--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'দ্য কাশ্মীৰ ফাইলছ'ৰ অবিশ্বাস্য বাণিজ্যিক সফলতাৰ পাছত এইবাৰ আন এটা বিতৰ্কিত বিষয়ক লৈ ছবি নিৰ্মাণ কৰিবলৈ সাজু হৈছে পৰিচালক বিবেক অগ্নিহোত্ৰী। শুক্ৰবাৰে, বিতৰ্কিত পৰিচালকজনে নিজেই টুইটাৰত নতুন ছবিখনৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। বিবেকৰ নতুন চলচ্চিত্ৰখনৰ শিৰোনাম হ'ব 'দ্য দিল্লী ফাইলছ'। তেওঁৰ প্ৰিয় অভিনেতা অনুপম খেৰে ইতিমধ্যে বিবেকৰ নতুন চলচ্চিত্ৰত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বুলি জানিবলৈ পোৱা গৈছে। 

স্মৰ্তব্য যে, বিবেক অগ্নিহোত্ৰী পৰিচালিত 'দ্য কাশ্মীৰ ফাইলছ' ছবিখন ১১ মাৰ্চত মুক্তিলাভ কৰিছিল। ’৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, পৰিয়ালবোৰৰ ওপৰত কেনেদৰে অত্যাচাৰ সংঘটিত হৈছিল ছবিখনৰ জৰিয়তে তাৰ প্ৰকৃত ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে বুলি জনাইছিল বিবেক অগ্নিহোত্ৰীয়ে। অনুপম খেৰৰ উপৰিও ছবিখনত মিথুন চক্ৰৱৰ্তী, পল্লৱী যোশী, দৰ্শন কুমাৰৰ দৰে তাৰকাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনে ইতিমধ্যে ৩০০ কোটিতকৈ অধিক ব্যৱসায় কৰিছে। 'দ্য কাশ্মীৰ ফাইলছ'-এ বক্স অফিচত দ্ৰুত সফলতা অৰ্জনৰ সময়তে আৰু দুটা বিতৰ্কিত বিষয়ৰ ওপৰত এখন ছবি নিৰ্মাণ কৰিব বিচাৰে বুলি ইংগিত দিছিল বিবেক অগ্নিহোত্ৰীয়ে

শুকুৰবাৰে, এই ছিৰিজৰ প্ৰথমখন চলচ্চিত্ৰৰ নাম ঘোষণা কৰিছে বিবেকে। অৱশ্যে, পৰিচালকজনে এতিয়াও তেওঁৰ নতুন চলচ্চিত্ৰখনৰ বিষয়বস্তু কি হ'ব তাক লৈ কোনো ধৰণৰ মন্তব্য কৰা নাই। পৰিচালকে সদৰী নকৰিলেও এক বিশেষ সূত্ৰৰ পম খেদি জানিবলৈ পোৱা গৈছে যে, বিবেক অগ্নিহোত্ৰীৰ নতুন ছবিখন চৌৰাশীৰ শিখ ৰাইয়ট (Sikh Riot)-ক কেন্দ্ৰ কৰি। 


মন কৰিবলগীয়া যে, বিবেক অগ্নিহোত্ৰীয়ে বিতৰ্কিত বিষয়ত চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ ভাল পায়। বিবেকে আগতে 'দ্য তাচখন্দ ফাইলছ' 'বুদ্ধ ইন এ ট্ৰেফিক জাম'ৰ দৰে চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। এই ছবিবোৰৰ বাবেই তেওঁ বাৰে বাৰে বিতৰ্কত সাঙোৰ খাবলগীয়া হৈছে। তথাপি অনিৰুদ্ধ বিবেক। ‘দ্য কাশ্মীৰ ফাইলছ’ৰ দৰে এইবাৰো  ‘দ্য দিল্লী ফাইলছ’ৰ মূল চৰিত্ৰত অভিনয় কৰিব পাৰে অনুপম খেৰে। অনুপম খেৰে ইতিমধ্যে ছবিখনত কাম কৰিবলৈ আগ্ৰহী বুলি টুইট কৰিছে। ছবিখনৰ বাবে  দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই ছবিখনৰ বাবে আগতীয়াকৈ বিবেকলৈ অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ