--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে গাখীৰৰ লগত সৰ খাবলৈ ভাল পায় যদিও ইয়াক ছালৰ যত্নৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। সৰৰ সহায়ত মুখখন মইশ্ব’ৰাইজ কৰা হয়। ইয়াৰ বাহিৰেও সৰ প্ৰয়োগ কৰিলে মুখৰ পৰা মলি সম্পূৰ্ণৰূপে আঁতৰি যায় আৰু মুখৰ ছালখন জিলিকি উঠে আৰু কোমল হৈ পৰে। যদি কিছুমান বস্তু গাখীৰৰ সৰৰ লগত মিহলাই ফেচ পেক প্ৰস্তুত কৰা হয়, তেন্তে মুখৰ বহু সমস্যাৰ পৰা উপশম পাব পাৰি।

সৰৰ লগত ৩ প্ৰকাৰৰ ফেচ পেক প্ৰস্তুত কৰক

১/ গাখীৰৰ সৰ আৰু মৌঃ গাখীৰৰ সৰ আৰু মৌৰ সংমিশ্ৰণ মুখৰ ছালৰ বাবে অতি উপকাৰী বুলি বিবেচিত হয়। ইয়াৰ ফলত মুখখন গভীৰভাৱে মইশ্ব’ৰাইজ হ’ব আৰু লগতে জিলিকি উঠিব। এই ফেচ পেকটো প্ৰস্তুত কৰিবলৈ সৰ আৰু মৌ সমান পৰিমাণে মিহলাই মুখত লগাব লাগে। ২০ মিনিটমান ৰখাৰ পিছত কুহুমীয়া পানীৰে মুখখন ধুব লাগে।

২/ গাখীৰৰ সৰ আৰু হালধিঃ গাখীৰৰ সৰৰ লগত হালধি মিহলাই মুখত লগালে শুকান ছালো মাখনৰ দৰে কোমল হৈ পৰে। ইয়াৰ বাবে এচামুচ সৰত হালধি গুড়ি আৰু গোলাপৰ পানীৰ টোপাল মিহলাই পেষ্ট প্ৰস্তুত কৰি লওক। এতিয়া মুখত লগাই ১৫ মিনিটমান ৰাখি শেষত ঠাণ্ডা পানীৰে ধুব।

৩/ গাখীৰৰ সৰ আৰু বেচনঃ যদি আপুনি মুখত গাখীৰৰ সৰ আৰু বেচনৰ ফেচ পেক লগায় তেন্তে আপোনাৰ মুখখন সঠিকভাৱে এক্সফোলিয়েট হৈ যাব। ইয়াৰ সহায়ত মুখৰ পৰা মৃত ছালৰ কোষবোৰ আঁতৰি যায় আৰু প্ৰাণহীন ছালখনো পুনৰ জীৱন্ত হৈ উঠে। এই ফেচ পেকটো নিয়মিতভাৱে মুখত লগাব লাগে আৰু তাৰ পিছত কিছু সময় শুকুৱাই লোৱাৰ পিছত পৰিষ্কাৰ পানীৰে ধুব লাগে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ