--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ উইকেটৰক্ষক-বেটছমেন ঋদ্ধিমান সাহাক অপদস্থ। ভাৰতীয় ক্ৰিকেটাৰগৰাকীক অপদস্থ কৰা সাংবাদিকগৰাকীক দুবছৰৰ বাবে নিষেধাজ্ঞা বিচিচিআইৰ। বিচিচিআইয়ে অভিযুক্ত সাংবাদিকজনৰ নিষেধাজ্ঞাৰ বাবে আইচিচিকো অনুৰোধ জনাব পাৰে বুলি খবৰ ওলাইছে।

বিচিচিআইয়ে বান্ধি দিয়া সময়ছোৱাত ব'ৰ্ডৰ দ্বাৰা আয়োজিত কোনো মেচ বা অনুষ্ঠানৰ ৰেকৰ্ড কৰিব নোৱাৰিব এইগৰাকী সাংবাদিকে। পৰিষদে সকলো ৰাজ্যিক ক্ৰিকেট সংস্থালৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিব বুলি জনাইছে বিচিচিআইয়ে। অভিযুক্ত সাংবাদিকজনক খেলপথাৰত প্ৰৱেশতো বাধা বিচিচিআইৰ। 

কেইদিনমান পূৰ্বে, বৰিয়া মজুমদাৰ নামৰ সাংবাদিকজনক সাক্ষাৎকাৰ দিব নিবিচৰা বাবে ঋদ্ধিমান সাহাক অপদস্থ কৰিছিল তেওঁ। নাম প্ৰকাশ নকৰাকৈ ভাৰতীয় ক্ৰিকেটাৰজনে ছ'চিয়েল মিডিয়াত সংবাদিকৰ মেছেজ ৰাজহুৱা কৰিছিল। ঋদ্ধিমানে মুকলিকৈ এই মেছেজ প্ৰকাশ কৰাৰ পাছতে হৈ চৈ লাগিছিল। আনকি, অভিযুক্ত সাংবাদিকজনে ঋদ্ধিয়ে তেওঁৰ মেছেজৰ বিকৃত স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত পোষ্ট কৰা বুলি দাবী কৰিছিল। পৰৱৰ্তী সময়ত, ঘটনাটোৰ উচিত তদন্তৰ বাবে ব’ৰ্ডে তিনিজনীয়া সমিতি গঠন কৰি দিয়ে। পৰিষদৰ সমিতিয়ে ঋদ্ধিমান আৰু অভিযুক্ত সাংবাদিকৰ সৈতেও মত-বিনিময় কৰিছিল। সকলো তদন্তৰ অন্তত সমিতিখনে আজি চূড়ান্ত প্ৰতিবেদন দাখিল কৰে।

ব'ৰ্ডৰ অনুসন্ধানত ঋদ্ধিমানলৈ প্ৰেৰণ কৰা অভিযুক্ত সাংবাদিকজনৰ বাৰ্তাবোৰ ভাবুকি বা সতৰ্কবাণীৰ সমান বুলি প্ৰকাশ পাইছে। কেইদিনমান পূৰ্বে বিচিচিআইৰ শীৰ্ষ পৰিষদৰ বৈঠকত সেই প্ৰতিবেদনৰ আধাৰত সাংবাদিকজনৰ বিৰুদ্ধে সিদ্ধান্ত লোৱা হৈছিল। বুধবাৰে পৰিষদে তেওঁলোকৰ এই সিদ্ধান্ত মুকলিকৈ প্ৰকাশ কৰিছে। অভিযুক্ত সাংবাদিকজনৰ ওপৰত নিষেধাজ্ঞা বলবৎ কৰিবলৈ বিচিচিআইয়ে সকলো ৰাজ্যিক ক্ৰিকেট সংস্থালৈ নিৰ্দেশনা জাৰী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ