--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম-মেঘালয়ৰ এবুকু স্মৃতি বুকুত বান্ধি বুধবাৰে অসম এৰিলে ক্ৰিকেটৰ সম্ৰাট খ্যাত শচীন তেণ্ডুলকাৰৰ পৰিয়ালে। 

মেঘালয়ৰ পাছত যোৱা দুটা দিন কাজিৰঙাত কটোৱা তেণ্ডুলকাৰৰ পৰিয়ালে বুধবাৰে পুৱা কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰাৰ পাছত দুপৰীয়া গুৱাহাটীলৈ আহে। পূর্ব নির্ধাৰিত কাৰ্যসূচী অনুসৰি তেওঁ মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ কথা আছিল যদিও শেষত সময়ৰ অভাৱত তেওঁলোকে কামাখ্যা দর্শন নকৰাকৈয়ে মুম্বাইলৈ উৰা মাৰে।

 উল্লেখযোগ্য খানাপাৰা আৰু যোৰাবাটৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা মেৰামতি কৰি থকাৰ ফলত সৃষ্টি হোৱা অভাৱনীয় যান-জঁটৰ বাবে তেওঁলোক সুকীয়া পথৰে গুৱাহাটীলৈ আহিব লগীয়া হয়। 

জানিব পৰা মতে, যান-জঁটৰ বাবে ডিগাৰুৰ সমীপৰ বায়ু সেনাৰ বাহিনীৰ ছাউনীৰ সমীপৰে আহি তেণ্ডুলকাৰ পৰিয়ালক লৈ অহা কনভয়টো পাথৰ কোৱেৰীত আহি উপস্থিত হয়হি। ইয়াৰ পাছত তেওঁলোকে পঞ্চতাৰকাযুক্ত হোটেল ৰেডিছন ব্লুত কিছু সময় জিৰাই সন্ধিয়া মুম্বাইলৈ বিমান যোগে ৰাওনা হয়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি