--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি, নেতা, ৰাজকীয় লোক আৰু সাধাৰণ শোকাহত লোকে শনিবাৰে এক ধর্মীয় গাম্ভীর্যপূর্ণ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত পোপ ফ্রান্সিছক বিদায় দিয়ে। ছেইন্ট পিটাৰ্ছ স্কোৱাৰত অনুষ্ঠিত আনুষ্ঠানিক উপাসনা অনুষ্ঠানত বহু দেশৰ নেতা আৰু ৰাজকুমাৰসকল উপস্থিত আছিল। পাছত ছেইন্ট মেৰী মেজৰ বেছিলিকালৈ নিওঁতে কাৰাবন্দী আৰু প্ৰব্ৰজনকাৰীসকলে 'পোপক আদৰণি' জনায়। 

অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত প্রায় ২,৫০,০০০ লোক উপস্থিত থাকে। যদিও পোপ ফ্রান্সিছে শক্তিহীনসকলত গুৰুত্ব দিছিল, তথাপি শনিবাৰে তেওঁৰ অন্ত্যেষ্টিক্রিয়াত সাধাৰণ জনতাৰ সৈতে বিশ্বৰ বিভিন্ন দেশৰ ক্ষমতাশালী নেতাসকলৰ উপস্থিতি দেখা গ'ল। অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি জ' বাইডেন, ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কি, ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্টনিঅ' গুটেৰেছ আৰু ব্ৰিটিছ প্রধানমন্ত্রী কেৰ ষ্টাৰ্মাৰৰ লগতে ব্রিটেইনৰ যুৱৰাজ প্রিন্স উইলিয়াম আৰু ইউৰোপীয় ৰাজকীয় লোকৰ সৈতে ১৬০গৰাকী আনুষ্ঠানিক প্রতিনিধি আছিল। 

অনুষ্ঠানত অংশ লৈছিল ২৫০ কার্ডিনেল, ৪০০ বিশ্বপ আৰু বগা সাজ পৰিহিত ৪,০০০ পাদুৰীয়ে। উল্লেখযোগ্য যে আর্জেন্টিনাৰ এই পোপ ফ্রান্সিছে ১২ বছৰ পোপৰ আসনত আছিল আৰু যোৱা সোমবাৰে (২১ এপ্রিল) ৮৮ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল। অন্ত্যেষ্টিক্ৰিয়াৰ পাছত পোপৰ কফিন ৰোম নগৰৰ মাজেৰে ছেইন্ট মেৰী মেজৰ বেছিলিকালৈ লৈ যোৱা হয়। ইয়াতে তেওঁক সমাধিস্থ কৰা হ'ব।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ