--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিলে ভাৰতে। অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে পাকিস্তানত চলালে আক্ৰমণ। ভাৰতৰ আক্ৰমণৰ পিছত এতিয়া ভয়ত থৰহৰি কম্পমান পাকিস্তান। 

ভাৰতৰ প্ৰত্যাক্ৰমণৰ পাছতেই নেগুৰ পেলালে পাকিস্তানে। ভাৰতৰ শক্তি দেখি ভয়তে সুৰ সলাইছে পাকিস্তানে। 

পাক প্ৰতিৰক্ষা মন্ত্ৰী খাজা আছিফে ক’লে আমি যুদ্ধ নকৰো। ভাৰতে আক্ৰমণ নকৰিলে আমিও সংযত থাকিম বুলি ক’লে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে। লস্কৰ-ই-তৈবা আৰু জইছ-ই-মহম্মদৰ ঘাটি ধ্বংসৰ পিছতে পাকিস্তান এতিয়া ভয়ত ত্ৰস্তমান।

উল্লেখযোগ্য যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। ইয়াৰ ফলত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হয়, আটাইকেইজনেই আছিল পহলগাম ভ্ৰমণ কৰিবলৈ যোৱা সাধাৰণ পৰ্যটক। ২৬/১১ৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এইটোৱেই আছিল এনে প্ৰথম সন্ত্ৰাসবাদী আক্ৰমণ য’ত ইমান বৃহৎ সংখ্যক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল। ঘটনাৰ ১৫ দিনৰ পাছত ভাৰতে প্ৰতিশোধ লয়। ৬ মে’ৰ গভীৰ নিশা ভাৰতীয় বায়ুসেনাই পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ বিভিন্ন সন্ত্ৰাসবাদী ঘাটি আক্ৰমণ কৰি ধ্বংস কৰে। ভাৰতে এই অভিযানৰ নাম অপাৰেচন সিন্দূৰ ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত