--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ পশ্চিমৰ প্ৰতিৱেশী পাকিস্তানৰ সৈতে সংঘাত-সংঘৰ্ষৰ সাময়িক বিৰতিৰ সময়তে দেশখনৰ পূবৰ প্ৰতিৱেশী চীনে আৰম্ভ কৰিছে চতুৰালিৰ আখৰা।ভাৰতৰ সৈতে চীনৰ কূটনৈতিক সম্পর্ক উন্নীতকৰণৰ প্রচেষ্টা চলি থকাৰ মাজতে, সময়ে সময়ে কৰি থকাৰ দৰেই চীনে অৰুণাচলৰ দুই ডজনৰ অধিক ঠাইৰ পুনৰ নামকৰণ কৰি ভাৰতীয় ৰাজ্যখনত নিজৰ অধিকাৰ প্ৰদৰ্শন কৰিবলৈ বিচাৰিছে। 
বুধবাৰে চীনৰ অসামৰিক পৰিক্ৰমা ম্যালয়ে অৰুণাচল প্ৰদেশৰ স্থানসমূহৰ চীনা নাম প্রকাশ কৰে। দেশখনে অৰুণাচল প্রদেশক 'ঝাংনান' নাম দি কয় যেই তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ অন্তৰ্গত।

চীনে পুনৰ নামকৰণ কৰা ২৭টা স্থানৰ ভিতৰত আছে ১৫টা পাহাৰ, ৫টা আৱাসিক অঞ্চল, ৪টা গিৰিপথ, দুখন নদী আৰু এটা হ্রদ। প্রতিটো স্থানকে চীন, তিব্বতী আৰু পিনয়িন লিপিৰে নাম দি ৰোমান ভাষাৰে মাণ্ডাৰিন চীন ভাষাৰ উচ্চাৰণ দিয়া হৈছে। ইয়াৰ উপৰি দিয়া হৈছে ঠাইবোৰৰ অক্ষাংশ, দ্রাঘিমাংশ আৰু হাই ৰিজলিউশ্যনৰ এখন মানচিত্র।

উল্লেখযোগ্য যে যোৱা বছৰ এপ্রিল মাহতো চীনে অৰুণাচলৰ ৩০ স্থানৰ পুনৰ নামকৰণ কৰিছিল। চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে অৰুণাচলৰ ঠাইৰ পুনৰ নামকৰণৰ প্রথমখন তালিকা প্রকাশ কৰিছিল ২০১৭ চনত।

ইফালে চীনে কৰা অৰুণাচলৰ ঠাইৰ পুনৰ নামকৰণক ভাৰত চৰকাৰে দৃঢ়ভাবে নাকচ কৰে। ভাৰতে কয় যে ভৌগোলিক দাবীৰ ই অসাৰ আৰু ভিত্তিহীন প্রচেষ্টা। ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, 'অৰুণাচল প্রদেশ ভাৰতৰ অখণ্ড আৰু অহস্তান্তৰণীয় অংশ আছিল আছে আৰু সদায়ে থাকিব। সৃষ্টিশীল নামকৰণে এই অনস্বীকার্য বাস্তৱক সলনি কৰিব নোৱাৰে।'
উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত