--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগাম আক্ৰমণৰ পিছত পাকিস্তানত ভাৰতীয় সেনাই চলোৱা এক অভিযান আছিল অপাৰেচন সিন্দুৰ।যি অভিযানে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি তচনচ কৰি দিছিল। অপাৰেচন সিন্দূৰৰ বিৰুদ্ধে মন্তব্য কৰা বাবে অশোক বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকক জে’ললৈ প্ৰেৰণ কৰা হৈছে। 

অশোক বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আলী খান মাহমুদাবাদক অপাৰেচন সিন্দুৰৰ ওপৰত ছ’চিয়েল মিডিয়াত বিৰূপ মন্তব্য কৰিছিল। যাৰ বাবে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। 

হাৰিয়ানা আৰক্ষীয়ে অধ্যাপক মাহমুদাবাদক জেৰা কৰিব পৰাৰ বাবে ৭ দিনৰ বাবে আৰক্ষীৰ ৰিমাণ্ড বিচাৰিছিল। কিন্তু ছোনিপট আদালতে আৰক্ষীৰ দাবী পূৰণ নকৰি পোনপটীয়াকৈ তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

অধ্যাপক আলী খান মাহমুদাবাদৰ এই মন্তব্যক ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে আৰু বিশেষভাৱে মহিলা বিষয়া কৰ্ণেল ছফিয়া কুৰেশী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ প্ৰতি অপমানজনক বুলি বিবেচিত হৈছিল। 

অধ্যাপক খান মাহমুদাবাদে ছ’চিয়েল মিডিয়াত এনেধৰণৰ বক্তব্য দি সেনাৰ স্বাভিমানত আঘাত হানি ভাৰতীয় মহিলা সামৰিক বিষয়াক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই গোচৰৰ তদন্ত এতিয়াও অব্যাহত আছে আৰু সত্য ওলাই আহিলেই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত