--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১১ চনত ৰাজধানী দিল্লীত দুৰ্নীতিৰ বিৰুদ্ধে ব্যাপক আন্দোলন আৰম্ভ কৰা সমাজকৰ্মী আন্না হাজাৰেই পুনৰবাৰ আন্দোলনত বহিবলৈ প্ৰস্তুতি চলাইছে। তেওঁ ‘ৰাষ্ট্ৰীয় লোক আন্দোলন’ নামেৰে এক নতুন সংগঠন গঠন কৰিছে। ৮৪ বছৰীয়া আন্না হাজাৰেই ১৯ জুনত জন্মদিনত এই সংগঠনটোৰ কথা ঘোষণা কৰিব। ১৯ জুনত দিল্লীলৈ যাত্ৰা কৰিব আন্না হাজাৰেই। তেওঁ ইয়াত তেওঁৰ নতুন সংগঠনৰ কৰ্মীসকলৰ সৈতে দিনজোৰা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই সংগঠনটোৱে দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰিব। 

উল্লেখ্য যে যদিহে আগষ্টৰ ভিতৰত মহাৰাষ্ট্ৰ চৰকাৰে লোকায়ুক্ত আইন প্ৰণয়ন নকৰে তেন্তে সমগ্ৰ মহাৰাষ্ট্ৰতে আন্দোলন আৰম্ভ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছিল সমাজকৰ্মীগৰাকীয়ে। ১৫ মে’ত এই সন্দৰ্ভত আন্নাই মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ এখন পত্ৰ লিখিছিল। তেওঁ কৈছিল যে দেশৰ একাংশ ৰাজ্যই গাইডিং নীতি অনুসৰি লোকায়ুক্ত আইনসমূহ অধিসূচনা কৰিছে, কিন্তু মহাৰাষ্ট্ৰত এতিয়ালৈকে সেয়া হোৱা নাই। বিগত দেৱেন্দ্ৰ ফাৰনৱিছ চৰকাৰৰ সময়ত ২০১৯ চনত মই আন্দোলন কৰিছিলোঁ, কিন্তু মুখ্য সচিবৰ অধ্যক্ষতাত চৰকাৰে এখন খচৰা সমিতি গঠন কৰিবলৈ সাজু হৈছে বুলি লিখিত আশ্বাস দিয়াৰ পিছত মই আন্দোলন প্ৰত্যাহাৰ কৰিলোঁ। ইয়াৰ পিছত বৰ্তমানৰ এমভিএ চৰকাৰে লোকায়ুক্ত আইন প্ৰণয়ন কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়ালৈকে একো কৰা হোৱা নাই। 

আন্নাই পত্ৰখনত কৈছিল যে মহাৰাষ্ট্ৰ চৰকাৰে হয় লোকায়ুক্ত আইন কাৰ্যকৰী কৰিব লাগে নহয় ক্ষমতাৰ পৰা অপসাৰণ কৰিব লাগে। লোকায়ুক্ত আইনৰ সপক্ষে আন্দোলন আৰম্ভ কৰিবলৈ ৰাজ্যৰ ২০০খন তহচিলত কমিটী গঠন কৰা হৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ