--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পোটক তুলিবলৈ ভাৰতে পাকিস্তানত সন্ত্রাসবাদীৰ ৯টা স্থানত অপাৰেশ্যন সিন্দূৰৰ অংশৰূপে আক্রমণ চলোৱাৰ পাছত উক্ত ঘটনাৰ বাবে পহলগাম কাণ্ডত পীড়িত সকলৰ কিছুৱে প্রতিক্রিয়া প্রকাশ কৰিছে।

উক্ত কাণ্ডত মৃত্যু হোৱা লেফটেনেন্ট বিনয় নৰৱালৰ পিতৃয়ে বুধবাৰে ভাৰতৰ আক্রমণক প্রশংসা কৰি কয়, 'এতিয়া ষড়যন্ত্রকাৰীয়ে তেনে আক্ৰমণ পুনৰ কৰাৰ আগতে ১০০বাৰ ভাবিব।'

আনহাতে পহলগামত স্বামীহাৰা হোৱা ওড়িশাৰ প্ৰিয়া দর্শিনীয়ে কয়, 'মই উৎফুল্লিত, কাৰণ সন্ত্রাসবাদীয়ে এতিয়া মানুহৰ জীৱনৰ মূল্য বুজি পাব।'

পহলগামত সন্ত্রাসবাদীয়ে গুলীয়াই হত্যা কৰা মধ্য প্ৰদেশৰ সুশীল নাথানিয়েলৰ পত্নী জেনিফাৰে কয়, 'যি ঘটিল সেয়া শুদ্ধ, কিন্তু সেই চাৰিটাকো (পহলগাম আক্রমণত জড়িত) হত্যা কৰিব লাগিব।'

ইফালে পহলগামত মৃত্যু হোৱা পশ্চিম বংগৰ সমীৰ গুহৰ পত্নীয়ে কয়, 'আমি অনুৰোধ কৰিম আমাৰ চাৰিওকাষৰ পৰা সন্ত্রাসবাদক উৎখাত নকৰালৈকে আক্রমণ অব্যাহত থাকক।'

আনহাতে পহলগাম আক্ৰমণত নিজৰ পিতৃ, দুজন খুৰাকক হেৰুওৱা মহাৰাষ্ট্ৰৰ হৰ্শল লেলেয়ে অভিযানৰ প্ৰশংসা কৰি কয়, 'আমি আশা কৰোঁ এনে অভিযান অধিক চলক।'

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত