--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ উইকেটৰক্ষক-বেটছমেন ঋদ্ধিমান সাহাক অপদস্থ। ভাৰতীয় ক্ৰিকেটাৰগৰাকীক অপদস্থ কৰা সাংবাদিকগৰাকীক দুবছৰৰ বাবে নিষেধাজ্ঞা বিচিচিআইৰ। বিচিচিআইয়ে অভিযুক্ত সাংবাদিকজনৰ নিষেধাজ্ঞাৰ বাবে আইচিচিকো অনুৰোধ জনাব পাৰে বুলি খবৰ ওলাইছে।

বিচিচিআইয়ে বান্ধি দিয়া সময়ছোৱাত ব'ৰ্ডৰ দ্বাৰা আয়োজিত কোনো মেচ বা অনুষ্ঠানৰ ৰেকৰ্ড কৰিব নোৱাৰিব এইগৰাকী সাংবাদিকে। পৰিষদে সকলো ৰাজ্যিক ক্ৰিকেট সংস্থালৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিব বুলি জনাইছে বিচিচিআইয়ে। অভিযুক্ত সাংবাদিকজনক খেলপথাৰত প্ৰৱেশতো বাধা বিচিচিআইৰ। 

কেইদিনমান পূৰ্বে, বৰিয়া মজুমদাৰ নামৰ সাংবাদিকজনক সাক্ষাৎকাৰ দিব নিবিচৰা বাবে ঋদ্ধিমান সাহাক অপদস্থ কৰিছিল তেওঁ। নাম প্ৰকাশ নকৰাকৈ ভাৰতীয় ক্ৰিকেটাৰজনে ছ'চিয়েল মিডিয়াত সংবাদিকৰ মেছেজ ৰাজহুৱা কৰিছিল। ঋদ্ধিমানে মুকলিকৈ এই মেছেজ প্ৰকাশ কৰাৰ পাছতে হৈ চৈ লাগিছিল। আনকি, অভিযুক্ত সাংবাদিকজনে ঋদ্ধিয়ে তেওঁৰ মেছেজৰ বিকৃত স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত পোষ্ট কৰা বুলি দাবী কৰিছিল। পৰৱৰ্তী সময়ত, ঘটনাটোৰ উচিত তদন্তৰ বাবে ব’ৰ্ডে তিনিজনীয়া সমিতি গঠন কৰি দিয়ে। পৰিষদৰ সমিতিয়ে ঋদ্ধিমান আৰু অভিযুক্ত সাংবাদিকৰ সৈতেও মত-বিনিময় কৰিছিল। সকলো তদন্তৰ অন্তত সমিতিখনে আজি চূড়ান্ত প্ৰতিবেদন দাখিল কৰে।

ব'ৰ্ডৰ অনুসন্ধানত ঋদ্ধিমানলৈ প্ৰেৰণ কৰা অভিযুক্ত সাংবাদিকজনৰ বাৰ্তাবোৰ ভাবুকি বা সতৰ্কবাণীৰ সমান বুলি প্ৰকাশ পাইছে। কেইদিনমান পূৰ্বে বিচিচিআইৰ শীৰ্ষ পৰিষদৰ বৈঠকত সেই প্ৰতিবেদনৰ আধাৰত সাংবাদিকজনৰ বিৰুদ্ধে সিদ্ধান্ত লোৱা হৈছিল। বুধবাৰে পৰিষদে তেওঁলোকৰ এই সিদ্ধান্ত মুকলিকৈ প্ৰকাশ কৰিছে। অভিযুক্ত সাংবাদিকজনৰ ওপৰত নিষেধাজ্ঞা বলবৎ কৰিবলৈ বিচিচিআইয়ে সকলো ৰাজ্যিক ক্ৰিকেট সংস্থালৈ নিৰ্দেশনা জাৰী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত