--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাৰম্ভিক বিফলতা পাহৰি জয়ৰ পথলৈ উভতি আহিছে চেন্নাই ছুপাৰ কিংছ। ইফালে আনটো দলে অৰ্জন কৰিছে বিফলতাৰ হেট্ৰিক। এফালে, অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত প্লে’অফৰ সপোন দেখিছে চেন্নাই ছুপাৰ কিংছে। আনহাতে, ফাফ ডুপ্লেছি, বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে জয়ৰ পথলৈ উভতিব বিচাৰিছে। কঠিন মেচত সমুখ সমৰত দুই দল। প্লে’অফৰ বাবে যোগ্যতা অৰ্জনকাৰী মেচত জয়ী হ’ব লাগিব দুয়োটা দল।

স্মৰ্তব্য যে, চলিত বৰ্ষৰ আইপিএলৰ আৰম্ভণিৰ পৰাই আশানুৰূপ প্ৰদৰ্শন তুলি ধৰিব পৰা নাই চেন্নাই ছুপাৰ কিংছে। লীগ মেচৰ প্ৰথম ৮খন খেলৰ মাত্ৰ দুখনহে জয়ী হৈছে চেন্নাই। ৰবীন্দ্ৰ জাদেজাই ৮খন খেলৰ পাছত অধিনায়কত্বৰ পৰা আঁতৰি গৈছিল। চেন্নাইক আগুৱাই লৈ যোৱাৰ দায়িত্ব পৰিল ধোনীৰ কান্ধতে।দলৰ স্বাৰ্থত ধোনীয়েও জনাইছিল সন্মতি। নেতৃত্ব গ্ৰহণৰ পাছতে প্ৰথমখন মেচত জয়ী হৈছে চেন্নাই। এই মুহূৰ্তত, চেন্নাইয়ে ৯ খন মেচত ৬ পইণ্ট সংগ্ৰহেৰে নৱম স্থানত আছে।  বাকী থকা ৫খন মেচত জয়ী হ’লে ১৪ খন মেচৰ পৰা ১৬ পইণ্ট লাভ কৰিব চেন্নাইয়ে।

আনহাতে, ভাল-বেয়াৰ মাজেৰেই দিন অতিবাহিত কৰিছে বাংগালুৰুৱে। প্ৰথম ৭খন মেচৰ ৫খনত জয়েৰে ভাল স্থানত আছিল বাংগালুৰু। কিন্তু পৰৱৰ্তী ৩খন মেচত পৰাজিত হোৱাৰ পিছত চাপত আছে বিৰাট বাহিনী। চেন্নাইৰ বিৰুদ্ধে পৰাস্ত হ’লে প্লে-অফৰ সপোন সপোন হৈয়ে ৰ’ব আৰচিবিৰ বাবে।সম্প্ৰতি, বাংগালুৰু ১০ খন মেচত ১০ পইণ্ট সংগ্ৰহেৰে তালিকাৰ পঞ্চম স্থানত আছে। যদি আৰচিবি-এ বাকীথকা ৪খন মেচত জয়ী হয় তেতিয়া ১৪ খন মেচত ১৮ পইণ্ট লাভ কৰিব দলটোৱে।

স্মৰ্তব্য যে, ধোনীৰ প্ৰত্যাৱৰ্তনে অধিক উচ্ছসিত কৰি তুলিছে চেন্নাইৰ ক্ৰিকেটাৰসকলক। ৰিতুৰাজ গায়কৱাড় আৰু ডেভন কনৱেই হায়দৰাবাদৰ বিৰুদ্ধে ভাল বেটিং কৰিছে। বলিঙৰ দিশৰ পৰা ছন্দত আছে মুকেশ চৌধুৰী। ইফালে লাহে লাহে হেৰুৱা ছন্দ উভতাই পাইছে কোহলীয়ে। কোহলীয়ে ফৰ্মলৈ উভতি অহা কথাটোৱে যিদৰে টীম মেনেজমেণ্টক সুখী কৰি তুলিছে তেনেদৰে অধিনায়ক ডু প্লেচি আৰু উইকেটৰক্ষক দীনেশ কাৰ্তিকৰ দুৰ্বল ফৰ্মে উদ্বিগ্ন কৰি তুলিছে।

তেনেস্থলত পৰাজয়ৰ হেট্ৰিক পাহৰি ধোনী বাহিনীৰ বিৰুদ্ধে আকাংক্ষিত বিজয় পাবলৈ সক্ষম হ’ব নে আৰচিবি-এ কিম্বা প্লে’অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’বনে চাৰিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে? সেয়া সময়তহে হ’ব লক্ষ্যণীয়!
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ