--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছেপ্টেম্বৰৰ এটা পুৱা তেওঁৰ জীৱনলৈ নামি আহিছিল কাল অমানিশা। তেওঁৰ প্ৰেমিক সিদ্ধাৰ্থ শুক্লাৰ আকস্মিক মৃত্যুয়ে শ্বেহনাজ গিলৰ জীৱনৰ পৰিৱৰ্তন ঘটাইছিল। সদায় হাঁহি থকা অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনে একপ্ৰকাৰৰ সলনি হৈ গৈছিল।
 
সময় পাৰ হৈ যোৱাৰ লগে লগে শ্বেহনাজেও স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছে। শেহতীয়াকৈ তেওঁ নতুনকৈ কাম কৰিবলৈ আৰম্ভ কৰিছে। এইবাৰ তেওঁৰ বলীউডত আত্মপ্ৰকাশ কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে। তেওঁ ছলমান খানৰ 'কভি ঈদ কভি দেৱালী'ত অভিনয় কৰিব। এই চলচ্চিত্ৰখনত পূজা হেগড়েক ছলমানৰ সৈতে মুখ্য চৰিত্ৰত দেখা পোৱা যাব, লগতে নতুন সংযোজন হ'ব শ্বেহনাজ। 


ছলমানৰ সৈতে শ্বেহনাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কে 'বিগ বছৰ' সময়ৰ পৰা দৰ্শকক আকৰ্ষণ কৰিছে। বহুতো মানুহে তেওঁলোকক পৰ্দাত একেলগে চাব বিচাৰিছিল। এইবাৰ দুয়োজন তাৰকাই সেই ইচ্ছা পূৰণ কৰিবলৈ গৈ আছে।

শেহনাজ জানুৱাৰীত 'বিগ বছ ১৫'ৰ ফাইনেল শ্ব’ৰ অতিথি আছিল। তেওঁ একেটা অনুষ্ঠানতে সিদ্ধাৰ্থৰ সৈতে কথা পাতিছিল। তেওঁলোক দুয়োজনে তেতিয়া প্ৰতিযোগী আছিল। দুয়োৰে মাজত বাঢ়ি অহা ঘনিষ্ঠতাৰো সাক্ষী হৈ আছিল।

সিদ্ধাৰ্থৰ মৃত্যুৰ পাছত শ্বেহনাজক দেখাৰ পিছত 'ভাইজানে' তেওঁৰ আৱেগ ধৰি ৰাখিব নোৱাৰিলে যদিও তেওঁ নিজৰ দুখ প্ৰকাশ কৰিবলৈ সেই সময়ত আন কোনো শব্দ নাছিল। মাত্ৰ দুটা চকু সেমেকি উঠিছিল। ছলমানে নিজকে বাধা দিব নোৱাৰাৰ বাবে মঞ্চত কান্দোনত ভাগি পৰিছিল।

শ্বেহনাজে তেওঁৰ মৃত্যুৰ পাছত সিদ্ধাৰ্থৰ বিষয়ে এটা গান লিখিছিল। যাৰ নাম আছিল 'তু য়েহি হে'। 

সিদ্ধাৰ্থৰ ২ ছেপ্টেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ পিছত শ্বেহনাজ মানসিকভাৱে ভাঙি পৰিছিল। তাৰ পাছত তেওঁ দীৰ্ঘদিন ধৰি ৰাজহুৱাভাৱে কোনো স্থানতে উপস্থিত নাছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ