--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে আইপিএলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৫৮ ৰানত পৰাস্ত কৰে । ৰাজস্থানৰ দলটোৱে ২১৮ ৰানৰ বিশাল লক্ষ্য লাভ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰিয়ান পৰাগে আগ্ৰাসীভাৱে বেটিং কৰিছিল। কিন্তু যেতিয়া তেওঁক গিভ আউট কৰা হ’ল, তেতিয়া তেওঁ খেলপথাৰৰ মাজত আম্পায়াৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। 

উল্লেখ্য যে ৰিয়ানে এই মেচখনত ১৪টা বলত ২৬ ৰানৰ দ্ৰুত ইনিংছ খেলিছিল। কিন্তু খেলপথাৰত এনে কি হৈছিল, যাৰ বাবে ৰিয়ান পৰাগে হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত আম্পায়াৰৰ সিদ্ধান্তৰ প্ৰতিবাদ কৰিব লগা হ’ল।

এই ঘটনা ৰাজস্থান ৰয়েলছৰ ইনিংছৰ ৭ম অভাৰৰ। দলটোৱে আগতীয়াকৈ ২টা উইকেট হেৰুৱাইছিল, এনে পৰিস্থিতিত অধিনায়ক সঞ্জু চেমচন আৰু ৰিয়ান পৰাগে ৰাজস্থানৰ দায়িত্ব ল’লে। কুলৱন্ত খেজৰোলিয়াই বলিং কৰি আছিল আৰু অভাৰৰ চতুৰ্থ বলত ৰিয়ানে বলটো থাৰ্ড মেনৰ ফালে ষ্টিয়াৰিং কৰিবলৈ চেষ্টা কৰিছিল যদিও বলটো পোনে পোনে উইকেটকীপাৰৰ হাতত সোমাইছিল। গ্ৰাউণ্ড আম্পায়াৰে ৰিয়ানক আউট ঘোষণা কৰে যদিও ৰাজস্থানৰ বেটছমেনগৰাকীয়ে ডি আৰ এছ লয়।

ডি আৰ এছৰ সময়ত যেতিয়া আল্ট্ৰা এজ ব্যৱহাৰ কৰা হৈছিল তেতিয়া ইয়াত এটা বিশাল স্পাইক দেখা গৈছিল। ফলত ৰিয়ান পৰাগকো তৃতীয় আম্পায়াৰে আউট ঘোষণা কৰে। কিন্তু এই সিদ্ধান্তত সুখী নহ’ল ৰাজস্থানৰ যুৱ বেটছমেনগৰাকী। তেওঁ কয় যে আল্ট্ৰা এজত স্পাইক বল-বেট সংযোগৰ বাবে নহয় বৰঞ্চ বেটখন মাটিত ঘঁহি যোৱাৰ বাবে হৈছে।

আই পি এল ২০২৫ৰ প্ৰথম তিনিখন মেচত সঞ্জু চেমছন কেৱল ইমপেক্ট প্লেয়াৰ হিচাপে বেটিং কৰিবলৈহে আহিছিল। এনে পৰিস্থিতিত তেওঁৰ ঠাইত ৰাজস্থান দলৰ অধিনায়ক হিচাপে আছিল ৰিয়ান পৰাগ। ইফালে চি এছ কেৰ বিৰুদ্ধে খেলখনত অভাৰ ৰেট লেহেমীয়া হোৱাৰ বাবে আৰ আৰ অধিনায়ক ৰিয়ান পৰাগক ১২ লাখ টকাৰ জৰিমনা বিহা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ