--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পোটক তুলিবলৈ ভাৰতে পাকিস্তানত সন্ত্রাসবাদীৰ ৯টা স্থানত অপাৰেশ্যন সিন্দূৰৰ অংশৰূপে আক্রমণ চলোৱাৰ পাছত উক্ত ঘটনাৰ বাবে পহলগাম কাণ্ডত পীড়িত সকলৰ কিছুৱে প্রতিক্রিয়া প্রকাশ কৰিছে।

উক্ত কাণ্ডত মৃত্যু হোৱা লেফটেনেন্ট বিনয় নৰৱালৰ পিতৃয়ে বুধবাৰে ভাৰতৰ আক্রমণক প্রশংসা কৰি কয়, 'এতিয়া ষড়যন্ত্রকাৰীয়ে তেনে আক্ৰমণ পুনৰ কৰাৰ আগতে ১০০বাৰ ভাবিব।'

আনহাতে পহলগামত স্বামীহাৰা হোৱা ওড়িশাৰ প্ৰিয়া দর্শিনীয়ে কয়, 'মই উৎফুল্লিত, কাৰণ সন্ত্রাসবাদীয়ে এতিয়া মানুহৰ জীৱনৰ মূল্য বুজি পাব।'

পহলগামত সন্ত্রাসবাদীয়ে গুলীয়াই হত্যা কৰা মধ্য প্ৰদেশৰ সুশীল নাথানিয়েলৰ পত্নী জেনিফাৰে কয়, 'যি ঘটিল সেয়া শুদ্ধ, কিন্তু সেই চাৰিটাকো (পহলগাম আক্রমণত জড়িত) হত্যা কৰিব লাগিব।'

ইফালে পহলগামত মৃত্যু হোৱা পশ্চিম বংগৰ সমীৰ গুহৰ পত্নীয়ে কয়, 'আমি অনুৰোধ কৰিম আমাৰ চাৰিওকাষৰ পৰা সন্ত্রাসবাদক উৎখাত নকৰালৈকে আক্রমণ অব্যাহত থাকক।'

আনহাতে পহলগাম আক্ৰমণত নিজৰ পিতৃ, দুজন খুৰাকক হেৰুওৱা মহাৰাষ্ট্ৰৰ হৰ্শল লেলেয়ে অভিযানৰ প্ৰশংসা কৰি কয়, 'আমি আশা কৰোঁ এনে অভিযান অধিক চলক।'

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ