--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে গাখীৰৰ লগত সৰ খাবলৈ ভাল পায় যদিও ইয়াক ছালৰ যত্নৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। সৰৰ সহায়ত মুখখন মইশ্ব’ৰাইজ কৰা হয়। ইয়াৰ বাহিৰেও সৰ প্ৰয়োগ কৰিলে মুখৰ পৰা মলি সম্পূৰ্ণৰূপে আঁতৰি যায় আৰু মুখৰ ছালখন জিলিকি উঠে আৰু কোমল হৈ পৰে। যদি কিছুমান বস্তু গাখীৰৰ সৰৰ লগত মিহলাই ফেচ পেক প্ৰস্তুত কৰা হয়, তেন্তে মুখৰ বহু সমস্যাৰ পৰা উপশম পাব পাৰি।

সৰৰ লগত ৩ প্ৰকাৰৰ ফেচ পেক প্ৰস্তুত কৰক

১/ গাখীৰৰ সৰ আৰু মৌঃ গাখীৰৰ সৰ আৰু মৌৰ সংমিশ্ৰণ মুখৰ ছালৰ বাবে অতি উপকাৰী বুলি বিবেচিত হয়। ইয়াৰ ফলত মুখখন গভীৰভাৱে মইশ্ব’ৰাইজ হ’ব আৰু লগতে জিলিকি উঠিব। এই ফেচ পেকটো প্ৰস্তুত কৰিবলৈ সৰ আৰু মৌ সমান পৰিমাণে মিহলাই মুখত লগাব লাগে। ২০ মিনিটমান ৰখাৰ পিছত কুহুমীয়া পানীৰে মুখখন ধুব লাগে।

২/ গাখীৰৰ সৰ আৰু হালধিঃ গাখীৰৰ সৰৰ লগত হালধি মিহলাই মুখত লগালে শুকান ছালো মাখনৰ দৰে কোমল হৈ পৰে। ইয়াৰ বাবে এচামুচ সৰত হালধি গুড়ি আৰু গোলাপৰ পানীৰ টোপাল মিহলাই পেষ্ট প্ৰস্তুত কৰি লওক। এতিয়া মুখত লগাই ১৫ মিনিটমান ৰাখি শেষত ঠাণ্ডা পানীৰে ধুব।

৩/ গাখীৰৰ সৰ আৰু বেচনঃ যদি আপুনি মুখত গাখীৰৰ সৰ আৰু বেচনৰ ফেচ পেক লগায় তেন্তে আপোনাৰ মুখখন সঠিকভাৱে এক্সফোলিয়েট হৈ যাব। ইয়াৰ সহায়ত মুখৰ পৰা মৃত ছালৰ কোষবোৰ আঁতৰি যায় আৰু প্ৰাণহীন ছালখনো পুনৰ জীৱন্ত হৈ উঠে। এই ফেচ পেকটো নিয়মিতভাৱে মুখত লগাব লাগে আৰু তাৰ পিছত কিছু সময় শুকুৱাই লোৱাৰ পিছত পৰিষ্কাৰ পানীৰে ধুব লাগে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত