--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ হনুমান চালিছা বিতৰ্কই তোলপাৰ লগাইছে মহাৰাষ্ট্ৰত। শাসকীয় শিৱসেনাৰ সৈতে নিৰ্দলীয় সাংসদ-বিধায়কৰ যুটীয়ে প্ৰত্যক্ষ সংঘাতত লিপ্ত হোৱাৰ পাছত পৰিস্থিতিৰ অৱনতি হোৱা দেখিবলৈ পোৱা গৈছে। শিৱসেনাৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে অমৰাৱতীৰ সাংসদ নৱনীত ৰাণা আৰু তেওঁৰ পত্নী তথা বিধায়িকা ৰবি ৰাণাৰ ঘৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ কৰে। এই নিৰ্দলীয় সাংসদ-বিধায়ক দম্পতীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বাসগৃহ মাতোশ্ৰীৰ সন্মুখত হনুমান চালিছা পঢ়াৰ কথা ঘোষণা কৰাক লৈ সৃষ্টি হৈছিল উত্তেজনাৰ।

ইয়াৰ পাছতে ৰাজনীতিক দম্পতীটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে শিৱসেনাৰ সদস্যসকলে। তেওঁলোকে বেৰিকেড ভাঙি ৰাজনীতিক দুগৰাকীৰ খাৰ এলেকাত থকা বাসগৃহত প্ৰৱেশৰ চেষ্টা চলায়। অৱশ্যে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদানত সফল হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ইফালে, এই উত্তেজনাৰ পাছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ব্যক্তিগত বাসভৱনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। ‘মাতোশ্ৰী’ অভিমুখী পথত বেৰিকেড স্থাপন কৰি ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। আনহাতে, শিৱসেনাৰ কৰ্মীৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি সাংসদ নৱনীত ৰাণা আৰু বিধায়িকা ৰবি ৰাণাৰ বাসগৃহতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

উল্লেখ্য যে, মুম্বাই আৰক্ষীয়ে ৰাণা দম্পতীলৈ জাননী জাৰি কৰি সকীয়াই দিছিল যে, তেওঁলোকে যাতে চহৰখনৰ আইন শৃংখলা পৰিস্থিতি বিনষ্ট নকৰে। হনুমান চালিচাক কেন্দ্ৰ কৰি উত্তেজনাৰ কেন্দ্ৰ হৈ পৰা মহাৰাষ্ট্ৰৰ পৰিস্থিতিৰ যাতে ৰাজনৈতিক কাৰণত অধিক অৱনতি নঘটে তাৰ চেষ্টাত ত্ৰুটি কৰা নাই আৰক্ষীয়ে। আৰক্ষীয়ে ‘মাতোশ্ৰী’ৰ লগতে দক্ষিণ মুম্বাইত থকা উদ্ধৱ থাকৰেৰ চৰকাৰী বাসভৱন ‘বৰ্ষা’তো নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।

ইফালে, শিৱসেনাৰ প্ৰতিবাদ তথা মুম্বাই আৰক্ষীৰ জাননীয়ে অপ্ৰস্তুত কৰি তুলিলেও তেওঁলোক নিজৰ লক্ষ্যত অটল হৈ আছে বুলি প্ৰকাশ কৰিছে। নৱনীত ৰাণাই মন্তব্য কৰে যে, ‘মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে শিৱসেনা কৰ্মীসকলক আমাক ভীতিগ্ৰস্ত কৰাৰ নিৰ্দেশ দিছে। তেওঁলোকে বেৰিকেড ভাঙি অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰিছে। কিন্তু মই সোঁৱৰাই দিওঁ যে, মাতোশ্ৰীৰ সন্মুখত মই হনুমান ‘চালিছা’ পঢ়িমেই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ