--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এক যুগান্তকাৰী পৰিৱৰ্তন যদি কোনোবাই আনিছিল তেওঁ আন কোনো নহয়, সকলোৰে প্ৰিয় দাদা অৰ্থাত্‍ সৌৰভ গাংগুলী। ২২ গজৰ মহাৰাজা এতিয়া বিচিচিআইৰ সভাপতি। দক্ষিণ কলকাতাৰ কথা কওঁতে প্ৰথমে মনলৈ আহে বেহালাস্থিত সৌৰভ গাংগুলীৰ বাসগৃহটোৰ কথা। সুদীৰ্ঘ ৪৮ বছৰধৰি বেহালাৰ বীৰেণ ৰায় ৰোডৰ মঙলচণ্ডী ভৱনত বসবাস কৰি আহিছে সৌৰভ গাংগুলীয়ে। অৱশ্যে, শেহতীয়াকৈ দাদাই ঠিকনা সলনি কৰাৰ খবৰ ওলাইছে। ক’লৈ যাব দাদাই?

বেহালাৰ ভিটা এৰি মধ্য কলকাতাৰ এটা বিলাসী বাংলোলৈ উঠি আহিছে সৌৰভ গাংগুলীয়ে। নিজাম প্ৰাসাদৰ ওচৰৰ লোয়াৰ ৰ’ডেন ষ্ট্ৰীট এতিয়াৰে পৰা মহাৰাজাৰ নতুন ঠিকনা। ৰাজকীয় এই বাংলোটো ২৩.৬ কাটাৰ ওপৰত গছ-গছনিৰে আগুৰি থকা এখনি সৰু স্বৰ্গৰ দৰে। এতিয়াৰ পৰা সপৰিয়ালৰ এই প্ৰাসাদতে থাকিব তেওঁ। জানিবলৈ পোৱা মতে, এই বাংলোটোত সকলো অত্যাধুনিক সা-সুবিধা আছে, এই নিস্তব্ধ-নিৰ্জন পৰিৱেশে এতিয়াৰ পৰা দাদাৰ ঠিকনা। অনুপমা বাগৰী, কেশব দাস বিয়ানী আৰু নিকুঞ্জ বিয়ানীৰ পৰা এই প্ৰাসাদ ক্ৰয় কৰিছে সৌৰভ গাংগুলীয়ে।

কিন্তু এই ৰাজকীয় প্ৰাসাদটোৰ মূল্য কিমান জানেনে? প্ৰকৃত দাম শুনিলে থকৰাছুটী হেৰুৱাব আপোনাৰ। এই প্ৰাসাদটোৰ মূল্য প্ৰায় ৪০ কোটি টকা। কিন্তু কিয় হঠাতেবেহালাৰ প্ৰাসাদ এৰি নতুন ঠিকনা লৈছে মহাৰাজাই? যাতায়তৰ সুবিধাৰ বাবে ঠিকনা সলনি কৰাৰ সিদ্ধান্ত লোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে তেওঁ। দৰাচলতে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি হোৱাৰ বাবে দৈনিক দেশৰ বিভিন্ন প্ৰান্তলৈ যাৱলগীয়া হোৱাৰ লগেত বিদেশ ভ্ৰমণৰ বাবেও সদা প্ৰস্তুত থাকবিলগীয়া হয় তেওঁ। কিন্তু বেহালাৰ পৰা বিমানবন্দৰলৈ  দীঘলীয়া যান-জঁটৰ সমস্যাত ভুগিবলগীয়া হয় তেওঁ। সেয়ে সময়ৰ প্ৰতি লক্ষ্য ৰাখি মধ্য কলিকতালৈ অহাৰ সিদ্ধান্ত ল’লে বুলি জনাইছে বিচিচিআইৰ সভাপতি গৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ