--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এক যুগান্তকাৰী পৰিৱৰ্তন যদি কোনোবাই আনিছিল তেওঁ আন কোনো নহয়, সকলোৰে প্ৰিয় দাদা অৰ্থাত্‍ সৌৰভ গাংগুলী। ২২ গজৰ মহাৰাজা এতিয়া বিচিচিআইৰ সভাপতি। দক্ষিণ কলকাতাৰ কথা কওঁতে প্ৰথমে মনলৈ আহে বেহালাস্থিত সৌৰভ গাংগুলীৰ বাসগৃহটোৰ কথা। সুদীৰ্ঘ ৪৮ বছৰধৰি বেহালাৰ বীৰেণ ৰায় ৰোডৰ মঙলচণ্ডী ভৱনত বসবাস কৰি আহিছে সৌৰভ গাংগুলীয়ে। অৱশ্যে, শেহতীয়াকৈ দাদাই ঠিকনা সলনি কৰাৰ খবৰ ওলাইছে। ক’লৈ যাব দাদাই?

বেহালাৰ ভিটা এৰি মধ্য কলকাতাৰ এটা বিলাসী বাংলোলৈ উঠি আহিছে সৌৰভ গাংগুলীয়ে। নিজাম প্ৰাসাদৰ ওচৰৰ লোয়াৰ ৰ’ডেন ষ্ট্ৰীট এতিয়াৰে পৰা মহাৰাজাৰ নতুন ঠিকনা। ৰাজকীয় এই বাংলোটো ২৩.৬ কাটাৰ ওপৰত গছ-গছনিৰে আগুৰি থকা এখনি সৰু স্বৰ্গৰ দৰে। এতিয়াৰ পৰা সপৰিয়ালৰ এই প্ৰাসাদতে থাকিব তেওঁ। জানিবলৈ পোৱা মতে, এই বাংলোটোত সকলো অত্যাধুনিক সা-সুবিধা আছে, এই নিস্তব্ধ-নিৰ্জন পৰিৱেশে এতিয়াৰ পৰা দাদাৰ ঠিকনা। অনুপমা বাগৰী, কেশব দাস বিয়ানী আৰু নিকুঞ্জ বিয়ানীৰ পৰা এই প্ৰাসাদ ক্ৰয় কৰিছে সৌৰভ গাংগুলীয়ে।

কিন্তু এই ৰাজকীয় প্ৰাসাদটোৰ মূল্য কিমান জানেনে? প্ৰকৃত দাম শুনিলে থকৰাছুটী হেৰুৱাব আপোনাৰ। এই প্ৰাসাদটোৰ মূল্য প্ৰায় ৪০ কোটি টকা। কিন্তু কিয় হঠাতেবেহালাৰ প্ৰাসাদ এৰি নতুন ঠিকনা লৈছে মহাৰাজাই? যাতায়তৰ সুবিধাৰ বাবে ঠিকনা সলনি কৰাৰ সিদ্ধান্ত লোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে তেওঁ। দৰাচলতে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি হোৱাৰ বাবে দৈনিক দেশৰ বিভিন্ন প্ৰান্তলৈ যাৱলগীয়া হোৱাৰ লগেত বিদেশ ভ্ৰমণৰ বাবেও সদা প্ৰস্তুত থাকবিলগীয়া হয় তেওঁ। কিন্তু বেহালাৰ পৰা বিমানবন্দৰলৈ  দীঘলীয়া যান-জঁটৰ সমস্যাত ভুগিবলগীয়া হয় তেওঁ। সেয়ে সময়ৰ প্ৰতি লক্ষ্য ৰাখি মধ্য কলিকতালৈ অহাৰ সিদ্ধান্ত ল’লে বুলি জনাইছে বিচিচিআইৰ সভাপতি গৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত