--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইংলেণ্ডৰ বিৰুদ্ধে আসন্ন টেষ্ট শৃংখলালৈ ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। ২০ জুনত আৰম্ভ হ'বলগীয়া ৫খনীয়া টেষ্ট শৃংখলালৈ ঘোষিত দলটোৰ নতুন অধিনায়ক নিযুক্ত হৈছে শুভমন গীল। প্রত্যাশা অনুযায়ী গীলৰ কান্ধত অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে। ঋষভ পণ্টক সহঃঅধিনায়ক হিচাপে ঘোষণা কৰে বি চি চি আয়ে। 

ইফালে, টেষ্ট অধিনায়ক ৰোহিত শৰ্মা আৰু ৪ নম্বৰত বেট ধৰা বিৰাট কোহলীৰ অৱসৰৰ পাছত ভাৰতৰ টপ অৰ্ডাৰত শূন্যতাৰ সৃষ্টি হয়। টপ অৰ্ডাৰত সেয়ে গীলৰ গুজৰাট টাইটানৰ সতীর্থ ছাই সুদৰ্শনৰ লগতে তামিলনাডুৰ বেটাৰ অভিমন্যু ঈশ্বৰণক ছিনিয়ৰ দললৈ আমন্ত্রণ জনোৱা হৈছে। 

ইফালে, টেষ্ট শৃংখলা আৰম্ভ হোৱা আগেয়ে ইংলেণ্ডৰ মাটিত তিনিখন ৱাৰ্ম আপ মেচ খেলিবলগীয়া ভাৰত 'এ' দলৰ নেতৃত্ব বহন কৰিব ঈশ্বৰণে। আনহাতে, ২০১৭ চনতে ভাৰতৰ হৈ অন্তিম টেষ্ট খেলা কৰণ নায়াৰক দললৈ উভতাই অনা হৈছে। শেহতীয়া ১২ মাহত ঘৰুৱা ক্রিকেট আৰু দিল্লী কেপিটেলছৰ আই পি এলত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰাৰ সুবাদতে টেষ্ট দললৈ প্ৰত্যাৱৰ্তন ঘটে নায়াৰৰ। ইয়াৰ বিপৰীতে লোকেশ ৰাহুলে যশস্বী জয়ছোৱালৰ সৈতে ইনিংছ মুকলি কৰিব। তিনি নম্বৰ স্থানৰ বাবে যুঁজ হ'ব সুদৰ্শন আৰু নায়াৰৰ মাজত। অধিনায়ক গীলে ভাৰতৰ টপ অৰ্ডাৰত কোহলীৰ ৪ নম্বৰৰ স্থানত বেট ধৰাৰ পূৰ্ণ সম্ভাৱনা আছে। পণ্ট আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে ভাৰতৰ টপ অৰ্ডাৰৰ ছটা স্থান পূৰ কৰিব। অলৰাউণ্ডাৰ হিচাপে ৰবীন্দ্ৰ জাদেজা আৰু ছাৰ্দুল ঠাকুৰে ক্ৰমে সপ্তম আৰু অষ্টম স্থান পূৰাব। লগতে শ্রেষ্ঠ অন্তিম তিনিটা স্থান সম্ভৱতঃ বেগী বলাৰৰ দখলত থাকিব। যশপ্রীত বুমৰাহ আৰু মহম্মদ ছিৰাজে নতুন বলত বলিং মুকলি কৰিব বুলি আশা কৰা হৈছে। 

অন্যহাতে, তৃতীয়গৰাকী পেচাৰৰ যুঁজত অৱতীৰ্ণ হ'ব প্রসিদ্ধ কৃষ্ণ, আকাশদীপ আৰু অর্শদীপ সিং। অর্শদীপে এই প্ৰথমবাৰলৈ টেষ্টৰ বাবে দলভুক্ত হৈছে। লক্ষণীয়ভাৱে দলৰ পৰা বাদ পৰিছে পেচাৰ মহম্মদ ছামী। সম্পূৰ্ণ ফিট হৈ নুঠাৰ বাবেই ইংলেণ্ড ভ্রমণলৈ টিকট নাপালে ছামীয়ে। অষ্ট্ৰেলিয়া ভ্ৰমণ কৰা হৰ্ষিত ৰাণা আৰু ছৰফৰাজ খানক বাদ দিয়া হৈছে। ইফালে, অধিনায়কৰ বাবে অন্যতম দাবীদাৰ বুমৰাহে ৫খন টেষ্টৰ কেউখনতে খেলাৰ সম্ভাৱনা ক্ষীণ বুলি জানিবলৈ দিছে অজিত আগৰকাৰ নেতৃত্বাধীন নতুন নির্বাচক কমিটীয়ে। ইংলেণ্ডৰ বিৰুদ্ধে ঘোষিত দলটো শুভমন গীল (অধিনায়ক), ঋষভ পন্ট (সহঃ অধিনায়য়ক আৰু উইকেটকীপাৰ), যশস্বী জয়ছোৱাল, লোকেশ ৰাহুল, ছাই সুদর্শন, অভিমন্যু ঈশ্বৰণ, কৰুণ নায়াৰ, নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল (দ্বিতীয় উইকেটকীপাৰ), বাশ্বিংটন সুন্দৰ, ছাৰ্দুল ঠাকুৰ, প্ৰসিদ্ধ কৃষ্ণ, আকাশদীপ, অর্শদীপ সিং, যশপ্রীত বুমৰাহ আৰু মহম্মদ ছিৰাজ।
উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!