--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আপোনাৰ শৰীৰৰ বাবে ভিটামিন চি অতি গুৰুত্বপূৰ্ণ। এই পুষ্টিকৰ পদাৰ্থই কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাই নহয় ছাল আৰু চুলি সুস্থ কৰি ৰখাতো সহায় কৰে। কিন্তু এই ভিটামিনৰ উপকাৰিতাৰ কথা জানি নিৰ্বিচাৰে সেৱন নকৰিব। কাৰণ, অত্যধিক ভিটামিন চি শৰীৰৰ বাবে বিপদজনক হ’ব পাৰে। ইয়াৰ ফলত বৃক্ক আৰু হাড়ৰ সমস্যা হ’ব পাৰে। 

অত্যধিক ভিটামিন চি খালে কি হয়

অত্যধিক পৰিমাণে ভিটামিন চি সেৱন কৰিলে শৰীৰত কিছুমান পাৰ্শ্বক্ৰিয়া দেখা দিবলৈ আৰম্ভ কৰে। যদি তলত দিয়া লক্ষণসমূহ আপোনাৰ শৰীৰত দেখা দিবলৈ আৰম্ভ কৰে, তেন্তে ভিটামিন চি সমৃদ্ধ ফল-মূল আৰু খাদ্যৰ পৰা আঁতৰি থকাটো ভাল।

১/ বৃক্কত পাথৰৰ সমস্যাঃ অত্যধিক ভিটামিন চি খাদ্য বা পৰিপূৰক গ্ৰহণ কৰিলে বৃক্কত পাথৰৰ সমস্যা হব পাৰে। কাৰণ শৰীৰে প্ৰস্ৰাৱৰ জৰিয়তে অক্সালেট ৰূপত অতিৰিক্ত ভিটামিন চি বাহিৰ কৰে। কিন্তু, কেতিয়াবা ই আন খনিজ পদাৰ্থৰ সৈতে মিলি সৰু সৰু স্ফটিকৰ ৰূপ লৈ বৃক্কৰ পাথৰ হৈ পৰে।

২/ হাড়ৰ অস্বাভাৱিক বিকাশঃ শৰীৰত ভিটামিন চিৰ অত্যধিক মাত্ৰা থাকিলে হাড়ৰ বিষ, হাড়ৰ অস্বাভাৱিক বিকাশ হ’ব পাৰে। 

৩/ হজম শক্তিৰ সমস্যাঃ  ভিটামিন চি বেছিকৈ গ্ৰহণ কৰিলে হজম শক্তি বেয়া হয়। ইয়াৰ কাৰণে আপুনি বদহজম, বমি, পেটৰ বিষ, জ্বলন আদি সমস্যাত ভুগিব পাৰে। 

৪/ শৰীৰত অসন্তুলিত পুষ্টিঃ অত্যধিক পৰিমাণে ভিটামিন চি সেৱন কৰিলে শৰীৰত থকা পুষ্টিকৰ উপাদানৰ মাত্ৰা অসন্তুলিত হৈ পৰে। ইয়াৰ ফলত শৰীৰত ভিটামিন বি ১২ আৰু কপাৰৰ পৰিমাণ কমি যাব পাৰে। একে সময়তে ভিটামিন চিৰ বাবে শৰীৰত আইৰণৰ ব্যৱহাৰ বৃদ্ধি পায় যিটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক