--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ হনুমান চালিছা বিতৰ্কই তোলপাৰ লগাইছে মহাৰাষ্ট্ৰত। শাসকীয় শিৱসেনাৰ সৈতে নিৰ্দলীয় সাংসদ-বিধায়কৰ যুটীয়ে প্ৰত্যক্ষ সংঘাতত লিপ্ত হোৱাৰ পাছত পৰিস্থিতিৰ অৱনতি হোৱা দেখিবলৈ পোৱা গৈছে। শিৱসেনাৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে অমৰাৱতীৰ সাংসদ নৱনীত ৰাণা আৰু তেওঁৰ পত্নী তথা বিধায়িকা ৰবি ৰাণাৰ ঘৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ কৰে। এই নিৰ্দলীয় সাংসদ-বিধায়ক দম্পতীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বাসগৃহ মাতোশ্ৰীৰ সন্মুখত হনুমান চালিছা পঢ়াৰ কথা ঘোষণা কৰাক লৈ সৃষ্টি হৈছিল উত্তেজনাৰ।

ইয়াৰ পাছতে ৰাজনীতিক দম্পতীটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে শিৱসেনাৰ সদস্যসকলে। তেওঁলোকে বেৰিকেড ভাঙি ৰাজনীতিক দুগৰাকীৰ খাৰ এলেকাত থকা বাসগৃহত প্ৰৱেশৰ চেষ্টা চলায়। অৱশ্যে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদানত সফল হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ইফালে, এই উত্তেজনাৰ পাছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ব্যক্তিগত বাসভৱনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। ‘মাতোশ্ৰী’ অভিমুখী পথত বেৰিকেড স্থাপন কৰি ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। আনহাতে, শিৱসেনাৰ কৰ্মীৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি সাংসদ নৱনীত ৰাণা আৰু বিধায়িকা ৰবি ৰাণাৰ বাসগৃহতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

উল্লেখ্য যে, মুম্বাই আৰক্ষীয়ে ৰাণা দম্পতীলৈ জাননী জাৰি কৰি সকীয়াই দিছিল যে, তেওঁলোকে যাতে চহৰখনৰ আইন শৃংখলা পৰিস্থিতি বিনষ্ট নকৰে। হনুমান চালিচাক কেন্দ্ৰ কৰি উত্তেজনাৰ কেন্দ্ৰ হৈ পৰা মহাৰাষ্ট্ৰৰ পৰিস্থিতিৰ যাতে ৰাজনৈতিক কাৰণত অধিক অৱনতি নঘটে তাৰ চেষ্টাত ত্ৰুটি কৰা নাই আৰক্ষীয়ে। আৰক্ষীয়ে ‘মাতোশ্ৰী’ৰ লগতে দক্ষিণ মুম্বাইত থকা উদ্ধৱ থাকৰেৰ চৰকাৰী বাসভৱন ‘বৰ্ষা’তো নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।

ইফালে, শিৱসেনাৰ প্ৰতিবাদ তথা মুম্বাই আৰক্ষীৰ জাননীয়ে অপ্ৰস্তুত কৰি তুলিলেও তেওঁলোক নিজৰ লক্ষ্যত অটল হৈ আছে বুলি প্ৰকাশ কৰিছে। নৱনীত ৰাণাই মন্তব্য কৰে যে, ‘মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে শিৱসেনা কৰ্মীসকলক আমাক ভীতিগ্ৰস্ত কৰাৰ নিৰ্দেশ দিছে। তেওঁলোকে বেৰিকেড ভাঙি অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰিছে। কিন্তু মই সোঁৱৰাই দিওঁ যে, মাতোশ্ৰীৰ সন্মুখত মই হনুমান ‘চালিছা’ পঢ়িমেই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ