--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশত বৰ্তমানলৈকে ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে। বাংলাদেশ সেনাৰ মুৰব্বী ৱাকাৰ-উজ-জামানৰে তীব্র সংঘাত হোৱাৰ পাছত দেশখনৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে পদত্যাগ কৰাৰ ইচ্ছাও ব্যক্ত কৰিছিল। কিন্তু নাটকীয়ভাৱে ইউনুছে পদত্যাগ নকৰাৰ সিদ্ধান্ত লয়। 

তেওঁৰ প্ৰেছ সচিব ছাফিকুল আলমে প্রকাশ কৰে যে ইউনুছে বাংলাদেশৰ ৰাজনৈতিক দলসমূহৰ নেতাৰ সৈতে শনিবাৰে বিয়লি আলোচনাত মিলিত হয়। সেই অনুসৰি, কালি বিয়লি ইউনুছে বি এন পিৰ নেতা আৰু জামাত-এ-ইছলামীৰ নেতাৰ সৈতে আলোচনাত মিলিত হয়। ইফালে এই বৈঠকৰ পাছতে বাংলাদেশৰ উপদেষ্টা পৰিষদৰ তৰফৰ পৰা এটা বিবৃতি জাৰি কৰা হয়। অন্তৱৰ্তী চৰকাৰৰ ওপৰত অর্পিত দায়িত্ব পালন কৰাত কোনো শক্তিয়ে যদি বাধা দিয়ে, তেনেহ'লে দেশখনৰ জনসাধাৰণক লগত লৈ প্রয়োজনীয় সিদ্ধান্ত লোৱাৰ পোষকতা কৰে উপদেষ্টা পৰিষদখনে। 

তিনিটা প্রধান দায়িত্বৰ (নির্বাচন, সংস্কাৰ আৰু বিচাৰ) সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰা হয় বৈঠকখনত। দেশখনৰ ৰাজনৈতিক দল দুটাৰ প্ৰতিনিধিৰ লগতে উপদেষ্টা পৰিষদেও সৰ্বদলীয় বৈঠকত অংশগ্রহণ কৰে। উল্লেখযোগ্য যে সেনা প্রধান জামানৰ সৈতে তীব্ৰ মতানৈক্যৰ পাছত ইউনুছে সেনা প্রধানজনক অপসাৰণ কৰাৰো পৰিকল্পনা কৰিছে।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ