--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আপোনাৰ শৰীৰৰ বাবে ভিটামিন চি অতি গুৰুত্বপূৰ্ণ। এই পুষ্টিকৰ পদাৰ্থই কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাই নহয় ছাল আৰু চুলি সুস্থ কৰি ৰখাতো সহায় কৰে। কিন্তু এই ভিটামিনৰ উপকাৰিতাৰ কথা জানি নিৰ্বিচাৰে সেৱন নকৰিব। কাৰণ, অত্যধিক ভিটামিন চি শৰীৰৰ বাবে বিপদজনক হ’ব পাৰে। ইয়াৰ ফলত বৃক্ক আৰু হাড়ৰ সমস্যা হ’ব পাৰে। 

অত্যধিক ভিটামিন চি খালে কি হয়

অত্যধিক পৰিমাণে ভিটামিন চি সেৱন কৰিলে শৰীৰত কিছুমান পাৰ্শ্বক্ৰিয়া দেখা দিবলৈ আৰম্ভ কৰে। যদি তলত দিয়া লক্ষণসমূহ আপোনাৰ শৰীৰত দেখা দিবলৈ আৰম্ভ কৰে, তেন্তে ভিটামিন চি সমৃদ্ধ ফল-মূল আৰু খাদ্যৰ পৰা আঁতৰি থকাটো ভাল।

১/ বৃক্কত পাথৰৰ সমস্যাঃ অত্যধিক ভিটামিন চি খাদ্য বা পৰিপূৰক গ্ৰহণ কৰিলে বৃক্কত পাথৰৰ সমস্যা হব পাৰে। কাৰণ শৰীৰে প্ৰস্ৰাৱৰ জৰিয়তে অক্সালেট ৰূপত অতিৰিক্ত ভিটামিন চি বাহিৰ কৰে। কিন্তু, কেতিয়াবা ই আন খনিজ পদাৰ্থৰ সৈতে মিলি সৰু সৰু স্ফটিকৰ ৰূপ লৈ বৃক্কৰ পাথৰ হৈ পৰে।

২/ হাড়ৰ অস্বাভাৱিক বিকাশঃ শৰীৰত ভিটামিন চিৰ অত্যধিক মাত্ৰা থাকিলে হাড়ৰ বিষ, হাড়ৰ অস্বাভাৱিক বিকাশ হ’ব পাৰে। 

৩/ হজম শক্তিৰ সমস্যাঃ  ভিটামিন চি বেছিকৈ গ্ৰহণ কৰিলে হজম শক্তি বেয়া হয়। ইয়াৰ কাৰণে আপুনি বদহজম, বমি, পেটৰ বিষ, জ্বলন আদি সমস্যাত ভুগিব পাৰে। 

৪/ শৰীৰত অসন্তুলিত পুষ্টিঃ অত্যধিক পৰিমাণে ভিটামিন চি সেৱন কৰিলে শৰীৰত থকা পুষ্টিকৰ উপাদানৰ মাত্ৰা অসন্তুলিত হৈ পৰে। ইয়াৰ ফলত শৰীৰত ভিটামিন বি ১২ আৰু কপাৰৰ পৰিমাণ কমি যাব পাৰে। একে সময়তে ভিটামিন চিৰ বাবে শৰীৰত আইৰণৰ ব্যৱহাৰ বৃদ্ধি পায় যিটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ