--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে আইপিএলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৫৮ ৰানত পৰাস্ত কৰে । ৰাজস্থানৰ দলটোৱে ২১৮ ৰানৰ বিশাল লক্ষ্য লাভ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰিয়ান পৰাগে আগ্ৰাসীভাৱে বেটিং কৰিছিল। কিন্তু যেতিয়া তেওঁক গিভ আউট কৰা হ’ল, তেতিয়া তেওঁ খেলপথাৰৰ মাজত আম্পায়াৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। 

উল্লেখ্য যে ৰিয়ানে এই মেচখনত ১৪টা বলত ২৬ ৰানৰ দ্ৰুত ইনিংছ খেলিছিল। কিন্তু খেলপথাৰত এনে কি হৈছিল, যাৰ বাবে ৰিয়ান পৰাগে হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত আম্পায়াৰৰ সিদ্ধান্তৰ প্ৰতিবাদ কৰিব লগা হ’ল।

এই ঘটনা ৰাজস্থান ৰয়েলছৰ ইনিংছৰ ৭ম অভাৰৰ। দলটোৱে আগতীয়াকৈ ২টা উইকেট হেৰুৱাইছিল, এনে পৰিস্থিতিত অধিনায়ক সঞ্জু চেমচন আৰু ৰিয়ান পৰাগে ৰাজস্থানৰ দায়িত্ব ল’লে। কুলৱন্ত খেজৰোলিয়াই বলিং কৰি আছিল আৰু অভাৰৰ চতুৰ্থ বলত ৰিয়ানে বলটো থাৰ্ড মেনৰ ফালে ষ্টিয়াৰিং কৰিবলৈ চেষ্টা কৰিছিল যদিও বলটো পোনে পোনে উইকেটকীপাৰৰ হাতত সোমাইছিল। গ্ৰাউণ্ড আম্পায়াৰে ৰিয়ানক আউট ঘোষণা কৰে যদিও ৰাজস্থানৰ বেটছমেনগৰাকীয়ে ডি আৰ এছ লয়।

ডি আৰ এছৰ সময়ত যেতিয়া আল্ট্ৰা এজ ব্যৱহাৰ কৰা হৈছিল তেতিয়া ইয়াত এটা বিশাল স্পাইক দেখা গৈছিল। ফলত ৰিয়ান পৰাগকো তৃতীয় আম্পায়াৰে আউট ঘোষণা কৰে। কিন্তু এই সিদ্ধান্তত সুখী নহ’ল ৰাজস্থানৰ যুৱ বেটছমেনগৰাকী। তেওঁ কয় যে আল্ট্ৰা এজত স্পাইক বল-বেট সংযোগৰ বাবে নহয় বৰঞ্চ বেটখন মাটিত ঘঁহি যোৱাৰ বাবে হৈছে।

আই পি এল ২০২৫ৰ প্ৰথম তিনিখন মেচত সঞ্জু চেমছন কেৱল ইমপেক্ট প্লেয়াৰ হিচাপে বেটিং কৰিবলৈহে আহিছিল। এনে পৰিস্থিতিত তেওঁৰ ঠাইত ৰাজস্থান দলৰ অধিনায়ক হিচাপে আছিল ৰিয়ান পৰাগ। ইফালে চি এছ কেৰ বিৰুদ্ধে খেলখনত অভাৰ ৰেট লেহেমীয়া হোৱাৰ বাবে আৰ আৰ অধিনায়ক ৰিয়ান পৰাগক ১২ লাখ টকাৰ জৰিমনা বিহা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ