--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১১ চনত ৰাজধানী দিল্লীত দুৰ্নীতিৰ বিৰুদ্ধে ব্যাপক আন্দোলন আৰম্ভ কৰা সমাজকৰ্মী আন্না হাজাৰেই পুনৰবাৰ আন্দোলনত বহিবলৈ প্ৰস্তুতি চলাইছে। তেওঁ ‘ৰাষ্ট্ৰীয় লোক আন্দোলন’ নামেৰে এক নতুন সংগঠন গঠন কৰিছে। ৮৪ বছৰীয়া আন্না হাজাৰেই ১৯ জুনত জন্মদিনত এই সংগঠনটোৰ কথা ঘোষণা কৰিব। ১৯ জুনত দিল্লীলৈ যাত্ৰা কৰিব আন্না হাজাৰেই। তেওঁ ইয়াত তেওঁৰ নতুন সংগঠনৰ কৰ্মীসকলৰ সৈতে দিনজোৰা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই সংগঠনটোৱে দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰিব। 

উল্লেখ্য যে যদিহে আগষ্টৰ ভিতৰত মহাৰাষ্ট্ৰ চৰকাৰে লোকায়ুক্ত আইন প্ৰণয়ন নকৰে তেন্তে সমগ্ৰ মহাৰাষ্ট্ৰতে আন্দোলন আৰম্ভ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছিল সমাজকৰ্মীগৰাকীয়ে। ১৫ মে’ত এই সন্দৰ্ভত আন্নাই মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ এখন পত্ৰ লিখিছিল। তেওঁ কৈছিল যে দেশৰ একাংশ ৰাজ্যই গাইডিং নীতি অনুসৰি লোকায়ুক্ত আইনসমূহ অধিসূচনা কৰিছে, কিন্তু মহাৰাষ্ট্ৰত এতিয়ালৈকে সেয়া হোৱা নাই। বিগত দেৱেন্দ্ৰ ফাৰনৱিছ চৰকাৰৰ সময়ত ২০১৯ চনত মই আন্দোলন কৰিছিলোঁ, কিন্তু মুখ্য সচিবৰ অধ্যক্ষতাত চৰকাৰে এখন খচৰা সমিতি গঠন কৰিবলৈ সাজু হৈছে বুলি লিখিত আশ্বাস দিয়াৰ পিছত মই আন্দোলন প্ৰত্যাহাৰ কৰিলোঁ। ইয়াৰ পিছত বৰ্তমানৰ এমভিএ চৰকাৰে লোকায়ুক্ত আইন প্ৰণয়ন কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়ালৈকে একো কৰা হোৱা নাই। 

আন্নাই পত্ৰখনত কৈছিল যে মহাৰাষ্ট্ৰ চৰকাৰে হয় লোকায়ুক্ত আইন কাৰ্যকৰী কৰিব লাগে নহয় ক্ষমতাৰ পৰা অপসাৰণ কৰিব লাগে। লোকায়ুক্ত আইনৰ সপক্ষে আন্দোলন আৰম্ভ কৰিবলৈ ৰাজ্যৰ ২০০খন তহচিলত কমিটী গঠন কৰা হৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ