--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইংলেণ্ডৰ বিৰুদ্ধে আসন্ন টেষ্ট শৃংখলালৈ ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। ২০ জুনত আৰম্ভ হ'বলগীয়া ৫খনীয়া টেষ্ট শৃংখলালৈ ঘোষিত দলটোৰ নতুন অধিনায়ক নিযুক্ত হৈছে শুভমন গীল। প্রত্যাশা অনুযায়ী গীলৰ কান্ধত অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে। ঋষভ পণ্টক সহঃঅধিনায়ক হিচাপে ঘোষণা কৰে বি চি চি আয়ে। 

ইফালে, টেষ্ট অধিনায়ক ৰোহিত শৰ্মা আৰু ৪ নম্বৰত বেট ধৰা বিৰাট কোহলীৰ অৱসৰৰ পাছত ভাৰতৰ টপ অৰ্ডাৰত শূন্যতাৰ সৃষ্টি হয়। টপ অৰ্ডাৰত সেয়ে গীলৰ গুজৰাট টাইটানৰ সতীর্থ ছাই সুদৰ্শনৰ লগতে তামিলনাডুৰ বেটাৰ অভিমন্যু ঈশ্বৰণক ছিনিয়ৰ দললৈ আমন্ত্রণ জনোৱা হৈছে। 

ইফালে, টেষ্ট শৃংখলা আৰম্ভ হোৱা আগেয়ে ইংলেণ্ডৰ মাটিত তিনিখন ৱাৰ্ম আপ মেচ খেলিবলগীয়া ভাৰত 'এ' দলৰ নেতৃত্ব বহন কৰিব ঈশ্বৰণে। আনহাতে, ২০১৭ চনতে ভাৰতৰ হৈ অন্তিম টেষ্ট খেলা কৰণ নায়াৰক দললৈ উভতাই অনা হৈছে। শেহতীয়া ১২ মাহত ঘৰুৱা ক্রিকেট আৰু দিল্লী কেপিটেলছৰ আই পি এলত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰাৰ সুবাদতে টেষ্ট দললৈ প্ৰত্যাৱৰ্তন ঘটে নায়াৰৰ। ইয়াৰ বিপৰীতে লোকেশ ৰাহুলে যশস্বী জয়ছোৱালৰ সৈতে ইনিংছ মুকলি কৰিব। তিনি নম্বৰ স্থানৰ বাবে যুঁজ হ'ব সুদৰ্শন আৰু নায়াৰৰ মাজত। অধিনায়ক গীলে ভাৰতৰ টপ অৰ্ডাৰত কোহলীৰ ৪ নম্বৰৰ স্থানত বেট ধৰাৰ পূৰ্ণ সম্ভাৱনা আছে। পণ্ট আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে ভাৰতৰ টপ অৰ্ডাৰৰ ছটা স্থান পূৰ কৰিব। অলৰাউণ্ডাৰ হিচাপে ৰবীন্দ্ৰ জাদেজা আৰু ছাৰ্দুল ঠাকুৰে ক্ৰমে সপ্তম আৰু অষ্টম স্থান পূৰাব। লগতে শ্রেষ্ঠ অন্তিম তিনিটা স্থান সম্ভৱতঃ বেগী বলাৰৰ দখলত থাকিব। যশপ্রীত বুমৰাহ আৰু মহম্মদ ছিৰাজে নতুন বলত বলিং মুকলি কৰিব বুলি আশা কৰা হৈছে। 

অন্যহাতে, তৃতীয়গৰাকী পেচাৰৰ যুঁজত অৱতীৰ্ণ হ'ব প্রসিদ্ধ কৃষ্ণ, আকাশদীপ আৰু অর্শদীপ সিং। অর্শদীপে এই প্ৰথমবাৰলৈ টেষ্টৰ বাবে দলভুক্ত হৈছে। লক্ষণীয়ভাৱে দলৰ পৰা বাদ পৰিছে পেচাৰ মহম্মদ ছামী। সম্পূৰ্ণ ফিট হৈ নুঠাৰ বাবেই ইংলেণ্ড ভ্রমণলৈ টিকট নাপালে ছামীয়ে। অষ্ট্ৰেলিয়া ভ্ৰমণ কৰা হৰ্ষিত ৰাণা আৰু ছৰফৰাজ খানক বাদ দিয়া হৈছে। ইফালে, অধিনায়কৰ বাবে অন্যতম দাবীদাৰ বুমৰাহে ৫খন টেষ্টৰ কেউখনতে খেলাৰ সম্ভাৱনা ক্ষীণ বুলি জানিবলৈ দিছে অজিত আগৰকাৰ নেতৃত্বাধীন নতুন নির্বাচক কমিটীয়ে। ইংলেণ্ডৰ বিৰুদ্ধে ঘোষিত দলটো শুভমন গীল (অধিনায়ক), ঋষভ পন্ট (সহঃ অধিনায়য়ক আৰু উইকেটকীপাৰ), যশস্বী জয়ছোৱাল, লোকেশ ৰাহুল, ছাই সুদর্শন, অভিমন্যু ঈশ্বৰণ, কৰুণ নায়াৰ, নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল (দ্বিতীয় উইকেটকীপাৰ), বাশ্বিংটন সুন্দৰ, ছাৰ্দুল ঠাকুৰ, প্ৰসিদ্ধ কৃষ্ণ, আকাশদীপ, অর্শদীপ সিং, যশপ্রীত বুমৰাহ আৰু মহম্মদ ছিৰাজ।
উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ