--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ পশ্চিমৰ প্ৰতিৱেশী পাকিস্তানৰ সৈতে সংঘাত-সংঘৰ্ষৰ সাময়িক বিৰতিৰ সময়তে দেশখনৰ পূবৰ প্ৰতিৱেশী চীনে আৰম্ভ কৰিছে চতুৰালিৰ আখৰা।ভাৰতৰ সৈতে চীনৰ কূটনৈতিক সম্পর্ক উন্নীতকৰণৰ প্রচেষ্টা চলি থকাৰ মাজতে, সময়ে সময়ে কৰি থকাৰ দৰেই চীনে অৰুণাচলৰ দুই ডজনৰ অধিক ঠাইৰ পুনৰ নামকৰণ কৰি ভাৰতীয় ৰাজ্যখনত নিজৰ অধিকাৰ প্ৰদৰ্শন কৰিবলৈ বিচাৰিছে। 
বুধবাৰে চীনৰ অসামৰিক পৰিক্ৰমা ম্যালয়ে অৰুণাচল প্ৰদেশৰ স্থানসমূহৰ চীনা নাম প্রকাশ কৰে। দেশখনে অৰুণাচল প্রদেশক 'ঝাংনান' নাম দি কয় যেই তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ অন্তৰ্গত।

চীনে পুনৰ নামকৰণ কৰা ২৭টা স্থানৰ ভিতৰত আছে ১৫টা পাহাৰ, ৫টা আৱাসিক অঞ্চল, ৪টা গিৰিপথ, দুখন নদী আৰু এটা হ্রদ। প্রতিটো স্থানকে চীন, তিব্বতী আৰু পিনয়িন লিপিৰে নাম দি ৰোমান ভাষাৰে মাণ্ডাৰিন চীন ভাষাৰ উচ্চাৰণ দিয়া হৈছে। ইয়াৰ উপৰি দিয়া হৈছে ঠাইবোৰৰ অক্ষাংশ, দ্রাঘিমাংশ আৰু হাই ৰিজলিউশ্যনৰ এখন মানচিত্র।

উল্লেখযোগ্য যে যোৱা বছৰ এপ্রিল মাহতো চীনে অৰুণাচলৰ ৩০ স্থানৰ পুনৰ নামকৰণ কৰিছিল। চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে অৰুণাচলৰ ঠাইৰ পুনৰ নামকৰণৰ প্রথমখন তালিকা প্রকাশ কৰিছিল ২০১৭ চনত।

ইফালে চীনে কৰা অৰুণাচলৰ ঠাইৰ পুনৰ নামকৰণক ভাৰত চৰকাৰে দৃঢ়ভাবে নাকচ কৰে। ভাৰতে কয় যে ভৌগোলিক দাবীৰ ই অসাৰ আৰু ভিত্তিহীন প্রচেষ্টা। ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, 'অৰুণাচল প্রদেশ ভাৰতৰ অখণ্ড আৰু অহস্তান্তৰণীয় অংশ আছিল আছে আৰু সদায়ে থাকিব। সৃষ্টিশীল নামকৰণে এই অনস্বীকার্য বাস্তৱক সলনি কৰিব নোৱাৰে।'
উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ