--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন পত্নী এম্বাৰ হাৰ্ডৰ বিৰুদ্ধে মানহানিৰ গোচৰত জয়ী হৈছে হলিউড অভিনেতা জনী ডেপ। আদালতৰ জুৰীৰ সিদ্ধান্ত মৰ্মে, জনী ডেপে ১৫ মিলিয়ন আৰু এম্বাৰ হাৰ্ডে দুই মিলিয়ন ডলাৰ ক্ষতিপূৰণ লাভ কৰিব। 

স্মৰ্তব্য যে, কাকতৰ স্তম্ভ লিখনিত এম্বাৰ হাৰ্ডে তেওঁৰ প্ৰাক্তন স্বামী জনী ডেপৰ বিৰুদ্ধে ঘৰুৱা হিংসা আৰু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। এম্বাৰ হাৰ্ডৰ বিৰুদ্ধে জনী ডেপে পৰৱৰ্তী সময়ত মানহানিৰ গোচৰ তৰে। জনী ডেপৰ এনে সিদ্ধান্তৰ বাবে এম্বাৰ হাৰ্ডেও ওলোটাই গোচৰ ৰুজু কৰে।

মন কৰিবলগীয়া যে, হলীউডৰ এই তাৰকা দম্পতীৰ বিচ্ছেদ হয় ২০১৭ চনত।  কিন্তু এইবাৰৰ মানহানি গোচৰৰ পৰিপ্ৰেক্ষিতত ছয় সপ্তাহজোৰা শুনানিত তেওঁলোকৰ মাজত থকা তিক্ত সম্পৰ্কৰ বিভিন্ন দিশ পোহৰলৈ আহিছে।

ভাৰ্জিনিয়াৰ আদালতে তাৰকা দম্পতীৰ অশান্ত বিবাহিত জীৱন আৰু ইয়াৰ অসুখী অন্তৰায়ৰ বৰ্ণনা উলিয়াইছে। আদালতৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰিত হোৱা এই গোচৰটোত দৃষ্টি আছিল সমগ্ৰ বিশ্বৰ অগণন লোকৰ। অ’পিনিয়ন সমীক্ষাতো ঘটনাটোৱে বিশেষ গুৰুত্ব পোৱা দেখা গৈছে।

দুয়োপক্ষৰ পৰা লাভ কৰা শুনানিৰ অন্তত বুধবাৰে আদালতৰ ৰায়, ‘মিছ হাৰ্ডৰ অভিযোগ অসত্য আৰু তেওঁ যি কৰিছে সেয়া কু-অভিপ্ৰায়।’ মিছ হাৰ্ডৰ মানহানীকাৰক মন্তব্যই জনী ডেপক সামাজিক আৰু অৰ্থনৈতিকভাৱে আঘাত দিয়া বুলিও যুক্তি আগবঢ়াইছে জনী ডেপৰ অধিবক্তাসকলে।

ৱাশ্বিংটন পোষ্টৰ এটা স্তম্ভত জনী ডেপৰ কথা আঙুলিয়াই দি প্ৰাক্তন পত্নীয়ে তেওঁক হিংসাত্মক অভিযোগ উত্থাপন কৰাৰ পিছতে চাকৰি হেৰুৱাইছিল জনী ডেপে। জনী ডেপৰ অধিবক্তাসকলেও তেওঁৰ সামাজিক কলংকৰ বিষয়টো উত্থাপন কৰিছে। কিন্তু এটা গোচৰত জুৰীয়ে ডেপৰ বিৰুদ্ধে মিছ হাৰ্ডক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰে। য’ত ডেপৰ প্ৰাক্তন অধিবক্তাই ব্ৰিটেইনৰ ডেইলী মেইলত এক বিবৃতি দিছিল।

আদালতৰ ৰায়ৰ প্ৰতি সন্মান জনাই বুধবাৰে এক বিবৃতিত তেওঁ কয় যে, ‘জুৰীয়ে মোক মোৰ জীৱন ঘূৰাই দিছে। মই সঁচাকৈয়ে আপ্লুত হৈ পৰিছো।’ লগতে তেওঁ কয়, ‘সত্যক কেতিয়াও লুকুৱাই থ’ব নোৱাৰি।’

আনহাতে অভিনেত্ৰী এম্বাৰ হাৰ্ডে এক বিবৃতিত জুৰীৰ এই সিদ্ধান্তক ‘হৃদয় বিদাৰক’ বুলি অভিহিত কৰিছে। তেওঁৰ পক্ষত থকা প্ৰমাণক আওকাণ কৰা বুলি দাবী জনাইছে এম্বাৰ হাৰ্ডে। তেওঁ কয়, ‘মইএই কথা শুনি দুখ পাইছো। কিন্তু মই আৰু অধিক দুখী যে মই এজন আমেৰিকান নাগৰিক হিচাপে মুক্তভাৱে কথা কোৱাৰ অধিকাৰ হেৰুৱাই পেলালোঁ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ