--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগাম আক্ৰমণৰ পিছত পাকিস্তানত ভাৰতীয় সেনাই চলোৱা এক অভিযান আছিল অপাৰেচন সিন্দুৰ।যি অভিযানে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি তচনচ কৰি দিছিল। অপাৰেচন সিন্দূৰৰ বিৰুদ্ধে মন্তব্য কৰা বাবে অশোক বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকক জে’ললৈ প্ৰেৰণ কৰা হৈছে। 

অশোক বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আলী খান মাহমুদাবাদক অপাৰেচন সিন্দুৰৰ ওপৰত ছ’চিয়েল মিডিয়াত বিৰূপ মন্তব্য কৰিছিল। যাৰ বাবে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। 

হাৰিয়ানা আৰক্ষীয়ে অধ্যাপক মাহমুদাবাদক জেৰা কৰিব পৰাৰ বাবে ৭ দিনৰ বাবে আৰক্ষীৰ ৰিমাণ্ড বিচাৰিছিল। কিন্তু ছোনিপট আদালতে আৰক্ষীৰ দাবী পূৰণ নকৰি পোনপটীয়াকৈ তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

অধ্যাপক আলী খান মাহমুদাবাদৰ এই মন্তব্যক ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে আৰু বিশেষভাৱে মহিলা বিষয়া কৰ্ণেল ছফিয়া কুৰেশী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ প্ৰতি অপমানজনক বুলি বিবেচিত হৈছিল। 

অধ্যাপক খান মাহমুদাবাদে ছ’চিয়েল মিডিয়াত এনেধৰণৰ বক্তব্য দি সেনাৰ স্বাভিমানত আঘাত হানি ভাৰতীয় মহিলা সামৰিক বিষয়াক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই গোচৰৰ তদন্ত এতিয়াও অব্যাহত আছে আৰু সত্য ওলাই আহিলেই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ