--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাই যিদৰে ২৬/১১ মুম্বাই আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্রকাৰী তাহাউৰ হুছেইন ৰানাক ভাৰতক গতাই দিলে, তেনেদৰে পাকিস্তানেও হাফিজ ছয়ীদ, চাজিদ মীৰ আৰু জাকিউৰ ৰেহ মান লাখৱীৰ দৰে প্ৰধান সন্ত্রাসবাদীবোৰক ভাৰতৰ হাতত গতাই দিয়া উচিত। 

ইজৰাইলত থকা ভাৰতৰ ৰাষ্ট্ৰদূত জে পি সিঙে এইদৰে কয়। সন্ত্রাসবাদ বিশ্বজোৰা এক উপদ্ৰৱ বুলি দাবী কৰি সিঙে ইয়াৰ বিৰুদ্ধে এক আন্তঃৰাষ্ট্ৰীয় মৰ্চা গঠনৰো আহ্বান জনায়। 

ইজৰাইলী টিভি চেনেল আই ২৪-ৰ এটা সাক্ষাৎকাৰত সোমবাৰে সিঙে কয় যে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অপাৰেশ্যন সেন্দূৰৰ 'বিৰতি'হে হৈছে, অন্ত পৰা নাই। 

যিবোৰ ঘটনাৰ পৰিণতিত ভাৰতৰ আক্রমণ সংঘটিত হ'ল সেই ঘটনাবোৰৰ বিষয়ে বৰ্ণনা কৰি সিঙে কয় যে উক্ত অভিযান আছিল পাকিস্তানত থকা সন্ত্রাসবাদী সংগঠনবোৰৰ বিৰুদ্ধেহে। 

২২ এপ্ৰিলৰ পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ বিষয়ে তেওঁ কয়, 'সন্ত্রাসবাদীবোৰে ধৰ্মৰ ভিত্তিত মানুহক হত্যা কৰিছিল। সিহঁতে মানুহসকলক হত্যা কৰাৰ আগতে তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধিছিল আৰু ২৬জন নিৰীহ লোকে প্রাণ হেৰুৱালে।'

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ