--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যৰ বিশিষ্ট শিল্পী, চিত্র অভিনেতা, প্রযোজক পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত 'ভাইমনদা' কথাছবিখন ২৩ তাৰিখে ৰাজ্যৰ বিভিন্ন চিত্রগৃহত মুক্তি লাভ কৰাৰ পাছত দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। 

কথাছবিখনে তেজপুৰৰ আটাইকেইটা ছবিঘৰত শুকুৰবাৰ আৰু শনিবাৰৰ শ্ব'সমূহত দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু অসমীয়া ছবিখনৰ জনপ্রিয়তাৰ বিপৰীতে একাংশ দুষ্কৃতিকাৰীয়ে ছবিগৃহত প্রৱেশ কৰি কথাছবিখনৰ গুৰুত্বপূর্ণ দৃশ্যাংশ ম'বাইল ফ'নত ৰেকর্ডিং কৰি ফে'চবুক, ইনষ্টাগ্রামকে ধৰি বিভিন্ন ছ'চিয়েল মিডিয়াত মুকলি কৰি দিয়াত কথাছবিখনলৈ প্রত্যাহ্বান আহি পৰাত কালিৰ পৰাই কথাছবিখনৰ প্ৰযোজক, পৰিচালক আৰু শিল্পীৰ এটা দলে অসমৰ তেজপুৰকে ধৰি গুৰুত্বপূৰ্ণ চহৰসমূহত উপস্থিত হৈ আৰক্ষীৰ ওচৰত বিহিত ব্যৱস্থাৰ আহ্বান জনাই এজাহাৰ দাখিল কৰিছে। 

কথাছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতম, কাহিনী, চিত্রনাট্য সংলাপ আৰু পৰিচালক সমন্বিতে এটা শিল্পীৰ দল তেজপুৰত উপস্থিত হৈ তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰি এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ আৱেদন জনায়। 

'ভাইমনদা' কথাছবিখনৰ পৰিচালক, প্রযোজক, পৰিচালক আৰু শিল্পীসকলে ছবিখনৰ প্ৰতি তেজপুৰতো দৰ্শকে আগবঢ়োৱা সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে একাংশ দুষ্ট চক্রই 'ভাইমনদা' কথাছবি উপভোগ কৰাৰ সময়ত কেতবোৰ গুৰুত্বপূৰ্ণ দৃশ্য ম'বাইল ফ'নত ৰেকর্ডিং কৰি সামাজিক মাধ্যমত যাতে ভুল প্ৰচাৰ কৰিব নোৱাৰে, সেই ক্ষেত্ৰতো সহায়ৰ আহ্বান জনায়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ