছাজ্জাদ গুল। তদুপৰি, ২০২৩ চনত মধ্য কাশ্মীৰৰ অনন্তনাগ, গংগাগীৰ আক্রমণটোৰো এই সন্ত্রাসবাদীটো মূল ষড়যন্ত্রকাৰী আছিল। ২০২২ চনৰ এপ্ৰিলত নিয়াই এই ছাজাদক সন্ত্রাসবাদী হিচাপে ঘোষণা কৰিছিল আৰু তেওঁৰ মূৰৰ বিনিময়ত ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

২২ এপ্রিলৰ পহলগাম-কাণ্ডৰ পাছত নিয়াই চলোৱা তদন্তত এই শ্বেখ ছাজ্জাদ গুলৰ আক্ৰমণটোৰ সৈতে জড়িত থকাৰ সম্পূৰ্ণ তথ্য লাভ কৰা হৈছে। প্রণিধানযোগ্য যে আক্ৰমণটোৰ কেইঘণ্টামানৰ পাছতেই ৰেজিছটেন্স ফ্রন্টে আক্ৰমণটোৰ দায়িত্ব স্বীকাৰ কৰিছিল যদিও পৰৱৰ্তী দিনটোতে নিষিদ্ধ সংগঠনটোৱে ওলোটা খৰ মাৰিছিল।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত